নাগালেণ্ডৰ দীৰ্ঘদিনীয়া উগ্ৰবাদৰ সমস্যা সমাধানৰ পথত : ৰাষ্ট্ৰপতি কোৱিন্দ

ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে ১ ডিচেম্বৰত হৰ্ণবিল মহোৎসৱ উদ্বোধন কৰি কয় যে নাগালেণ্ডৰ দীৰ্ঘদিনীয়া ৰাজনৈতিক সমস্যা সমাধানৰ ‘ইতিহাস সৃষ্টিৰ’ ক্ষণত উপনীত হৈছে।

‘’যোৱা অৰ্ধ শতিকা নাগালেণ্ড বিকাশ আৰু জটিলতাৰ মাজেৰে কটাইছে। ৰাজ্যখনৰ জনসাধাৰণে বহু জটিলতাৰে সময় পাৰ কৰিছে। কিন্তু তেওঁলোকৰ প্ৰতিভা, বুদ্ধিমত্তা আৰু সৰলতা অতি প্ৰশংসনীয়। কেইবাবছৰ ধৰি চলা উগ্ৰবাদ সমস্যাৰ ক্ষেত্ৰত এক আশাৰ সঞ্চাৰ হৈছে’’-ৰাষ্ট্ৰপতি গৰাকীয়ে কয়।

ৰাজ্যখনৰ জনসাধাৰণৰ সহযোগত শান্তি প্ৰতিষ্ঠাৰ সুযোগ অহাৰ কথা স্বীকাৰ কৰি ৰাষ্ট্ৰপতি গৰাকীয়ে এই ক্ষেত্ৰত আগবাঢ়ি অহাৰ বাবে নগা গোটসমূহক আদৰণি জনায়।

‘’মই দৃঢ় বিশ্বাসী যে সকললোৰে আশা আকাঙ্খা পূৰণ কৰিব পৰাকৈ এখন সৰ্বসন্মত চুক্তি শীঘ্ৰেই সম্পাদন হ’ব,’’ –ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে।

বৰ্তমানৰ ‘বিৰোধীশূন্য’’ নাগালেণ্ড চৰকাৰখনৰ কথা উল্লেখ কৰি তেওঁ কয় যে এইটো এটা অভূতপূৰ্ব পৰিস্থিতি যিয়ে দীৰ্ঘদিনীয়া ৰাজনৈতিক সমস্যাবোৰ সমাধান কৰাৰ এক সুযোগ আনি দিয়াৰ লগতে স্থায়ী শান্তি প্ৰতিষ্ঠা আৰু উন্নয়নৰ প্ৰক্ৰিয়া তৰান্বিত কৰাৰ তথা সংস্থান- সংস্থাপন সৃষ্টিৰ সুযোগো আনি দিছে।

‘’ নাগালেণ্ড ইয়াৰ বাবে উপযুক্ত, আপোনালোক সকলোৱে আৰু ৰাজ্যখনৰ যুৱ প্ৰজন্ম ইয়াৰ বাবে যোগ্য,’’—তেওঁ দোহাৰে।