অৰুণাচলৰ নামচাই জিলাত যোৱা ২৪ জানুৱাৰিত সন্দেহযুক্ত আলফা (স্বা:) আৰু এনএছচিএন(কে)ৰ দ্বাৰা সেনাৰ কনভয়ত আক্ৰমণৰ ঘটনাৰ লগত জড়িত এগৰাকী আত্মসমৰ্পনকাৰী আলফা সদস্য গজান খেকক দেওবাৰে নামচাইৰ সেনাই আটক কৰিছে।
উগ্ৰপন্থী বিৰোধী অভিযান চলাই উভতি অহাৰ পথত নংটুউ আৰু পাইয়ঙৰ মাজৰ এক স্থানত সেনাৰ কনভয়ত বিদ্ৰোহীয়ে ৰাতিপুৱা প্ৰায় ৭.১৫বজাত আক্ৰমণ চলাইছিল।
পূৰ্ব পৰিকল্পিত এক অভিযান চলাই উভতি আহোতে সেনাৰ ১১ জনীয়া দলটোৰ ওপৰত উগ্ৰপন্থীৰ দলটোৱে আক্ৰমণ চলাইছিল।
কুম্বিং অপাৰেচন চলোৱাৰ সময়ত এগৰাকী জোৱান এন কে ৰাকেশ কুমাৰ নিহত হৈছিল।
সূত্ৰসমূহৰ পৰা জানিব পৰা মতে গজানক নামচাই সেনা শিৱিৰত জেৰা চলাই থকা হৈছে।
উগ্ৰপন্থীৰ দলটোৱে সেনাৰ কনভয়ত গ্ৰেনেডেৰে আক্ৰমণ চলোৱাৰ উপৰিও পথৰ এটা কালভাৰ্টৰ ওচৰত পুতি ৰখা আই ই ডি ৰিম’ট কন্ট্ৰোলেৰে বিস্ফৰোণ ঘটাইছিল। আক্ৰমণটোত সেনাৰ জিপচি গাড়ীখন সামান্য ক্ষতিগ্ৰস্ত হৈছিল।
সূত্ৰসমূহৰ মতে ভাৰতীয় সেনা বাহিনীৰ বিৰুদ্ধে এখন যুদ্ধৰ বাবে প্ৰৰোচিত কৰিবলৈ চীনে উত্তৰ পূবৰ বিদ্ৰোহীসকলক উচটাইছে।
‘’ চীন চৰকাৰে ভালদৰে জানে যে প্ৰত্যক্ষ যুদ্ধ সম্ভৱ নহয়। সেই গতিকে তেওঁলোকে উত্তৰ পূবৰ বিদ্ৰোহীসকলক উচটাই ভাৰতীয় প্ৰশাসনৰ বিৰুদ্ধে ‘ছায়া যুদ্ধ’ত প্ৰবৃত্ত হৈছে,’’-এক সূত্ৰই এইদৰে দাবী কৰে।