পতঞ্জলি গ্ৰুপৰ মন্তব্যক গৰিহণা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলৰ : ৰাজহুৱাভাৱে ক্ষমা খোজাৰ দাবী

Ajmal patanjali

আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত অসমীয়া জাতিক অপমান কৰি বক্তব্য দিয়া পতঞ্জলি গ্ৰুপক তীব্ৰ ভাষাৰে গৰিহণা দিছে ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে। তেওঁ লগতে পতঞ্জলি গ্ৰুপক অসমবাসীৰ ওচৰত ৰাজহুৱাভাৱে ক্ষমা খোজাৰ দাবী তোলে।

উল্লেখযোগ্য যে, আমেৰিকাৰ এজন প্ৰখ্যাত সাংবাদিক ৰবাৰ্ট এফ ৱৰ্থে নিজৰ ভ্ৰমণ অভিজ্ঞতাৰ ভিত্তিত যুগুতোৱা এটা প্ৰতিবেদনত পতঞ্জলিৰ মেনেজাৰজনে কৈছিল, “অসমৰ মানুহৰ বহুতো বদ অভ্যাস আছে, ইয়াৰ ভিতৰত আমিষ আহাৰ খোৱা,দেশৰ প্ৰতি শ্ৰদ্ধাশীল নোহাৱাও আছে।”

তাৎপৰ্য্যপূৰ্ণভাৱে, পতঞ্জলিৰ মেনেজাৰজনৰ এই মন্তব্যৰ পাছতে সৰ্বত্ৰে ব্যাপক প্ৰতিক্ৰিয়া চলি থকাৰ সময়তে নৰ্থ ইষ্ট নাওলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিযোগে আজমলে কয় যে বিজেপি নেতৃত্বাধীন যিখন মিত্ৰজোঁট চৰকাৰে অসমৰ থলুৱা লোকক বঞ্চিত কৰি বিঘাই-বিঘাই মাটি পতঞ্জলি গ্ৰুপক দিছে, সেই গ্ৰুপে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত অসমীয়া জাতিটোৰ বিৰুদ্ধে বক্তব্য প্ৰদান কৰিছে।

তেওঁ লগতে কয় ‘নিউইয়ৰ্ক টাইমছত অসমীয়া জাতিটোক অপমান কৰি অসমীয়া জাতিয়ে ৰাষ্ট্ৰক সন্মান কৰিব নাজানে, অসমীয়া জাতিৰ খাদ্যভ্যাস বেয়া ইত্যাদি মন্তব্যৰে অসমীয়া জাতিক বিশ্বৰ আগত অপমান কৰা কাৰ্য্যক আমি গৰিহণা দিয়াৰ লগতে তীব্ৰ ভাষাৰে নিন্দা কৰিছো।’

আনহাতে, জাতি-মাটি-ভেটিৰ কথা কৈ শাসনলৈ অহা চৰকাৰখনৰ পৃষ্ঠপোষকতাতে পতঞ্জলি গ্ৰুপে অসমৰ মাটিত খোপনি পোতা বুলি সদৰী কৰি আজমলে লগতে কয় ‘অথচ সেই পতঞ্জলি গ্ৰুপেই অসমীয়া জাতিটোক বিশ্ব দৰবাৰত অপমানিত কৰিছে। ই সঁচাকৈয়ে অসমীয়া জাতিটোৰ কাৰণে দুৰ্ভাগ্যজনক।’

উল্লেখ্য যে, পতঞ্জলি উদ্যোগৰ পৰিচালকগৰাকীয়ে অসম আৰু অসমীয়াৰ স্বাভিমানত আঘাত হনা মন্তব্য কৰাৰ বিৰুদ্ধে তেজপুৰত বিভিন্ন জাতীয়তাবাদী দল-সংগঠনৰ লগতে সকলো ৰাইজ জাঙুৰ খাই উঠিছিল আৰু সদৌ অসম জাতীয়তাবাদী যুৱ সন্মিলনে পতঞ্জলিৰ অতিথিশালাৰ সন্মুখত ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰিছিল।