যোৰহাট জিলাৰ টীয়ক আৰক্ষী থানাৰ অধীনৰ কাকজানৰ এজন শিক্ষকক এগৰাকী নাবালিকাক যৌন উৎপীড়ন চলোৱাৰ অপৰাধত টীয়ক থানাৰ আৰক্ষীয়ে আজি গ্ৰেপ্তাৰ কৰে। অভিযুক্ত শিক্ষকজনৰ নাম গণেশ শইকীয়া আৰু তেওঁ কাকজান অঞ্চলৰ কমাৰখাটোৱাল গাৱঁৰ। ইতিপূৰ্বে নাবালিকাগৰাকীৰ অভিভাবকে দিয়া অভিযোগৰ ভিত্তিত তেওঁৰ বিৰুদ্ধে টীয়ক থানাত এটা গোচৰ ৰুজু কৰা হৈছিল। নাবালিকা গৰাকীৰ অভিভাকে অভিযোগ দিয়া মতে তেওঁ তেওঁৰ গেলামালৰ দোকানৰ ভিতৰত নাবালিকা গৰাকীক আজি দিনৰ ১.৩০ বজাত যৌন উৎপীড়ন চলাইছিল। টীয়ক থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সত্যজিৎ বৰাই nenow.in ক এই কথা জনায়। অৱসৰপ্ৰাপ্ত শিক্ষক শ্ৰীযত শইকীয়াৰ বিৰুদ্ধে আৰক্ষীয়ে Prevention of Children from Sexual Offences Act 2012 (POCSO) ৰ অধীনত 535/17 নম্বৰৰ এটা গোচৰ ৰুজু কৰিছে। আৰক্ষীয়ে শইকীয়াক মুখ্য ন্যায়িক দণ্ডাধীশৰ সন্মুখত হাজিৰ কৰোৱায় আৰু তেওঁক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়। উল্লেখযোগ্য যে স্থানীয় লোকসকলে তেওঁক গ্ৰেপ্তাৰৰ দাবী কৰি তেওঁৰ বাসগৃহৰ সন্মুখত ধৰ্ণা দিছিল।
নাবালিকাক যৌন নিৰ্য্যাতন চলোৱাৰ অভিযোগত অৱসৰপ্ৰাপ্ত শিক্ষকক গ্ৰেপ্তাৰ
-
By NE NOW NEWS
- Categories: অসম
Related Content
চৰকাৰী কৰ্মচাৰীৰ বোজা ল’ব নোৱাৰে ৰাজ্য চৰকাৰে : চাকৰি হেৰুৱাব কৃষি বিভাগৰ ৩৫০ জন কৰ্মচাৰীয়ে
By
এন ই নাও নিউজ ব্যুৰো
May 19, 2024 10:04 pm
ব্লেকত বিক্ৰী হৈছে আই পি এলৰ টিকট বিক্ৰী : কলা বজাৰৰ লগত জড়িত আছে কিশোৰ
By
এন ই নাও নিউজ ব্যুৰো
May 19, 2024 6:19 pm
ভূ-লুণ্ঠিত মানৱতা! ভগ্নীৰ ধৰ্ষণৰ ন্যায় বিচাৰি যোৱা ভাতৃক নৃশংসভাৱে হত্যা কৰিলে অপৰাধীৰ পৰিয়ালে
By
এন ই নাও নিউজ ব্যুৰো
May 19, 2024 4:05 pm
সোমবাৰে পঞ্চম পৰ্যায়ত ৪৯টা সমষ্টিত ভোটগ্ৰহণ; দৃষ্টি আকৰ্ষণ কৰা কোন কোন তাৰকা প্ৰাৰ্থী?
By
এন ই নাও নিউজ ব্যুৰো
May 19, 2024 3:10 pm
কুম্ভকৰ্ণৰ সন্ধানত! দক্ষিণ কোৰিয়াত অনুষ্ঠিত হ’ল টোপনিৰ প্ৰতিযোগিতা
By
এন ই নাও নিউজ ব্যুৰো
May 19, 2024 1:05 pm
যোৰহাটত আশ্চৰ্যকৰ ঘটনা! মদাহী স্বামীৰ বৰ্বৰতা সহিব নোৱাৰি হত্যা কৰি জ্বলাই দিলে পত্নীয়ে
By
এন ই নাও নিউজ ব্যুৰো
May 19, 2024 1:03 pm