নাগৰিকত্ব আইনৰ সংশোধনী নিবিচাৰে অসম সত্ৰ মহাসভাই

অসম সত্ৰ মহাসভা

প্ৰতিনিধিত্বমূলক : ফাইল ফটো

অসমৰ ৰাইজৰ স্বাৰ্থৰ পৰিপন্থী কোনো কাম অসম সত্ৰ মহাসভাই কেতিয়াও কৰা নাই আৰু ভৱিষ্যতলৈও নকৰে। সত্ৰ মহাসভাৰ নিলম্বিত প্ৰধান সম্পাদক কুসুম কুমাৰ মহন্তই যুটীয়া সংসদীয় সমিতিৰ ওচৰত হিন্দু বাংলাদেশীৰ পক্ষত দাখিল কৰা স্মাৰক –পত্ৰ প্ৰত্যাহাৰ কৰিবলৈ সমিতিক অনুৰোধ জনাই যোৱা ২৪ এপ্ৰিলত এখন নতুন স্মাৰক-পত্ৰ সমিতিৰ অধ্যক্ষক প্ৰদান কৰিছিল।

উক্ত স্মাৰক-পত্ৰ প্ৰদান কৰি সত্ৰ মহাসভাৰ তিনিজনীয়া প্ৰতিনিধিৰ এটা দলে নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতি সত্ৰ মহাসভাৰ সমৰ্থন নথকা বুলি সমিতিৰ আগত স্থিতি স্পষ্ট কৰে।

শুকুৰবাৰে এখন সংবাদ মেলত অসম সত্ৰ মহাসভাৰ সভাপতি জিতেন্দ্ৰ নাথ প্ৰাধানীয়ে এই কথা সদৰী কৰে। তেওঁ কয় যে অসমে কেতিয়াও হিন্দু বাংলাদেশীৰ বোজা নলয়। হিন্দুৱেই হওক বা মুছলমানেই হওক ১৯৭১ চনৰ ২৫ মাৰ্চচৰ পিছত অহা সকলো অবৈধ বিদেশী নাগৰিকে অসম এৰিবই লাগিব। এই ক্ষেত্ৰত জাতীয় সংগঠনসমূহৰ লগতে অসমৰ জনসাধাৰণক বিভ্ৰান্ত নহ’বলৈ অসম সত্ৰ মহাসভাৰ তৰফৰ পৰা সভাপতি প্ৰাধানীয়ে আহ্বান জনাইছে।

অসম সত্ৰ মহাসভাই নিলম্বিত প্ৰধান সম্পাদক কুসুম মহন্তই হিন্দু বাংলাদেশী সংস্থাপনৰ সপক্ষে যুটীয়া সংসদীয় সমিতিক প্ৰদান কৰা স্মাৰক-পত্ৰখন সত্ৰ মহাসবাৰ নহয়, তেওঁৰ ব্যক্তিগত বুলি দাবী কৰি স্মাৰক-পত্ৰখন নাকচ কৰিবলৈ দাবী জনায়।

আনহাতে, সত্ৰ মহাসভাই নতুনকৈ প্ৰদান কৰা স্মাৰক-পত্ৰখন সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰাৰ পৰা বিৰত থাকে। সত্ৰ মহাসভাৰ এই স্থিতিয়ে ৰহস্যৰ সৃষ্টি কৰিছে।