পখিলা খেদা বয়সতে দুয়োটা কিডনি বিকল হৈ শয্যাগত ছানিয়া

অন্য শিশুৰ দৰে পখিলা খেদা বয়সতে দুয়োটা কিডনি বিকল হৈ নাহৰকটীয়াৰ এটি শিশুৱে বৰ্তমান বিচনাখনকে সংগী হিচাপে ল’ব লগা হৈছে। নাহৰকটীয়াৰ চাচনিৰ শান্তিপুৰৰ নিবাসী ললিত চাংমাই আৰু লিলিমা চাংমাইৰ কনিষ্ঠ সন্তান চানিয়া চাংমাই। ১২ বছৰীয়া এই কিশোৰীগৰাকীয়ে ৭ বছৰ বয়সতে কিডনিৰ এক জটিল ৰোগত আক্ৰান্ত হৈছিল। দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া ছানিয়াৰ পিতৃয়ে প্ৰথম অৱস্থাত তাইক ডিব্ৰুগড়ত চিকিৎসা কৰাইছিল যদিও ক্ৰমাৎ ছানিয়াৰ দৈহিক অৱস্থা ক্ৰমান্বয়ে বেয়াৰ ফালে ঢাল খাইছিল। সেয়েহে পিতৃয়ে টকা  ধাৰলৈ লৈ ছানিয়াক উন্নত চিকিৎসাৰ বাবে চেন্নাইলৈ লৈ  গৈছিল। চেন্নাইত স্বাস্থ্য পৰীক্ষা কৰাৰ পিছত চিকিৎসকে চানিয়াৰ দুয়োটা কিডনি বিকল হোৱা বুলি জানিবলৈ দিয়ে। এই কথা জানিব পাৰি দুৰ্ভগীয়া ছানিয়াৰ পিতৃ-মাতৃৰ মূৰত সৰগ ভাগি পৰাৰ দৰে অৱস্থা হয়। পূৰ্বেও দুগৰাকী জীয়াৰীক একেধৰণৰ ৰোগতে হেৰুৱাবলগীয়া হোৱাত কণমানি ছানিয়াৰ পিতৃ-মাতৃয়ে দিক-বিদিক হেৰুৱাইছে।

উল্লেখনীয় যে চিকিৎসকে ছানিয়াৰ চিকিৎসাৰ বাবদ কেইবা লক্ষাধিক টকাৰ প্ৰয়োজন হ’ব বুলি জানিবলৈ দিয়ে। দিন হাজিৰা কৰা পিতৃয়ে মাটি-বাৰী বেছি হ’লেও ধনৰ যোগাৰ কৰি কণমানি ছানিয়াৰ চিকিৎসা কৰাইছিল যদিও বৰ্তমান তেওঁলোকৰ ঘৰৰ ভেটিটোৰ বাহিৰে নিজৰ বুলিবলৈ একোৱেই নাই।

দুৰ্ভগীয়া কণমানিজনীৰ চিকিৎসাৰ বাবে আপোনাৰ অকণমান মৰম আৰু সঁহাৰিৰ প্ৰয়োজন। কোনো সহৃদয় লোকে যদি ছানিয়াক সহায় কৰিব বিচাৰে তেন্তে ছানিয়াৰ মাতৃ লিলিমা চাংমাইৰ চাচনিস্থিত এলাহাবাদ বেংকৰ একাউণ্টত (নম্বৰ হৈছে ৫০৩০৮৮৬৫৬২৪ আৰু  IFSC CODE হৈছে  ALLA0211406) সাহায্য প্ৰদান কৰিব পাৰে। তদুপৰি চানিয়াৰ পিতৃ-মাতৃয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ ৰুগীয়া জীয়াৰীৰ সহায়ৰ বাবে কাতৰ অনুৰোধ জনায়।