নাগৰিকত্ব বিধেয়ক সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ডিমাপুৰত ঐক্যবদ্ধ হ’ল পূৰ্বোত্তৰৰ মানৱাধিকাৰ সংগঠন

ড়িমাপুৰ বৈঠক

নাগৰিকত্ব সংশোধনী বিধেয়ক২০১৬’ বাতিলৰ দাবীত এইবাৰ উত্তৰ পূৰ্বাঞ্চলৰ মানৱাধিকাৰ আৰু সামাজিক সংগঠনসমূহে ঐক্যবদ্ধভাৱে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব। শনিবাৰে ডিমাপুৰত অনুষ্ঠিত উত্তৰ পূৰ্বাঞ্চলৰ ২১ টা সংগঠনৰ এখন বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

উক্ত বৈঠকত উত্তৰ পূৰ্বাঞ্চলৰ মানৱাধিকাৰ আৰু সামাজিক সংগঠনসমূহে বিধেয়কখনৰ বিৰুদ্ধে দিল্লীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ডিমাপুৰত অনুষ্ঠিত এই বিশেষ বৈঠকত উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্যৰ লগতে অসমৰো কেইবাটাও মানৱাধিকাৰ আৰু সামাজিক সংগঠনৰ নেতাই অংশগ্ৰহণ কৰে।

অসমৰ পৰা অসম আন্দোলন সংগ্ৰামী মঞ্চৰ কুমাৰ দীপক দাস, খিলঞ্জীয়া মঞ্চ তথা আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়া, লাচিত বৰদলৈ, দিলীপ পাটগিৰি, কাৰ্বি আংলঙৰ পৰা জন ইংতি কাথাৰ আৰু মটক সন্মিলনৰ কাজল গোহাঁই উপস্থিত আছিল।

মেঘালয় আৰু মিজোৰমাৰ বহুকেইটা সংগঠনে নাগৰিকত্ব সংশোধনী বিধেয়ক২০১৬’ বাতিলৰ দাবীত ঐক্যবদ্ধ সংগ্ৰমাৰ অংশীদাৰ হোৱাৰ প্ৰতিশ্ৰুতি দি লিখিত বক্তব্য আগবঢ়োৱাৰ উপৰি মণিপুৰৰ কেইবাটাও সমগঠনৰ নেতা বৈঠকত উপস্থিত থাকে।

ডিমাপুৰৰ বৈঠকত যোগদান কৰা সংগঠনসমূহৰ উপৰিও আন বহু উত্তৰ পূৰ্বাঞ্চলৰ মানৱাধিকাৰ আৰু সামাজিক সংগঠনে যোগদান কৰিব বুলি জানিব দিয়ে মানৱাধিকাৰ কৰ্মী লাচিত বৰদলৈয়ে। ডিমাপুৰৰ বৈঠকতে এখন সমন্বয়ৰক্ষী সমিতিও গঠন কৰা হৈছে।

ডিমাপুৰৰ বৈঠকত বিধেয়কখনক সাম্প্ৰদায়িক বুলি অভিহিত কৰি ধৰ্মৰ ভিত্তিত নাগৰিকত্ব প্ৰদান কৰাটো গ্ৰহণযোগ্য নহয় বুলি মত পোষণ কৰা হয়। বৈঠকত প্ৰস্তাৱ গ্ৰহণ কৰা হয় যে বিধেয়কখন অসাংবিধানিক আৰু খিলঞ্জীয়া বিৰোধী। গতিকেই বিধেয়কখনৰ বিৰুদ্ধে উত্তৰ পূৰ্বাঞ্চলৰ মানৱাধিকাৰ আৰু সামাজিক সংগঠনসমূহে ঐক্যবদ্ধভাৱে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব।