• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পঞ্চায়ত নিৰ্বাচন নাপাতি মূৰ পোলোকা মাৰিব খোজা চৰকাৰক উচ্চ ন্যায়ালৰ চেপা

এন ই নাও নিউজ by এন ই নাও নিউজ
May 30, 2018 9:21 am
Panchayat
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াৰ অজুহাত দেখুৱাই পঞ্চায়ত নিৰ্বাচন পতাৰ পৰা বিৰত থাকিব খোজা ৰাজ্য চৰকাৰক গুৱাহাটী উচ্চ ন্যায়ালয়ে নিৰ্বাচন পাতিবলৈ কঠোৰ নিৰ্দেশ দিছে। ২৯ মে’ত উচ্চ ন্যায়ালয়ে এটা নিৰ্দেশত ৰাজ্য চৰকাৰক অহা ১৫ ছেপ্তেম্বৰৰ ভিতৰত পঞ্চায়ত নিৰ্বাচন পাতিবলৈ আদেশ দিছে।

এই নিৰ্দেশটোত মুঠ তিনিটা পৰ্য্যায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ কোৱা হৈছে। লগতে নিৰ্বাচনৰ কাম-কাজ চোৱাচিতাৰ বাবে কমিটী গঠন কৰিবলৈও চৰকাৰক নিৰ্দেশ দিছে। ন্যায়ালয়ে এই নিৰ্দেশটোৰ জৰিয়তে এই সন্দৰ্ভত ইতিপূৰ্বে দিয়া নিৰ্দেশবোৰ খাৰিজ কৰা বুলিও জানিবলৈ দিছে।

উল্লেখযোগ্য যে যোৱা ১৯ ফেব্ৰুৱাৰিতে বৰ্তমানৰ পঞ্চায়ত প্ৰতিনিধিসকলৰ কাৰ্য্যকাল অন্ত পৰিছে যদিও তেওঁলোকেই পৰৱৰ্তী নিৰ্বাচিত প্ৰতিনিধিসকলে দায়িত্ব নোলোৱা পৰ্য্যন্ত কাম চলাই নিব লাগিব বুলি উচ্চ ন্যায়ালয়ে পূৰ্বে নিৰ্দেশ দিছিল।

মন কৰিব লগীয়া যে ৰাজ্যৰ নিৰ্বাচন আয়োগে সকলো সময়তে কৈ আহিছে যে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব পৰাকৈ ৰাজ্যিক নিৰ্বাচন আয়োগ সাজু হৈ আছে। তাৰ পিছতো কৰ্মচাৰীসকল এন আৰ চি উন্নীতকৰণৰ কামত লাগি থকাৰ অজুহাতত ৰাজ্য চৰকাৰে পঞ্চায়ত নিৰ্বাচনৰ পৰা মূৰপোলোকা মাৰিবৰ চেষ্টা কৰি আহিছে।

কিন্তু অহা ৩০ জুনত যিহেতু এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াৰ দ্বিতীয়খন তথা চূড়ান্ত খচৰা প্ৰকাশ পাব, তেনেস্থলত ১৫ ছেপ্তেম্বৰত নিৰ্বাচন পাতিবলৈ উচ্চ ন্যায়ালয়ে দিয়া নিৰ্দেশটোৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে কি অজুহাত লয় সেয়া লক্ষণীয় হ’ব।

যিহেতু ২০১৯ৰ আৰম্ভণিতে দেশত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ’ব, ৰাজ্য চৰকাৰখনে তাৰেই অজুহাত লোৱাৰ সম্ভাৱনা বেছি। কাৰণ পঞ্চায়ত নিৰ্বাচনত আশানুৰূপ ফল লাভ কৰাৰ ক্ষেত্ৰত ৰাজ্যৰ শাসনাধিষ্ঠিত বিজেপি দল আৰু চৰকাৰ কোনোটোৱেই আত্মবিশ্বাসী হৈ থকা নাই। নাগৰিকত্ব বিধেয়কক লৈ ৰাজ্যবাসীৰ প্ৰৱল প্ৰতিবাদৰ সন্মুখীন হৈ থকা চৰকাৰখনৰ ক্ষেত্ৰত এইটো তেনেই স্বাভাৱিক।

আনহাতে পঞ্চায়ত প্ৰতিনিধিসকলে প্ৰায় ৪৫ মাহ ধৰি দৰমহা নোপোৱাকৈ আছে। তেওঁলোকৰ বিধিগত কাৰ্য্যকাল কেতিয়াবাই অন্ত পৰিছে যদিও এতিয়াও পাব লগীয়া সামান্য পৰিমাণৰ পাৰিতোষিকৰ টকাকেইটাও নাই পোৱা। ইয়াৰ বিপৰীতে যোৱা বিধানসভাৰ অধিৱেশনৰ সময়তে বিধানসভালৈ নিৰ্বাচিত জনপ্ৰতিনিধিসকলে নিজৰ দৰমহা বৃদ্ধি কৰি পূৰ্বৰ দৰমহাৰ প্ৰায় ডেৰগুণ কৰি ল’লে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম চৰকাৰে পৰিবহন নিগমৰ ৭৭১ গৰাকী কৰ্মচাৰীক বৰ্খাস্তৰ সিদ্ধান্তক সমৰ্থন উচ্চ ন্যায়ালয়ৰ

অসম চৰকাৰে পৰিবহন নিগমৰ ৭৭১ গৰাকী কৰ্মচাৰীক বৰ্খাস্তৰ সিদ্ধান্তক সমৰ্থন উচ্চ ন্যায়ালয়ৰ

September 17, 2025 12:30 pm
চাৰ্লি কাৰ্ক হত্যাকাণ্ডৰ গোচৰত ফাদিল হ’ল গোপন বাৰ্তা : কি লিখিছিল অভিযুক্তই?

চাৰ্লি কাৰ্ক হত্যাকাণ্ডৰ গোচৰত ফাদিল হ’ল গোপন বাৰ্তা : কি লিখিছিল অভিযুক্তই?

September 17, 2025 11:08 am
আদানীৰ কু-কীৰ্তি উদঙাই বিপদত সংবাদ মাধ্যম : ভিডিঅ’ ডিলিট কৰিবলৈ কেইবাটাও সংবাদ মাধ্যম আৰু ইউটিউবলৈ নিৰ্দেশ চৰকাৰৰ

আদানীৰ কু-কীৰ্তি উদঙাই বিপদত সংবাদ মাধ্যম : ভিডিঅ’ ডিলিট কৰিবলৈ কেইবাটাও সংবাদ মাধ্যম আৰু ইউটিউবলৈ নিৰ্দেশ চৰকাৰৰ

September 17, 2025 10:45 am
৭৫ টা বসন্ত পাৰ কৰিলে নৰেন্দ্ৰ মোদীয়ে : জন্মদিনত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ ফোন ড’নাল্ড ট্ৰাম্পৰ

৭৫ টা বসন্ত পাৰ কৰিলে নৰেন্দ্ৰ মোদীয়ে : জন্মদিনত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ ফোন ড’নাল্ড ট্ৰাম্পৰ

September 17, 2025 9:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম চৰকাৰে পৰিবহন নিগমৰ ৭৭১ গৰাকী কৰ্মচাৰীক বৰ্খাস্তৰ সিদ্ধান্তক সমৰ্থন উচ্চ ন্যায়ালয়ৰ

অসম চৰকাৰে পৰিবহন নিগমৰ ৭৭১ গৰাকী কৰ্মচাৰীক বৰ্খাস্তৰ সিদ্ধান্তক সমৰ্থন উচ্চ ন্যায়ালয়ৰ

September 17, 2025 12:30 pm
চাৰ্লি কাৰ্ক হত্যাকাণ্ডৰ গোচৰত ফাদিল হ’ল গোপন বাৰ্তা : কি লিখিছিল অভিযুক্তই?

চাৰ্লি কাৰ্ক হত্যাকাণ্ডৰ গোচৰত ফাদিল হ’ল গোপন বাৰ্তা : কি লিখিছিল অভিযুক্তই?

September 17, 2025 11:08 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd