নুমলীগড় শোধনাগাৰত আঠ দিন ধৰি বন্ধ পেট্ৰ’লৰ উৎপাদন

NRL

নুমলীগড় শোধনাগাৰ প্ৰকল্পৰ অভ্যন্তৰত থকা বিভিন্ন প্ৰকল্পত সঘনাই বিজুতি তথা অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈ থকাৰ ফলত সময়ে সময়ে উৎপাদনত বাধা আহি  পৰা দেখা গৈছে। এনে ঘটনাৰ বাবেই বিগত আঠ দিন ধৰি এন আৰ এলত পেট্ৰ’লৰ উৎপাদন সম্পূৰ্ণৰূপে বন্ধ হৈ আছে।

যোৱা ১৩ এপ্ৰিলত উদ্যোগটোৰ মটৰ স্পিৰিট প্ৰকল্পত কাৰিকৰী বিজুতিৰ বাবে অগ্নিকাণ্ড সংঘটিত হয়। কৰ্তৃপক্ষৰ তৎপৰতাত অগ্নি নিৰ্বাপণ হয় যদিও প্ৰকল্পটোৰ ক্ষতিসাধন হয়। ১৪ এপ্ৰিলত, অৰ্থাৎ গৰু বিহুৰ দিনা প্ৰকল্পটোৰ ক্ষতিগ্ৰস্ত স্থান মেৰামতি কৰিবলৈ লয়। এই ক্ষেত্ৰত ইনচুলেচন আৰু মেকানিকেল কামৰ মেৰামতিৰ বাবে ‘লেবাৰ পাৰ্মিট’ও প্ৰদান কৰিছিল কৰ্তৃপক্ষই। কিন্তু  গৰু বিহুৰ বাবে শ্ৰমিকে সেইদিনা কাম কৰা নাছিল।

কৰ্তৃপক্ষই দুই-এজন ঠিকা শ্ৰমিকৰ জৰিয়তে মেৰামতিৰ কাম চলাবলৈ আৰম্ভ কৰাৰ কিছু সময় পিছতেই হঠাৎ বিস্ফোৰণ হৈ পুনৰ অগ্নিকাণ্ড সংঘটিত হয় বুলি এক সূত্ৰই জানিব দিয়ে। এই ঘটনাত উদ্যোগটোৰ অগ্নি নিৰ্বাপণ বিভাগৰ কৰ্মচাৰী সঞ্জয় ভৰালী গুৰুতৰভাৱে আহত হয়।  তেওঁক শোধনাগাৰৰ ভি কে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও তাতেই লোকজনৰ মৃত্যু ঘটে।

এই ঘটনাৰ পিছতে উদ্যোগটোৰ বাহিৰে ভিতৰে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। শোধনাগাৰটোৰ কৰ্মচাৰী ইউনিয়নে সতীৰ্থ গৰাকীৰ মৃত্যুক সহজভাৱে ল’ব পৰা নাই। ইউনিয়নৰ অভিযোগ যে কৰ্মচাৰীৰ জীৱনৰ নিৰাপত্তা দিব নোৱৰা কৰ্তৃপক্ষৰ অৱহেলাৰ বাবে অনাগত দিনত ভয়াৱহ দুৰ্ঘটনা সংঘটিত হৈ উদ্যোগটোৰ লগতে অঞ্চলটোলৈ বিপদ মাতি আনিব পাৰে।

আনহাতে, প্ৰকল্পটোত বিজুতি সংঘটিত হোৱাৰ লগে লগে ‘ছাট ডাউন’ দিয়াৰ নিয়ম আছিল যদিও কৰ্তৃপক্ষই তালৈ গুৰুত্ব নিদি উৎপাদন অব্যাহত ৰখাৰ ফলতে দ্বিতীয় দিনা সংঘটিত অগ্নিকাণ্ডত সঞ্জয় ভৰালীয়ে কৰুণ মৃত্যুক সাবটিব লগা হয় বুলি একাংশ কৰ্মচাৰীয়ে অভিযোগ উত্থাপন কৰিছে।

তদুপৰি, ইউনিয়নে চলি থকা কৰ্মচাৰীগৰাকীৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়া শীঘ্ৰে সমাপ্ত কৰি প্ৰতিবেদন ৰাজহুৱা কৰিবলৈ দাবী জনায়।

এন আৰ এলৰ ভিতৰত সংঘটিত এই ঘটনাত স্থানীয় ৰাইজৰ লগতে স্থানীয় বিভিন্ন দল সংগঠনে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে  ।