• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব নাগালেণ্ড

পাঁচ দিন পৰ্য্যন্ত এখনো মনোনয়নপত্ৰ পৰা নাই : অহা দুদিনত লক্ষণীয় হ’ব নাগালেণ্ডৰ ৰাজনৈতিক পটভূমি

এন ই নাও নিউজ by এন ই নাও নিউজ
February 5, 2018 5:44 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজনৈতিক সংকটৰ মাজতে ত্ৰয়োদশ বিধানসভা নিৰ্বাচনৰ আখৰা চলি থকা নাগালেণ্ডত মনোনয়ন দাখিলৰ বাবে মাত্ৰ দুদিন বাকী থকা অৱস্থাতো কোনো প্ৰাৰ্থীয়েই মনোনয়ন পত্ৰ দাখিল কৰা নাই। ৰাজ্যখনত কেন্দ্ৰীয় নিৰ্বাচন আয়োগে নিৰ্বাচনী অধিসূচনা জাৰি কৰা আজি পঞ্চম দিন হ’ল। অৰ্থাৎ মনোনয়ন পত্ৰ আহ্বান জনোৱা আজি পঞ্চম দিন হ’ল। অথচ এখনো মনোনয়ন পত্ৰ পোৱা নাই ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াই।

উল্লেখযোগ্য যে যোৱা ৩ ফেব্ৰুৱাৰিত নাগা হোহো আৰু শীৰ্ষস্থানীয় নাগা বেচৰকাৰী সংগঠনবোৰে এক বিবৃতিৰ জৰিয়তে নিৰ্বাচনত মনোনয়ন দাখিল কৰাটো বিশ্বাসঘাতকতা বুলি গণ্য কৰা হ’ব বুলি ভাবুকি দিয়াৰ লগতে ৪ ফেব্ৰুৱাৰিত এন এছ চি এনেও একেই ভাবুকি দিছিল। আনকি এন এছ চি এনৰ ভাবুকি আছিল অধিক কঠোৰতাৰে ভৰা। কেন্দ্ৰীয় চৰকাৰৰ সৈতে শান্তি আলোচনা চলাই থকা বিদ্ৰোহী সংগঠনটোৱে নাগা ৰাইজৰ আহ্বানক অৱমাননা কৰিলে যিকোনো লোকেই বিষম পৰিস্থিতিৰ সন্মুখীন হ’ব বুলি কৈছিল কালিৰ বিবৃতিত।

শাসনাধিষ্ঠিত এন পি এফ, কংগ্ৰেছ, বিজেপিয়ে নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ সিদ্ধান্ত ঘোষণা কৰিলেও কোনো দলৰ প্ৰাৰ্থীয়েই মনোনয়নপত্ৰ দাখিল কৰা নাই। বিজেপিয়ে প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছে যদিও ঘোষিত প্ৰাৰ্থীৰো কোনেও মনোনয়ন পত্ৰ দিয়া নাই।

উল্লেখযোগ্য যে  ৰাজ্যখনৰ ১১ টা ৰাজনৈতিক দলে নাগা সমস্যাটো নিৰ্বাচনৰ পূৰ্বেই সমাধানৰ দাবীত যোৱা ২৯ জাৱনুৱাৰিত নিৰ্বাচন বৰ্জন কৰাৰ বাবে এটা যৌথ বিবৃতিত চহী কৰিছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচন অনুষ্ঠিত হোৱা-নোহোৱাৰ মাজত এক অস্পষ্টতাই ভূমুকি মাৰিছিলহি। কিন্তু দুদিন পিছতে বিজেপিয়ে আৰু তাৰ এদিন পিছতে এন পি এফ আৰু কংগ্ৰেছেও সেই স্থিতিৰ পৰা আঁতৰি আহি নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছিল।

কিন্তু তাৰ পিছতে নাগা হোহো আৰু এন এছ চি এনে তেওঁলোকৰ কঠোৰ স্থিতি প্ৰকাশ কৰিছিল। এই পটভূমিত অহা দুদিনৰ ভিতৰত নাগালেণ্ডৰ ৰাজনৈতিক ঘটনাৱলী বেচ লক্ষণীয় হ’ব। বিশেষকৈ ৰাজনৈতিক দলবোৰে এন এছ চি এন (আই এম)ৰ স্থিতিৰ সৈতে কেনেকৈ মোকাবিলা কৰে সেয়া চাব লগীয়া হ’ব।

উল্লেখযোগ্য যে দেশৰ নিৰ্বাচন আয়োগৰ সূচীমতে ত্ৰয়োদশ নাগালেণ্ড বিধানসভাৰ নিৰ্বাচন অহা ২৭ ফেব্ৰুৱাৰিত অনুষ্ঠিত হোৱাৰ কথা। ইতিপূৰ্বে কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী কিৰেন ৰিজিজুৱে এক মন্তব্যত কৈছিল যে নাগালেণ্ডত যিকোনো পৰিস্থিতিতেই নিৰ্বাচন অনুষ্ঠিত কৰা হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এয়া ল’ৰা-ধেমালি নেকি! ডিমা হাছাওৰ ৩০০০ বিঘা ভূমি আৱন্টনক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তীব্ৰ প্ৰতিক্ৰিয়া

এয়া ল’ৰা-ধেমালি নেকি! ডিমা হাছাওৰ ৩০০০ বিঘা ভূমি আৱন্টনক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তীব্ৰ প্ৰতিক্ৰিয়া

August 18, 2025 5:55 pm
পুনৰ আৰম্ভ হ’ব পাৰে ভাৰত-চীনৰ মাজত পোনপটীয়া বিমান সেৱা

পুনৰ আৰম্ভ হ’ব পাৰে ভাৰত-চীনৰ মাজত পোনপটীয়া বিমান সেৱা

August 18, 2025 4:57 pm
মুখ্য ন্যায়াধীশৰ প্ৰশ্ন- পথ নিৰ্মাণ অসম্পূৰ্ণ, সেৱা নাই তথাপিও কিয় টোল?

মুখ্য ন্যায়াধীশৰ প্ৰশ্ন- পথ নিৰ্মাণ অসম্পূৰ্ণ, সেৱা নাই তথাপিও কিয় টোল?

August 18, 2025 3:52 pm
প্ৰসিদ্ধ অভিনেতা, ‘ছুপাৰমেন’ৰ খলনায়ক টেৰেন্স ষ্টেম্পৰ দেহাৱসান; ভাৰতলৈ তেওঁ কিয় আহিছিল?

প্ৰসিদ্ধ অভিনেতা, ‘ছুপাৰমেন’ৰ খলনায়ক টেৰেন্স ষ্টেম্পৰ দেহাৱসান; ভাৰতলৈ তেওঁ কিয় আহিছিল?

August 18, 2025 3:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এয়া ল’ৰা-ধেমালি নেকি! ডিমা হাছাওৰ ৩০০০ বিঘা ভূমি আৱন্টনক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তীব্ৰ প্ৰতিক্ৰিয়া

এয়া ল’ৰা-ধেমালি নেকি! ডিমা হাছাওৰ ৩০০০ বিঘা ভূমি আৱন্টনক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তীব্ৰ প্ৰতিক্ৰিয়া

August 18, 2025 5:55 pm
পুনৰ আৰম্ভ হ’ব পাৰে ভাৰত-চীনৰ মাজত পোনপটীয়া বিমান সেৱা

পুনৰ আৰম্ভ হ’ব পাৰে ভাৰত-চীনৰ মাজত পোনপটীয়া বিমান সেৱা

August 18, 2025 4:57 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd