নেডাৰলেণ্ডৰ সৌৰশক্তি কোম্পানীয়ে অসমত ২০০ নিযুত ইউৰো বিনিয়োগ কৰিব

নেডাৰলেণ্ডৰ এক সৌৰশক্তি কোম্পানীয়ে অসমত এক সৌৰপ্ৰকল্প স্থাপনৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে। হায়েত ছ’লাৰ নামৰ উক্ত কোম্পানীটো কম উজন আৰু নমনীয় সৌৰ যন্ত্ৰ নিৰ্মাণৰ সৈতে জড়িত। প্ৰায় ২০০ মিলিয়ন ইউৰোৰ উক্ত প্ৰস্তাৱিত সৌৰ প্ৰকল্পটোয়ে অসমৰ বাবে ২০০ নিযুত সৌৰশক্তি উৎপন্ন কৰিব। দাটছ  কোম্পানীটোৱে আশা কৰে যে এই সৌৰশক্তি প্ৰকল্পটোয়ে অঞ্চলটোৰ প্ৰায় ২০ ঘৰ মানুহৰ কাৰণে শক্তি উৎপাদন কৰিব পাৰিব। এই ক্ষেত্ৰত হায়েত ছ’লাৰে স্থানীয় সহযোগী আৰু বিনিয়োগকাৰী প্ৰতিষ্ঠানলৈও একেলগে কাম কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে। উল্লেখযোগ্য ‘এডভাণ্টেছ আছাম’ৰ  অধীনত  অসম চৰকাৰে ৰাজ্যখনত বিনিয়োগৰ বাবে চলাই অহা অভিযানৰ এক অংশ হিচাপে হায়েত ছ’লাৰৰ লগত উক্ত চুক্তিখন কৰা হৈছিল।  এই বিষয়ক লৈ ভাৰতত থকা নেডাৰলেণ্ডৰ ৰাষ্ট্ৰদূত এলফনছাছ ষ্ট’লিঙ্গাই মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগত এক বৈঠকত মিলিত হৈছিল। নেডাৰলেণ্ডৰ ৰাষ্ট্ৰদূত গৰাকীয়ে মুখ্য মন্ত্ৰীৰ লগত হোৱা উক্ত আলোচনাত দুয়োখন দেশৰ বাবে লাভজনক বিভিন্ন প্ৰস্তাৱ আগবঢ়াই। ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিগৃহত আয়োজিত উক্ত আলোচনাত ৰাষ্ট্ৰপতি গৰাকীৰ লগতে নেডাৰলেণ্ডৰ ১৭ টা কোম্পানীৰ প্ৰতিনিধিয়ে ভাগ লৈছিল। বিনিয়োগ আৰু সহযোগিতাৰ সম্ভাৱনা থকা আন কেইটামান ক্ষেত্ৰ হৈছে স্বাস্থ্য, আন্তগাঁঠনিৰ উন্নয়ন, জল আৰু বান ব্যৱস্থাপনা , জলপৰিবহণ, কৃষি, সৌৰশক্তি উৎপাদন, গ্ৰাম্য বৈদ্যুতিকৰণ ইত্যাদি। মুখ্য মন্ত্ৰী সোণোৱালে নদীৰ উপকূলৰ সৌন্দৰ্যবৰ্ধন প্ৰকল্পত নেডাৰলেণ্ডৰ কোম্পানী বিলাকক অভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ লগত সহযোগ কৰিবলৈ আমন্ত্ৰণ জনায়। তেওঁ লগতে কয় যে নদীখননৰ ক্ষেত্ৰটো ৰাজ্যখনে দাটছ প্ৰযুক্তিৰ পৰা সহায় ল’ব পাৰিব।