• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাবালিকাক দলবদ্ধ ধৰ্ষণৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ : স্থানীয় ৰাইজে লণ্ডভণ্ড কৰিলে অভিযুক্তৰ ঘৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 25, 2018 9:32 am
24-03-18-Guwahati-AIDSO-rally-2-570x320
100
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নগাঁৱ জিলাৰ এগৰাকী নাবালিকাক দলবদ্ধ ধৰ্ষণৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে।

সূত্ৰসমূহে জনোৱা মতে মুখ্যমন্ত্ৰীয়ে আৰক্ষীক ঘটনাটোৰ ক্ষিপ্ৰ তদন্তৰ নিৰ্দেশ দিয়াৰ লগতে যথাসম্ভৱ সোনকালে অপৰাধীকেইজনক কৰায়ত্ব কৰিবলৈ নিৰ্দেশ দিয়ে। অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান মুকেশ আগৰৱাল আৰু শীৰ্ষ আৰক্ষী বিষয়া হৰমিট সিঙক তদন্তৰ দায়িত্ব দিয়া হৈছে।

বাতৰি অনুসৰি শুকুৰবাৰে বিয়লি জিলাখনৰ বটদ্ৰবা আৰক্ষী থানাৰ অন্তৰ্গত ধনীয়াভেটি লালুং গাঁৱত তিনিজনীয়া এটা দুৰ্বৃত্তৰ দলে এগৰাকী ১১ বছৰীয়া পঞ্চম শ্ৰেণীৰ ছাত্ৰীক দলবদ্ধভাৱে ধৰ্ষণ কৰি জ্বলাই দি হত্যা কৰিছিল।

নাবালিকাগৰাকীক ধৰ্ষণ কৰাৰ পিছত দুৰ্বৃত্তকেইজনে ছোৱালীজনীৰ শৰীৰত কেৰাচিন ঢালি জ্বলাই হত্যা কৰিছিল।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে তিনিগৰাকী দুৰ্বৃত্ত  ২১ বছৰীয়া জাকিৰ হুছেইন আৰু আন দুজন নাবালক বলি হোৱা ছোৱালীজনীৰ একেখন গাঁৱৰেই বাসিন্দা আৰু ছোৱালীজনী ঘৰত অকলে থকা সময়ত ধৰ্ষণ কৰিছিল।

আৰক্ষীয়ে ইতিমধ্যে নাবালক দুজনক গ্ৰেপ্তাৰ কৰিছে যদিও মূল অপৰাধী জাকিৰ এতিয়াও পলাতক হৈ আছে।

লালংগাঁৱৰ ৰাইজে শনিবাৰে পলাতক জাকিৰৰ ঘৰটো ভাঙি লণ্ডভণ্ড কৰে। সদৌ অসম ছাত্ৰ সন্থা, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু এআইডিএছঅ’ৰ দৰে ছাত্ৰ সংগঠনে অপৰাধীক কঠোৰ শাস্তি বিহাৰ দাবীত প্ৰতিবাদী সমদল উলিয়ায়।

নগাঁৱৰ আৰক্ষী অধীক্ষক শংকৰ ৰায়মেধিয়ে কয় যে জাকিৰক কৰায়ত্ব কৰাৰ বাবে সন্ধান চলাই থকা হৈছে। ‘’ আমি সাত-আঠ স্থানত তালাচী চলাইছো, কিন্তু সি পলাই যাবলৈ সক্ষম হৈছে,’’-ৰায়মেধিয়ে কয়।

যোৱা সপ্তাহত নগাঁৱৰ কামপুৰত এগৰাকী মহিলাক দলবদ্ধভাৱে ধৰ্ষণ কৰা হৈছিল। মহিলাগৰাকী আৰু তেওঁৰ স্বামীক হাছমত আলী নামৰ লোকজনে ফুচুলাই তেওঁৰ ঘৰত নিশাটো কটাবলৈ লৈ গৈছিল। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অভিযুক্ত আঠজনে মহিলাগৰাকীৰ স্বামীক গছত বান্ধি থৈ মহিলাগৰাকীক ধৰ্ষণ কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছাগলীৰ মৃত্যুৰ প্ৰতিশোধ, বিষাক্ত মাংস খুৱাই ১২ টা ৰাস্তাৰ কুকুৰক হত্যা!

ছাগলীৰ মৃত্যুৰ প্ৰতিশোধ, বিষাক্ত মাংস খুৱাই ১২ টা ৰাস্তাৰ কুকুৰক হত্যা!

August 16, 2025 7:46 am
গোপনে ৰাখক দাম্পত্য জীৱনৰ এই কেইটা কথা : প্ৰকাশ নকৰিব কোনো বন্ধুৰ আগত

গোপনে ৰাখক দাম্পত্য জীৱনৰ এই কেইটা কথা : প্ৰকাশ নকৰিব কোনো বন্ধুৰ আগত

August 16, 2025 6:30 am
ওদালগুৰিত জব্দ ২৫ লাখ টকা মূল্যৰ ৫০ কেজি গাঞ্জা

ওদালগুৰিত জব্দ ২৫ লাখ টকা মূল্যৰ ৫০ কেজি গাঞ্জা

August 15, 2025 9:30 pm
ভাঙি পৰিল দিল্লীৰ হুমায়ুনৰ স্মৃতিসৌধৰ দেৱাল : ৫ জনৰ মৃত্যু, কেইবাজনো ধ্বংসাৱশেষৰ তলত আবদ্ধ

ভাঙি পৰিল দিল্লীৰ হুমায়ুনৰ স্মৃতিসৌধৰ দেৱাল : ৫ জনৰ মৃত্যু, কেইবাজনো ধ্বংসাৱশেষৰ তলত আবদ্ধ

August 15, 2025 9:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছাগলীৰ মৃত্যুৰ প্ৰতিশোধ, বিষাক্ত মাংস খুৱাই ১২ টা ৰাস্তাৰ কুকুৰক হত্যা!

ছাগলীৰ মৃত্যুৰ প্ৰতিশোধ, বিষাক্ত মাংস খুৱাই ১২ টা ৰাস্তাৰ কুকুৰক হত্যা!

August 16, 2025 7:46 am
গোপনে ৰাখক দাম্পত্য জীৱনৰ এই কেইটা কথা : প্ৰকাশ নকৰিব কোনো বন্ধুৰ আগত

গোপনে ৰাখক দাম্পত্য জীৱনৰ এই কেইটা কথা : প্ৰকাশ নকৰিব কোনো বন্ধুৰ আগত

August 16, 2025 6:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd