নাগৰিকত্ব বিধেয়ক : সোণোৱালৰ ওপৰত চৰকাৰৰ ভিতৰ, বাহিৰ দুয়োফালৰ পৰাই হেঁচা

মুখ্য মন্ত্ৰী

নাগৰিকত্ব আইন সংশোধনী বিধেয়ক, ২০১৬-ক কেন্দ্ৰ কৰি অসমত সৃষ্টি হোৱা সামাজিক-ৰাজনৈতিক পৰিস্থিতিয়ে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ওপৰত তীব্ৰ হেঁচাৰ সৃষ্টি কৰা দেখা গৈছে। কেৱল বিৰোধী অৰ্থাৎ, চৰকাৰৰ বাহিৰৰ পৰাই নহয়, চৰকাৰৰ ভিতৰৰ পৰাও এই হেঁচাৰ সন্মুখীন হৈছে মুখ্য মন্ত্ৰীজন। চৰকাৰত থকা মৰ্চাৰ অংশীদাৰী দল অগপৰ স্থিতিয়ে এক প্ৰকাৰৰ বিব্ৰত কৰি ৰাখিছে একালৰ অগপৰ নেতাজনক। নিজ দলৰ বিধায়ক দিচপুৰ সমষ্টিৰ অতুল বৰা, প্ৰাক্তন সাংসদ বিজয়া চক্ৰৱৰ্তী, দলৰ নেত্ৰী মীৰা বৰঠাকুৰ আদিয়ে স্পষ্টকৈ বিধেয়কখনৰ বিৰোধিতা কৰি মুখ্য মন্ত্ৰীক অধিক বিব্ৰত কৰিছে।

যদিও সোণোৱালে অলপতে জাতিৰ স্বাৰ্থতকৈ মুখ্য মন্ত্ৰীৰ গাদী ডাঙৰ নহয় বুলি এটা কূটনৈতিক মন্তব্যৰে নাগৰিকত্ব সংশোধনী বিধেয়কে সৃষ্টি কৰা পৰিস্থিতি সাৰি যাবলৈ চেষ্টা কৰিছে, তেওঁৰ সন্মুখত যে এই পৰিস্থিতিটো ‘বলে নোৱৰা শিল’, তেওঁ নুবুজাকৈ থকা নাই।

আনহাতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিষয়টো আলোচনা কৰিবৰ বাবে বিধানসভাৰ বিশেষ অধিৱেশন অনুষ্ঠিত কৰাৰ দাবী জনাইছে শাসক-বিৰোধী ৰাজনৈতিক দলবোৰে। বিশেষকৈ কংগ্ৰেছ, অগপ, এ আই য়ু ডি এফে বিধানসভাৰ বিশেষ অধিৱেশন অনুষ্ঠিত কৰাৰ দাবীত আঁকোৰগোঁজ হৈ আছে। কংগ্ৰেছে কৈছে যে অসমৰ মাটি বাংলাদেশক অৰ্পণ কৰি অসমৰ স্বাৰ্থক জলাঞ্জলি দিয়াৰ বাবে ইউ পি এ চৰকাৰে চেষ্টা চলোৱা বুলি অভিযোগ উঠাৰ সময়ত বিৰোধী দলে বিধানসভাৰ বিশেষ অধিৱেশন দাবী কৰামতেই ৰাজ্যত ক্ষমতাত থকা কংগ্ৰেছ চৰকাৰে এদিনীয়া বিশেষ অধিৱেশন অনুষ্ঠিত কৰি বিষয়টো আলোচনাৰ সুযোগ দিছিল শাসকীয়-বিৰোধীৰ জনপ্ৰতিনিধিসকলক।

এতিয়া এই বিতৰ্কিত তথা সমগ্ৰ ৰাজ্যতে ধুমুহাৰ সৃষ্টি কৰা বিধেয়কখন সম্পৰ্কত একেই দাবী উত্থাপন হোৱাৰ সময়ত মুখ্য মন্ত্ৰী সোণোৱালে এই দাবীটো অগ্ৰাহ্য কৰাটো গণতান্ত্ৰিক ব্যৱস্থাটোৰ প্ৰতি অসন্মান প্ৰদৰ্শনৰ সমাৰ্থক হ’ব। এই দাবী বিৰোধী দলবোৰৰ। বিশেষকৈ যি সময়ত চৰকাৰৰ অংশীদাৰ দল এটায়ো এই দাবী কৰি আহিছে।

উল্লেখযোগ্য যে বিধানসভাৰ অধ্যক্ষৰ ওচৰত বিশেষ অধিৱেশন অনুষ্ঠিত কৰাৰ দাবী উত্থাপিত হ’লেও মুখ্য মন্ত্ৰীৰ পৰামৰ্শ অনুসৰিহে ৰাজ্যপাল আৰু অধ্যক্ষই বিধানসভাৰ অধিৱেশনৰ আহ্বান জনায়।