নাগালেণ্ড মন্ত্ৰীসভাৰ ছজনক বৰ্খাস্ত, ছজনক নতুনকৈ অন্তৰ্ভুক্ত

নাগালেণ্ডৰ ৰাজনীতিত নতুন মোৰ দি ছজনকৈ মন্ত্ৰীক মন্ত্ৰী পৰিষদৰ পৰা বৰ্খাস্ত কৰাৰ পিছত নাগালেণ্ডৰ মুখ্য মন্ত্ৰী টি আৰ জেলিয়াঙে আজি তেওঁৰ মন্ত্ৰীসভাখনৰ কিছু সালসলনি কৰে। বৰ্খাস্ত কৰাকেইজনৰ ঠাইত আজি নতুনকৈ ছজনক অন্তৰ্ভুক্ত কৰা হয়। ইয়াৰে পাঁচজন এ পি এফৰ বিধায়ক আৰু এজন বিজেপিৰ। নতুন মন্ত্ৰীকেইজনৰ নাম হ’ল ক্ৰমে এছ আই জমিৰ, পি লংগন, কুঝলুজ’ নেইনু, চি জন, পি পাইৱাং কন্যাক আৰু ৱাই ভিখেহো চু। ৰাজ্যপাল পি বি আচাৰ্য্যই আজি তেওঁলোকক কহিমাত থকা ৰাজভৱনত পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱায়। শপতগ্ৰহণ অনুষ্ঠানটোত মুখ্য মন্ত্ৰী জেলিয়াং আৰু অন্যান্য মন্ত্ৰীসকল, উপদেষ্টাসকল, সংসদীয় সচিবসকল, আৰু ৰাজ্য চৰকাৰৰ অন্যান্য উচ্চখাপৰ বিষয়াসকল তথা বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকল উপস্থিত আছিল।  জানিব পৰা মতে সংসদীয় সচিব আৰু উপদেষ্টাসকলৰ মাজত ব্যাপক সালসলনি ঘটোৱাৰ সম্ভাৱনা আছে।

কোৱা প্ৰয়োজন যে যোৱা ১৪ ডিচেম্বৰত জেলিয়াঙে তেওঁৰ মন্ত্ৰীসভাৰ চাৰিজনকৈ মন্ত্ৰীক বৰ্খাস্ত কৰাৰ লগতে কালি আন দুজনক বৰ্খাস্ত কৰিছিল। জেলিয়াঙে তেওঁৰ চৰকাৰী কাৰ্য্যালয়ত সাংবাদিকৰ সৈতে মত বিনিময় কৰোঁতে কয় যে এন পি এফৰ সকলো নিৰ্বাচিত সদস্যই ড০ শ্বুৰহোজেলি লেইজেইটচুৰ সভাপতিত্ব আৰু তেওঁৰ মুখ্য মন্ত্ৰিত্বৰ অধীনত কোনো বিৰোধ অবিহনে থাকিবলৈ আৰু কাম কৰি যাবলৈ শপত খাইছে। কিন্তু তেওঁ কেইজনমান কেবিনেট মন্ত্ৰীয়ে যোৱা ১৩ ডিচেম্বৰত ক’হিমাৰ এখন হোটেলত বৈঠক অনুষ্ঠিত কৰাত তেওঁ আচৰিত হৈছে। যেতিয়া তেওঁ শ্বুৰহোজেলিক এই বিষয়ে সোধে, তেওঁ এনেকুৱা কোনো মিটিং আহ্বান কৰা নাছিল বুলি কয়। ৰাজ্যসভাৰ সাংসদ এম পি কে জি কেনিৰ তেওঁক ওফৰাবলৈ কৰা ষড়যন্ত্ৰত জড়িত থকা সন্দৰ্ভত জেলিয়াঙে কয় যে কেনিয়ে ১৬ জন বিধায়কক লগ কৰিছিল আৰু তেওঁলোকক শ্বুৰহোজেলি বৈঠকখনত উপস্থিত থাকিব বুলি কৈছিল। কিন্তু যেতিয়া শ্বুৰহোজেলিক তাত নেদেখিলে তেতিয়া কেইজনমান বিধায়কে তাৰ পৰা গুচি যায়।