• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিজৰ ঘৰতে ভাস্কৰ্য্য শিল্পৰ যাদুঘৰ স্থাপনেৰে বিৰল দৃষ্টান্ত চকু চিকিৎসক আৰু শিল্পী হীৰেন শইকীয়াৰ

স্মিতা ভট্টাচাৰ্য্য by স্মিতা ভট্টাচাৰ্য্য
April 16, 2018 10:26 pm
HirenSaikia_2
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি যোৰহাটৰ এজন চকু বিশেষজ্ঞ তথা প্ৰকৃতি প্ৰেমী হীৰেন শইকীয়াই তেওঁৰ নিজৰ ঘৰতে এটা যাদুঘৰ আনুষ্ঠানিকভাৱে মুকলি কৰি তেওঁৰ বিৰল চখৰ দৃষ্টান্ত দাঙি ধৰাৰ লগতে স্থানীয় লোকসকলৰ প্ৰশংসা বোটলে। জানিব পৰা মতে শইকীয়াই যোৱা প্ৰায় দুটা দশক ধৰি বিভিন্ন ভাস্কৰ্য্য নিৰ্মাণ কৰি আহিছে। তেওঁ বিশেষকৈ শুকান, ভগা, বিভিন্ন ভাঁজ থকা কাঠৰ পৰা বিভিন্ন গঢ় নিৰ্মাণ কৰে।

ইতিপূৰ্বে তেওঁ কেইবা ঠাইতো নিজৰ কাৰুশিল্পৰ প্ৰদৰ্শনী পাতিছে বা প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিছে। তাৰ ভিতৰত গুৱাহাটীৰ কলাক্ষেত্ৰও আছে। যোৱা ২০১৬ চনত তেওঁ নতুন দিল্লীতো নিজৰ সৃষ্টিৰ একক প্ৰদৰ্শনী আয়োজন কৰিছিল।

শিল্পীজনে কয় যে তেওঁ এইবোৰ কৰি প্ৰকৃতিৰ প্ৰতি তেওঁৰ শ্ৰদ্ধা-ভালপোৱা প্ৰদৰ্শন কৰে। “মই শুকান বা মৰি যোৱা গছবোৰৰ, যিবোৰক বহুত দিন ধৰি বৰষুণত পেলাই থোৱা হয়- ডাল, শিপাবোৰ মন কৰি থাকো। মই বিভিন্ন কোণৰ পৰা এইবোৰ মন কৰো আৰু তাৰ পিছত সেইবোৰক চাঁচি-মাজি নিৰ্দিষ্ট গঢ় দিওঁ। এইটো মোৰ কলা। ই মোক শান্তি দিয়ে আৰু মোৰ চিকিৎসা পেচাটোৰ বৈচিত্ৰ্যহীনতাৰ পৰা ই মোক মুক্তি দিয়ে।” চিকিৎসক-শিল্পী শইকীয়াই কয়।

HirenSaikia_1

আনহাতে তেওঁ নতুন দিল্লীৰ Foyer Gallery ত একক প্ৰদৰ্শনী কৰিবলৈ সুযোগ পোৱাটোক এক বিৰল সন্মান জ্ঞান কৰা বুলি জানিবলৈ দিয়ে।

মন কৰিব লগীয়া কথাটো হ’ল, চিকিৎসকৰ দৰে অতি ব্যস্ত বৃত্তিত থাকিও শইকীয়াই এই শিল্প চৰ্চা অব্যাহত ৰখাটো। তেওঁ নিজৰ চখৰ বাবেই পানীত উটি অহা কাঠ আদি সংগ্ৰহ কৰি ফুৰে। তেওঁ কয় যে তেওঁ এই শুকান কাঠবোৰক এটা কলাত্মক ৰূপ দিয়াৰ বাবে হাতুৰ-বটালি ব্যৱহাৰ নকৰে। তাৰ পৰিৱৰ্তে তেওঁ বিভিন্ন প্ৰকাৰৰ ছুৰী ব্যৱহাৰ কৰে।

নিজৰ মন্তব্যত শিল্পী হীৰেন শইকীয়াই কয় যে তেওঁৰ কামে আনকো প্ৰকৃতিক, বিশেষকৈ গছ-গছনিক সন্মান কৰিবলৈ শিকাব, যিবোৰক আনকি মৃত্যুৰ পিছতো কলাসুলভ কৰিব পৰা যায়।

উল্লেখযোগ্য যে শইকীয়া এজন মানৱদৰদী লোকো, যিজনে প্ৰায় ৫০টা চকু চিকিৎসা শিবিৰত বিনামূলীয়াকৈ চিকিৎসা দান কৰিছে। লগতে এজন অন্ধ যুৱক ৰঞ্জিত বৰাৰ বাবে এখন সংগীত বিদ্যালয়ো খুলি দিছে, যাতে তেওঁ সংগীত শিকাই জীৱিকা আহৰণ কৰিব পাৰে।

স্মিতা ভট্টাচাৰ্য্য

স্মিতা ভট্টাচাৰ্য্য

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভদিয়া বানে নষ্ট কৰিলে খেতিয়কৰ সপোন : প্লাৱিত লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ আৰু ওদালগুৰি জিলা

ভদিয়া বানে নষ্ট কৰিলে খেতিয়কৰ সপোন : প্লাৱিত লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ আৰু ওদালগুৰি জিলা

September 15, 2025 7:42 pm
জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

September 15, 2025 7:04 pm
এচিএছ নুপুৰ বৰাৰ ফ্লেটত ভিজিলেন্সৰ অভিযান : উদ্ধাৰ নগদ ১০ লাখ টকাৰ লগতে বৃহৎ পৰিমাণৰ সোণ আৰু হীৰা

এচিএছ নুপুৰ বৰাৰ ফ্লেটত ভিজিলেন্সৰ অভিযান : উদ্ধাৰ নগদ ১০ লাখ টকাৰ লগতে বৃহৎ পৰিমাণৰ সোণ আৰু হীৰা

September 15, 2025 6:40 pm
অষ্ট্ৰেলিয়া এৰ বিৰুদ্ধে শৃংখলাত ভাৰত এ দলৰ বাবে নিৰ্বাচিত অসমৰ প্ৰতিভাৱান যুৱ ক্ৰিকেটাৰ ৰিয়ান পৰাগ

অষ্ট্ৰেলিয়া এৰ বিৰুদ্ধে শৃংখলাত ভাৰত এ দলৰ বাবে নিৰ্বাচিত অসমৰ প্ৰতিভাৱান যুৱ ক্ৰিকেটাৰ ৰিয়ান পৰাগ

September 15, 2025 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভদিয়া বানে নষ্ট কৰিলে খেতিয়কৰ সপোন : প্লাৱিত লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ আৰু ওদালগুৰি জিলা

ভদিয়া বানে নষ্ট কৰিলে খেতিয়কৰ সপোন : প্লাৱিত লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ আৰু ওদালগুৰি জিলা

September 15, 2025 7:42 pm
জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

September 15, 2025 7:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd