নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰত্যাহাৰৰ দাবীত বৰপেটাত কৃষক মুক্তিৰ অনশন

প্ৰতিনিধিত্বমূলক ছবি

নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰত্যাহাৰৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আজি বৰপেটা জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপত পুৱা ৯ বজাৰ পৰা বিয়লি ৪ বজালৈ অনশন কাৰ্যসূচী ৰূপায়ণ কৰে।

অনশনত অংশগ্ৰহণ কৰা শতাধিক কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিৰ নেতা-কৰ্মীসকলে মোদী চৰকাৰ হায় হায়, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰিব লাগিবই, অসমত হিন্দু বাংলাদেশীক সংস্থাপন কৰিবলৈ দিয়া নহ’ব, ধৰ্মৰ নামত ৰাজনীতি বন্ধ কৰিব লাগিবই আদি বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে।

উক্ত প্ৰতিবাদত কৃষক মুক্তিৰ জিলা সভাপতি নিৰঞ্জন ৰয় আৰু ৰফিকুল ইছলাম, কাৰ্যকৰী সভাপতি মাধৱ দাস, সহ-সম্পাদক কাজী নাজিমুল হক আৰু ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি আশ্ৰাফুল ইছলামে অংশগ্ৰহণ কৰি কেন্দ্ৰৰ মোডী চৰকাৰ আৰু ৰাজ্যৰ সোণোৱাল চৰকাৰক তীব্ৰ সমালোচনা কৰে।

বিদেশীমুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰুতিৰে শাসনত অধিষ্ঠিত হোৱা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰখনে অসমৰ বিদেশী বহিষ্কৰণৰ পৰিৱৰ্তে নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে বিদেশীক আদৰাত উঠি-পৰি লগাৰ লগতে অসমীয়া জাতি আৰু জাতীয়তাবাদক নিশেষ কৰি অসমত হিন্দুত্ববাদ প্ৰতিষ্ঠা কৰাত  নামি পৰিছে বুলিও নেতাকেইগৰাকীয়ে মন্তব্য কৰে।

অসমীয়াক সংখ্যালঘুত পৰিণত কৰিব বিচৰা নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিবাদত ৰাজ্যৰ বিভিন্ন দল-সংগঠনে তীব সংগ্ৰাম গঢ়ি তোলাৰ পিছতো যদি মোদী চৰকাৰে এই বিতৰ্কিত বিধেয়কখন প্ৰত্যাহাৰৰ সিদ্ধান্ত নলয় তেন্তে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অসমৰ ৰাইজৰ সহযোগত বিদেশী আৰু আৰ এছ এছক অসমৰ পৰা চিৰদিনৰ বাবে বিদায় দিব বুলিও নেতাকেইগৰাকীয়ে হুংকাৰ দিয়ে।

সংগঠনটোৱে অনশন কাৰ্যসূচীৰ অন্তত জিলা উপায়ুক্তৰ জৰিয়তে নাগৰিকত্ব সংশোধনী বিধেয়কখন প্ৰত্যাহাৰৰ দাবীত দেশৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে।