• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব নাগালেণ্ড

নাগালেণ্ডত চৰকাৰৰ উদ্যোগত বছৰ জুৰি পতা হ’ব মিনি হৰ্নবিল উৎসৱ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 6, 2018 9:36 pm
rio
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগালেণ্ড চৰকাৰে ৰাজ্যখনৰ জিলাকেইখনত ইয়াৰ বিখ্যাত তথা বৃহত্তম উৎসৱ হৰ্নবিলৰ এটা ক্ষুদ্ৰ সংস্কৰণ আয়োজন কৰাৰ সিদ্ধান্ত লৈছে। এই কথা জানিবলৈ দিছে মুখ্য মন্ত্ৰী নেইফিঅ’ ৰিঅ’ই। ৰাজ্যখনৰ পৰ্য্যটন খণ্ডৰ প্ৰচাৰ-প্ৰসাৰৰ উদ্দেশ্যেই এই মিনি হৰ্নবিল উৎসৱৰ আয়োজন কৰা হ’ব বুলি মুখ্য মন্ত্ৰীজনে জানিবলৈ দিয়ে।

এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে জনজাতীয় হোহোবোৰক গোটেই বছৰ জুৰি তেওঁলোকৰ জনজাতীয় উৎসৱসমূহ উদযাপন কৰাৰ ক্ষেত্ৰত প্ৰয়োজনীয় সমৰ্থন আগ বঢ়াব। ‘উৎসৱটোৱে পৰ্য্যটকসকলক আমাৰ চহকী সংস্কৃতি আৰু পৰম্পৰা দেখা পাব আৰু নাচ আৰু গানবোৰ উপভোগ কৰিব পাৰিব।’ ৰিঅ’ই কয়।

নতুনকৈ গঠিত পি ডি এ চৰকাৰে কোনবোৰ বিষয়ত অধিক মনোযোগ দিছে সেই কথা উল্লেখ কৰি মুখ্য মন্ত্ৰীজনে কয় যে চৰকাৰে পৰ্য্যটন খণ্ডত সৰ্বাধিক গুৰুত্ব দিব, যিটোৱে ৰাজ্যখনৰ অৰ্থনীতি টনকিয়াল কৰিব আৰু সংস্থাপনৰ পথো সৃষ্টি কৰিব।

‘মোৰ চৰকাৰে পৰ্য্যটন খণ্ডক প্ৰচাৰ আৰু প্ৰসাৰ কৰিবলৈ সিদ্ধান্ত কৰিছে। হৰ্নবিল উৎসৱৰ বিশ্বজোৰা খ্যাতি আছে আৰু সেইবাবে আমি আটাইকেইখন জিলাতে মিনি হৰ্নবিল ফেষ্টিভেল পাতিবলৈ ওলাইছো।’ তেওঁ কয়।

মুখ্য মন্ত্ৰী ৰিঅ’ই জনজাতীয় হোহোবোৰক এই উৎসৱ পতাৰ দায়িত্ব ল’বলৈ আহ্বান জনায়, যাৰ বাবে চৰকাৰে প্ৰয়োজনীয় সমৰ্থন আগ বঢ়াব বুলি কয়। তেওঁ লগতে এই জনজাতীয় হোহোবোৰক গোটেই বছৰ ধৰি হস্ততাঁত আৰু হস্তশিল্পৰ বস্তু উৎপাদনত ব্যস্ত হ’বলৈ আহ্বান জনায়, যাতে উৎসৱৰ মেলাত এইবোৰ প্ৰদৰ্শন আৰু বিক্ৰী কৰি আয় কৰিব পাৰে। এই ক্ষেত্ৰত তেওঁলোকক ৰাজপত্ৰিত বিষয়াসকল আৰু সংশ্লিষ্ট চৰকাৰী বিভাগবোৰে সহায় কৰিব বুলি আশা প্ৰকাশ কৰে।

উল্লেখযোগ্য যে মুখ্য মন্ত্ৰীজনে মন টাউনত হোৱা কন্যাক ৰাজপত্ৰিত বিষয়াৰ সংঘৰ ২৭তম বাৰ্ষিক সন্মিলনত এইদৰে কয়।

ৰিঅ’ই লগতে জনায় যে হৰ্নবিল উৎসৱ পাতিবৰ বাবে প্ৰায় ৪-৫ কোটি টকাৰ দৰকাৰ হয়। কিন্তু ইয়াত প্ৰায় ৫১ কোটি টকাৰ ব্যৱসায় হয়। তেওঁ কয় যে চৰকাৰে ট’ৰ অ’পাৰেটৰ, ট্যুৰিষ্ট গাইড আৰু এজেণ্টৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব। ইয়াৰ বাবে ৰাজপত্ৰিত বিষয়াসকলে সমল আৰু লোক কাহিনীৰ সংগ্ৰহ কৰিব, যাতে পৰ্য্যটকসকলে ৰাজ্যখনৰ মহান ইতিহাস আৰু সংস্কৃতিৰ বিষয়ে জানিব পাৰে।

আনহাতে মন টাউনকে ধৰি বিভিন্ন ঠাইত পৰ্য্যটকৰ বাবে অতিথিশালা নিৰ্মাণ কৰা হ’ব বুলিও ৰিঅ’ই কয়। তেওঁ ৰাজ্যখনৰ ভিতৰৰ বায়ুপথৰ সংযোগ কৰাতো গুৰুত্ব আৰোপ কৰে। ইয়াৰ বাবে আঁচনি যুগুত কৰা হৈছে বুলি তেওঁ জনায়। তেওঁ এইবোৰ বিষয়ত সকলোকে চৰকাৰক সহযোগ কৰিবলৈ আহ্বান জনায়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ দাবীত জ্বলি উঠিল যোৰহাট : হাতে হাতে অগ্নিশিখা লৈ ৰাজপথত নামিল হাজাৰ হাজাৰ প্ৰতিবাদকাৰী

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ দাবীত জ্বলি উঠিল যোৰহাট : হাতে হাতে অগ্নিশিখা লৈ ৰাজপথত নামিল হাজাৰ হাজাৰ প্ৰতিবাদকাৰী

September 17, 2025 3:33 pm
দিল্লীত মদ কিনাৰ ন্যূনতম বয়স ৪ বছৰ হ্ৰাস কৰিলে বিজেপি চৰকাৰে! বিতৰ্কৰ উদ্ভৱ…

দিল্লীত মদ কিনাৰ ন্যূনতম বয়স ৪ বছৰ হ্ৰাস কৰিলে বিজেপি চৰকাৰে! বিতৰ্কৰ উদ্ভৱ…

September 17, 2025 3:30 pm
উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে গেংষ্টাৰ ছোটা ৰাজনৰ জামিন আবেদন

উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে গেংষ্টাৰ ছোটা ৰাজনৰ জামিন আবেদন

September 17, 2025 2:19 pm
ষ্টেট বেংকত সেনাৰ পোছাক পৰিহিত ডকাইত! ৫৮ কেজি সোণ আৰু ৮ কোটি টকা লুটপাত

ষ্টেট বেংকত সেনাৰ পোছাক পৰিহিত ডকাইত! ৫৮ কেজি সোণ আৰু ৮ কোটি টকা লুটপাত

September 17, 2025 1:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ দাবীত জ্বলি উঠিল যোৰহাট : হাতে হাতে অগ্নিশিখা লৈ ৰাজপথত নামিল হাজাৰ হাজাৰ প্ৰতিবাদকাৰী

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ দাবীত জ্বলি উঠিল যোৰহাট : হাতে হাতে অগ্নিশিখা লৈ ৰাজপথত নামিল হাজাৰ হাজাৰ প্ৰতিবাদকাৰী

September 17, 2025 3:33 pm
দিল্লীত মদ কিনাৰ ন্যূনতম বয়স ৪ বছৰ হ্ৰাস কৰিলে বিজেপি চৰকাৰে! বিতৰ্কৰ উদ্ভৱ…

দিল্লীত মদ কিনাৰ ন্যূনতম বয়স ৪ বছৰ হ্ৰাস কৰিলে বিজেপি চৰকাৰে! বিতৰ্কৰ উদ্ভৱ…

September 17, 2025 3:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd