নৱবর্ষৰ আৰম্ভণিতে নিৰ্বাচনী প্ৰচাৰৰ বাবে মেঘালয়লৈ ঢাপলি মেলিব কেন্দ্ৰীয় নেতা

নৱবৰ্ষৰ প্ৰথমটো মাহতে নিৰ্বাচনী প্ৰচাৰৰ বাবে মেঘালয়লৈ আহিব ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙ।

বিজেপিৰ মেঘালয় নিৰ্বাচনৰ ভাৰপ্ৰাপ্ত নেতা অ’লফনছ যোচেফ কাননথানমে দলৰ নিৰ্বাচনী প্ৰস্তুতিৰ বুজ লোৱাৰ বাবে জানুৱাৰীৰ প্ৰথম সপ্তাহতে আহি ৰাজ্যখনত উপস্থিত হ’বহি। তেওঁ লগতে কেন্দ্ৰীয় নেতাসকলৰ ভ্ৰমমসূচী প্ৰস্তুত কৰিব।

ইয়াৰ মাজতে আঠগৰাকী বিধায়কে জানুৱাৰীৰ প্ৰথম সপ্তাহতে এনপিপিত যোগদানৰ বাবে সাজু হৈছে। এই বিধায়কসকলৰ মাজত কংগ্ৰেছ দলৰ বিধায়কে আছে বেছি।

এনপিপিৰ ৰাজ্যিক সভাপতি ডব্লিউ আৰ খাৰলুখিয়ে শুকুৰবাৰে জনায় যে যোগদান কৰিবলগীয়া আঠগৰাকী বিধায়কৰ ভিতৰত আছে কংগ্ৰেছৰ প্ৰেষ্ট’ন টাইনছং, ৰ’ৱেল লিংডো, কামিংগ’ন ইমবন, শ্নিয়ভালাং ধৰ আৰু এনগাইটলং ধৰ, ইউডিপিৰ ৰেমিংটন পাইনগ্ৰ’প আৰু নিৰ্দলীয় ষ্টিফেনছন মুখিম তথা হ’পফুল বেমন।

আনহাতে, কংগ্ৰেছৰ নিলম্বিত বিধায়ক পাইংছেগিয়ানলেং এন ছিয়েমে অলপতে বিধানসভাৰ লগতে দলৰ পৰাও পদত্যাগ কৰিছে। কংগ্ৰেছৰ আন বিদ্ৰোহী বিধায়কসকলে সুযোগৰ অপেক্ষাত আছে।

অৱশ্যে, আন এগৰাকী বিদ্ৰোহী বিধায়ক ৰ’ৱেল লিংডোৱে কয় যে চৰকাৰে ইতিমধ্যে বিধায়ক পুঁজিৰ অনুমোদন দিয়ালৈ চাই তেওঁ সোনকালে এপিপিত যোগদান কৰিব।

ইয়াৰ মাজতে নংখ্ৰামৰ পৰা নিৰ্দলীয় হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হ’বলগীয়া খুন হাইনিউট্ৰেপ নেচনেলএৱেকেনিং মুভমেন্টৰ প্ৰাক্তন বিধায়ক লাম্বৰ মালনগিয়াঙে কালি ব্যক্ত কৰে যে এগৰাকী বিধায়কে ভাষণ দিয়াতকৈ কাম কৰাতহে গুৰুত্ব দিব লাগে।