ছিকিমৰ মুখ্য মন্ত্ৰী পৱন চামলিঙে মঙলবাৰে প্ৰকাশ কৰিছে যে চৰকাৰে জনসাধাৰণৰ নিম্নতম প্ৰয়োজন নিশ্চিত কৰাৰ বাবে আইন প্ৰণয়ণ কৰাৰ বাবে আগবাঢ়িছে। এই কথা ঘোষণা কৰি তেওঁ আৰু আৰু কয় যে যদিহে জনসাধাৰণে চৰকাৰৰ পৰা প্ৰাথমিক প্ৰয়োজনখিনি লাভ নকৰে নোৱাৰে এয়া চৰকাৰৰ আইনী অপৰাধ।
মুখ্য মন্ত্ৰীগৰাকীয়ে আৰু কৈছে যে খোৱা পানী, খাদ্য, বিদ্যুৎ যোগান, শিক্ষা আৰু স্বাস্থ্য আদিৰ সা-সুবিধা লাভ কৰাৰ মাজেৰে মানুহে প্ৰাথমিক মানৱ অধিকাৰখিনি লাভ কৰে।
তেওঁৰ ইষ্ট ডিষ্ট্ৰিক্ট ভ্ৰমণৰ দ্বিতীয়-লানি ভ্ৰমণৰ অন্তৰ্গত গেংটকৰ পৰা প্ৰায় ৪৩ কি:মি: নিলগৰ মাখাত অৱস্থিত তামিন-লিংগি সমষ্টিৰ জনসাধাৰণৰ সমুখত চামলিঙে এইদৰে ব্যক্ত কৰিছিল।
মুখ্য মন্ত্ৰীয়ে আৰু কৈছে যে গৃহ নিৰ্মাণৰ বিভিন্ন আঁচনিৰ অন্তৰ্গত অভাৱগ্ৰস্ত লোকসকলক পকী ঘৰ প্ৰদান কৰাৰ বাবে তেওঁৰ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ।
চামলিঙে আৰু কয় যে অহা জুন মাহৰ পৰা পাকিয়ং বিমান বন্দৰটো কাৰ্যক্ষম কৰি তোলা হ’ব আৰু প্ৰথম অৱস্থাত দিল্লী,কলিকতা আৰু গুৱাহাটীলৈকে বিমান চলাচল কৰোৱা হ’ব।
তেওঁ আৰু কয় যে পৰৱৰ্তী সময়ত পৰ্যায়ক্ৰমে কাঠমাণ্ডু, বেংকক আৰু থিম্ফুলৈকে বিমান পৰিবহণ আৰম্ভ কৰা হ’ব।
পূৰ্বে স্থানীয় বিধায়ক তথা ৰাজ্যিক পৰ্যটন মন্ত্ৰী উগেন টি গ্যাৎছো ভূটীয়াই ৰাজ্য চৰকাৰে সমষ্টিটোত বিভিন্ন বিকাশমূলক আৰু আন্তঃগাঁথনিমূলক প্ৰকল্পৰ বিষয়ে তামিন-লিংগিৰ জনসাধাৰণৰ ওচৰত ব্যক্ত কৰিছিল।