নাগৰিকত্ব আইন সংশোধনী বিল আনিলে অসমৰ পৰিস্থিতি অগ্নিগৰ্ভ হ’ব : হীৰেন গোহাঁই

On behalf of conscious citizens, Guwahati, Scholar Hiren Gohain with other dignitaries addressing media at Guwahati Press club in Guwahati on 16-12-17. Pix by UB Photos

‘অসমৰ মানুহৰ কথা সমূলি অৱজ্ঞা কৰি নাগৰিকত্ব আইন সংশোধনী বিল ২০১৬ আনিলে অসমৰ পৰিস্থিতি অগ্নিগৰ্ভ হ’ব।‘ এই কথা আজি এখন সংবাদমেলত প্ৰকাশ কৰে ৰাজ্যৰ বিশিষ্টি বুদ্ধিজীৱী তথা পণ্ডিত হীৰেন গোহাঁয়ে। তেওঁ কয় যে যদি বিলখন পাছ কৰা হয়, তেন্তে বাংলাদেশ, পাকিস্তান, আফগানিস্তানৰ পৰা ধৰ্মীয় উৎপীড়নৰ পৰা সাৰিবৈ ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰা হিন্দু প্ৰব্ৰজনকাৰীসকলৰ বাবে ই ভাৰতীয় নাগৰিকত্বৰ বাট মুকলি কৰিব। এই কথাটোৱে ৰাজ্যখনৰ বিভিন্ন খিলঞ্জীয়া সম্প্ৰদায়বোৰলৈ এক গভীৰ সংকট নমাই আনিব।

উল্লেখযোগ্য যে সংবাদ মাধ্যমত প্ৰচাৰিত খবৰ মতে নাগৰিকত্ব সংশোধনী বিলখন সংসদৰ চলিত শীতকালীন অধিৱেশনৰ সময়তে অনুমোদনৰ বাবে উত্থাপন হোৱাৰ কথা।

‘এইটো সকলোৰে জ্ঞাত যে বিলখন যুটীয়া সংসদীয় কমিটিলৈ প্ৰেৰণ কৰা হৈছে, যি কমিটিয়ে এতিয়াও অসমৰ মানুহৰ মত ল’বলৈ বাকী। ৰাজহুৱা মত লোৱাৰ এই প্ৰক্ৰিয়াটো যেতিয়া অসমৰ এটা বা দুটা সংগঠনৰ মত শুনিয়েই সামৰি থোৱা হৈছিল, তেতিয়া অসমত ইয়াৰ ব্যাপক অসন্তুষ্টি আৰু প্ৰতিবাদ হৈছিল। ইয়াৰ পিছতে কমিটিখনে অসমৰ সংশ্লিষ্ট দল-সংগঠন তথা সাধাৰণ লোকৰ মত ল’বলৈ অসমলৈ অহাৰ পৰিকল্পনাৰ কথা ঘোষণা কৰিছিল। কমিটিখনে তাৰ তাৰিখো ঘোষণা কৰিছিল, কিন্তু পিছত সেয়া স্থগিত ৰাখিলে। এইটোৱেই প্ৰমাণ কৰে যে বিজেপিৰ চৰকাৰখন অসমৰ মানুহৰ স্থিতিক লৈ অলপো চিন্তিত নহয়। চৰকাৰে অসমৰ মানুহক এই বিষয়টোত প্ৰায় আন্ধাৰতে ৰাখিছে। এইটো গণতন্ত্ৰৰ লক্ষণ নহয়।’’ ড০ গোহাঁয়ে কয়।

সংবাদমেলখনত সচেতন নাগৰিকৰ এটা গোটে আজি এটা প্ৰেছ বিজ্ঞপ্তিত এই নাগৰিকত্ব সংশোধনী বিলখন প্ৰত্যাহাৰ কৰিবলৈ দাবী তোৱে আৰু সকলো পক্ষকে অসমীয়াৰ অনুভূতিৰ ওপৰত চলোৱা এই আতিশয্যৰ বিৰোধিতা কৰিবলৈ তথা বাধা দিবলৈ আহ্বান জনাইছে।

‘অসমৰ মানুহে ইতিপূৰ্বে এখন ত্ৰুটিহীন এন আৰ চি প্ৰস্তুত আৰু সম্পূৰ্ণ কৰাৰ দাবীত আন্দোলন কৰি আহিছে। অসমৰ মানুহে আৰু এই লাখ লাখ অতিৰিক্ত মানুহৰ বোজা ল’বলৈ সাজু নহয়। ই অসমৰ জনগাঁথনিক একেবাৰে সলাই পেলাব। তাৰোপৰি ই ৰাজ্যখনৰ মানুহৰ গণতান্ত্ৰিক অধিকাৰক ভৰিৰে মোহাৰি পেলাব তথা খিলঞ্জীয়া লোকৰ ওপৰত এটা ঐতিহাসিক অন্যায় জাপি দিয়া হ’ব।’ সচেতন নাগৰিকৰ গোটটোৱে প্ৰকাশ কৰা বিজ্ঞপ্তিখনত এইদৰে কোৱা হয়। উক্ত প্ৰেছ বিজ্ঞপ্তিখনত ড০ হীৰেন গোহাঁইৰ উপৰি অধ্যাপক উদয়াদিত্য ভৰালী, হৰেকৃষ্ণ ডেকা, অধ্যাপক অপূৰ্ব বৰুৱা, ড০ দীনেশ বৈশ্য, জ্যোতিপ্ৰসাদ শইকীয়া, হাইদৰ হুচেইন, অধ্যাপক মনোৰমা শৰ্মা, ড০ দিলীপ বৰা, মনজিৎ মহন্ত, শান্তনু বৰঠাকুৰ আৰু দেৱেন তামুলীয়ে স্বাক্ষৰ কৰে।