নিৰ্বাচনৰ আগতে অসম-মেঘালয় সীমা বিবাদ সম্পৰ্কে আলোচনাৰ সম্ভাৱনা নাই

অসম চৰকাৰৰ সৈতে সীমান্ত সমস্যা সম্পৰ্কে মেঘালয় চৰকাৰে আগবঢ়োৱা সময়ৰ প্ৰস্তাৱৰ প্ৰতি চুবুৰীয়া ৰাজ্যখনে সঁহাৰি নিদিয়াৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ আগন্তুক নিৰ্বাচনৰ আগতে এই বিষয়ে আলোচনাৰ সম্ভাৱনা নাই।

ৰাজ্য চৰকাৰে অসম চৰকাৰলৈ নৱেম্বৰ মাহৰ পৰা যিকোনো এটা তাৰিখ নিৰ্দ্ধাৰিত কৰি দীৰ্ঘদিন ধৰি পৰি ৰোৱা সীমা সমস্যাটোৰ সম্পৰ্কত মুখ্য সচিব পৰ্যায়ৰ আলোচনাৰ বাবে এখন বৈঠক অনুষ্ঠত কৰিবলৈ অনুৰোধ কৰি এখন পত্ৰ লিখিছিল। কিন্তু অসম চৰকাৰে কোনো উত্তৰ নিদিয়াৰ বাবে বিষয়টো তেনেদৰেই পৰি থাকিল।

ইয়াৰ আগতেও মেঘালয় চৰকাৰে ছেপ্টম্বৰৰ ১৯ তাৰিখৰ পৰা ২২ তাৰিখৰ ভিতৰত এটা যিকোনো তাৰিখত এখন বৈঠক অনুষ্ঠিত কৰিবৰ নিমিত্তে অনুৰোধ জনাইছিল যদিও অসম চৰকাৰৰ পৰা কোনো ইতিবাচক সঁহাৰি নাপালে।

অসম –মেঘালয় সীমা সমস্যাটো দীৰ্ঘদিন ধৰি অমীমাংসিত হৈ থকাৰ বাবে সীমান্ত অঞ্চলত বসবাস কৰি থকা দুয়োখন ৰাজ্যৰ লোকসকলে সদায়েই অনিশ্চয়তাৰ মাজত দিন কটাবলগীয়া হৈছে আৰু এই লোকসকলে সংশ্লিষ্ট ৰাজ্যৰ কল্যাণমূলক চৰকাৰী আঁচনিসমূহৰ পৰা বঞ্চিত হৈ আহিছে। তদুপৰি সময়ে সময়ে উক্ত লোকসকলক দুয়োখন ৰাজ্যৰ আৰক্ষীয়ে বিভিন্ন অজুহাতত হাৰাশাস্তি কৰাৰো অভিযোগ উত্থাপিত হৈ আহিছে।