নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ২৯ মে’ত আছুৰ নেতৃত্বত ২৮ টা জনগোষ্ঠীয় সংগঠনৰ গণ অনশন

AASU

আছুৰ নেতত্বতে ২৮ টা জনগোষ্ঠীয় সংগঠনে ২৯ মে'ত গুৱাহাটীত ৰূপায়ন কৰিব গণ অনশন। ফাইল ফটোত আছুৰ নেতৃত্ব

অসমৰ অবৈধ বাংলাদেশীক ৰক্ষণাবেক্ষণ দিবলৈ অসম চুক্তি উলংঘা কৰি কেন্দ্ৰীয় চৰকাৰে প্ৰস্তুত কৰা জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিল ২০১৬ বাতিল কৰাৰ লগতে অসম চুক্তি সময় নিৰ্ধাৰিত কাৰ্যসূচীৰে ৰূপায়ণ কৰা, অসম চুক্তিৰ আধাৰত অসমৰ খিলঞ্জীয়া মানুহক সাংবিধানিক ৰক্ষাকৱচ প্ৰদানকৰা, ভাৰত-বাংলাদেশ সীমান্ত শীঘ্ৰেই ছীল কৰা, অসম চুক্তিৰ আধাৰত অবৈধ বাংলাদেশীক বহিষ্কাৰ কৰিবলৈ ভাৰত চৰকাৰ আৰু বাংলাদেশ চৰকাৰৰ মাজত দ্বিপাক্ষিক চুক্তি সম্পাদন কৰাৰ দাবীত সদৌ অসম ছাত্ৰ সন্থা আৰু ৰাজ্যখনৰ ২৮টা জনগোষ্ঠীয় সংগঠনে অহা ২৯ মে’ত গুৱাহাটীত গণ অনশনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে।

২৯ মে’ৰ পুৱা ৬ বজাৰ পৰা বিয়লি ৫ বজালৈ গুৱাহাটীৰ চানমাৰিৰ অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত এই গণ অনশন ৰূপায়ন কৰা হ’ব। আছু আৰু ২৮টা জনগোষ্ঠীয় সংগঠনে ৰাইজক এই গণ অনশনত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ কৰিছে।

সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে ছাত্ৰ সন্থা আৰু ২৮টা জনগোষ্ঠীয় সংগঠনে যৌথভাৱে গ্ৰহণ কৰা গণ অনশনৰ কাৰ্যসূচীত সকলোকে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।

উল্লেখযোগ্য যে সদৌ অসম ছাত্ৰ সন্থা, সদৌ অসম ট্ৰাইবেল সংঘ, নিখিল বড়ো ছাত্ৰ সন্থা, নিখিল ৰাভা ছাত্ৰ সন্থা, সদৌ মিচিং ছাত্ৰ সন্থা, সদৌ তাই আহোম ছাত্ৰ সন্থা, সদৌ তিৱা ছাত্ৰ সন্থা, মিচিং মিমাগ কেবাং, সদৌ কোঁচ-ৰাজবংশী ছাত্ৰ সন্থা, সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলন, সদৌ মৰাণ ছাত্ৰ সন্থা, সদৌ অসম দেউৰী ছাত্ৰ সন্থা, কাৰ্বি ছাত্ৰ সন্থা, সদৌ ডিমাচা ছাত্ৰ সন্থা, সদৌ অসম চুতীয়া ছাত্ৰ সন্থা, সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থা, সদৌ অসম মদাহী ছাত্ৰ সন্থা, সদৌ অসম ট্ৰাইবেল যুৱ লীগ, অসম চাহ জনজাতি ছাত্ৰ সন্থা, সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, সদৌ অসম হাজং ছাত্ৰ সন্থা, মেছ কছাৰী জাতীয় পৰিষদ, সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ, সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থা, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, কাৰ্বি ছাত্ৰ সন্থা, তিৱা যুৱ ছাত্ৰ সন্থা, সদৌ অসম কাৰ্বি ছাত্ৰ সন্থা, উত্তৰ কাছাৰ পাৰ্বত্য জিলা খিলঞ্জীয়া ছাত্ৰ ফেডাৰেশ্যনে ঐক্যবদ্ধভাৱে এই গণ অনশনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে।

অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ স্বাৰ্থত ঐক্যবদ্ধভাৱে সংগ্ৰামৰ বাবে আছুৰ নেতৃত্বত ৰাজ্যখনৰ ২৮ টা জনগোষ্ঠীয় সংগঠনে ইতিমধ্যে কেইবাটাও আন্দোলনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে।