মণিপুৰত বৃহৎ পৰিমাণৰ নিষিদ্ধ নিচাযুক্ত সামগ্ৰী উদ্ধাৰ

জব্দ কৰা নিষিদ্ধ নিচাযুক্ত টেবলেট আৰু হিৰইন-৪

এক বৃহৎ সফলতা অৰ্জন কৰি শনিবাৰে মণিপুৰ আৰক্ষীয়ে ইম্ফলৰ পৰা আন্তঃৰাষ্ট্ৰীয় বজাৰত ৩ কোটি টকাতকৈ অধিক মূল্যৰ নিষিদ্ধ নিচাযুক্ত টেবলেট আৰু হিৰইন-৪ জব্দ কৰে।

প্ৰাপ্ত খবৰ অনুসৰি শনিবাৰে দিনৰ ভাগত ইম্ফলৰ লামফেল আৰক্ষী চকীৰ অন্তৰ্গত এন জি কলেজ গেটৰ ওচৰত মণিপুৰ আৰক্ষীৰ এটা দলে এখন বালি ভৰ্তি ট্ৰাকত তালাচী চলোৱাত উক্ত সামগ্ৰীসমূহ ধৰা পৰে। অসমত পঞ্জীয়নভুক্ত এ এছ -০১ চিচি/ ২৩৪৯ নম্বৰৰ ট্ৰাকখন ইম্ফলৰ পৰা ১১০ কিমি দক্ষিণত অৱস্থিত সীমান্তৱৰ্তী চহৰ ম’ৰেৰ পৰা আহি আছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে আন্তঃৰাষ্ট্ৰীয় বজাৰত ৩ কোটি টকাতকৈ অধিক মূল্য হ’ব বুলি অনুমান কৰা নিষিদ্ধ নিচাযুক্ত সামগ্ৰীসমূহৰ ভিতৰত আছে ৭২,০০০টা ডব্লিউ ৱাই টেবলেট আৰু ২৮৬ গ্ৰামৰ হিৰইন-৪, আনহাতে সামগ্ৰীখিনিক প্লাষ্টিকৰ বেগত ভৰাই বালিৰ ভিতৰত লুকুৱাই অনা হৈছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

পশ্চিম ইম্ফল জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক এল প্ৰিয়দৰ্শিনীয়ে কয় যে এই সন্দৰ্ভত Narcotic Drugs and Psychotropic Substance (ND&PS) আইনৰ অধীনত ইতিমধ্যে এটা গোচৰ ৰুজু কৰা হৈছে আৰু এই ক্ষেত্ৰত পৰৱৰ্তি প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হ’ব।

মন কৰিবলগীয়া যে ইয়াৰ পূৰ্বেও জানুৱাৰিৰ প্ৰথম দিনটোতে পূব ইম্ফল জিলাত মণিপুৰ আৰক্ষীৰ নাৰক’টিক্স চেলে প্ৰায় ৪২ লাখ টকাৰ হিৰইন-৪ জব্দ কৰিছিল। সেনাপতি জিলাৰ লাইকইচিঙৰ অন্তৰ্গত ছাইলেণ্ট গাৱঁৰ ৱিলছ’ন কেইছিং(৪৭)ৰ পৰা জব্দ কৰা হিৰইনখিনিৰ ওজন আছিল ৩৫০ গ্ৰাম।