• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পাবলিছাৰ্ছ এণ্ড বুক ছে’লাৰছ এছ’চিয়েশ্যনে বৰ্জন কৰিব প্ৰকাশন পৰিষদৰ চানমাৰি গ্ৰন্থমেলা

এন ই নাও নিউজ by এন ই নাও নিউজ
December 13, 2017 12:51 pm
119
VIEWS
Share on FacebookShare on Twitter

সদৌ অসম পাবলিছাৰ্ছ এণ্ড বুক ছে’লাৰছ এছ’চিয়েশ্যনে (AAPBSA) জনাইছে যে তেওঁলোকে চৰকাৰে ৰাজ্যখনৰ ছাত্ৰ-ছাত্ৰীসকলক একাদশ শ্ৰেণী পৰ্যন্ত বিনামূলীয়া কিতাপ দিয়াৰ যি সিদ্ধান্ত লৈছে তাৰ বিৰুদ্ধে প্ৰতিবাদ হিচাপে অহা ২০ ৰ পৰা ২৩ ডিচেম্বৰলৈকে সমগ্ৰ অসমতে এছ’চিয়েশ্যনৰ অন্তৰ্ভুক্ত সকলো বিপণি বন্ধ ৰাখিব। সদৌ অসম পাবলিছাৰ্ছ এণ্ড বুক ছে’লাৰ এছ’চিয়েশ্যনৰ সাধাৰণ সম্পাদক ধীৰাজ গোস্বামীয়ে কয় যে চৰকাৰৰ এই সিদ্ধান্তই অসমৰ গ্ৰন্থ প্ৰকাশক তথা বিক্ৰেতাসকলক মাধমাৰ শোধাব। কিয়নো তেওঁলোকে এই পাঠ্যপুথি আৰু তাৰ প্ৰসংগ গ্ৰন্থ প্ৰকাশ কৰি তথা বিক্ৰী কৰি জীৱিকা উলিয়াই আছে। তেওঁলোকে এই পদক্ষেপৰ বিৰুদ্ধে হস্তক্ষেপ বিচাৰি মুখ্য মন্ত্ৰীক এখন স্মাৰকপত্ৰ প্ৰদান কৰে, যিখনৰ বক্তব্যক বহুকেইজন সাহিত্যিক, বুদ্ধিজীৱীয়ে সমৰ্থন কৰা বুলি তেওঁলোকে জানিবলৈ দিয়ে। তেওঁলোকে চৰকাৰলৈ এইটো বিকল্প আগ বঢ়ায় যে ছাত্ৰ-ছাত্ৰীসকলক বিনামূলীয়া কিতাপ দিয়াৰ পৰিৱৰ্তে তেওঁলোকক জলপানি দিয়াৰ ব্যৱস্থা কৰক, যাতে ছাত্ৰ-ছাত্ৰীসকলে তাৰে বজাৰৰ পৰা কিতাপ কিনিব পাৰে। কিন্তু তাকে নকৰি, বিনামূলীয়া কিতাপ যোগান ধৰিলে বহুতো গ্ৰন্থ ব্যৱসায়ীৰ উপাৰ্জনৰ বাট মৰিব বুলি কয়।

উল্লেখযোগ্য যে চৰকাৰে আজি কেইবাবছৰৰ পৰা প্ৰাথমিক পৰ্য্যায়ত বিনামূলীয়া পাঠ্যপুথিৰ যোগান ধৰি আহিছিল যদিও যোৱা বছৰৰ পৰা নৱম আৰু দশম শ্ৰেণীৰ বাবেও বিনামূলীয়া পাঠ্যপুথিৰ যোগান ধৰাৰ ব্যৱস্থা কৰিছে। অহা বছৰৰ পৰা একাদশ আৰু দ্বাদশ শ্ৰেণীৰ বাবেও বিনামূলীয়া পাঠ্যপুথিৰ যোগান ধৰিবলৈ ওলোৱা বাবে স্থানীয় গ্ৰন্থ ব্যৱসায়ীসকল তেওঁলোকৰ ব্যৱসায়ক লৈ শংকিত হৈ পৰিছে। চৰকাৰৰ এই সিদ্ধান্তৰ প্ৰতিবাদত এছ’চিয়েশ্যনে ২০ ৰ পৰা ২৩ ডিচেম্বৰলৈকে তেওঁলোকৰ এছ’চিয়েশ্যনৰ অন্তৰ্গত প্ৰতিষ্ঠানবোৰ বন্ধ ৰখাৰ লগতে অহা ২২ ডিচেম্বৰৰ পৰা ২ জানুৱাৰিলৈকে চানমাৰিৰ অসম কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানৰ খেলপথাৰত প্ৰকাশন পৰিষদে পাতিব লগীয়া গ্ৰন্থমেলাত অংশ গ্ৰহণ নকৰাৰ সিদ্ধান্ত লৈছে।

Recent News

ভাৰত-পাকিস্তান সংঘাতৰ মাজতে চীনৰ সামৰিক প্ৰযুক্তিৰ গুৰুত্বপূৰ্ণ পৰীক্ষণ

ভাৰত-পাকিস্তান সংঘাতৰ মাজতে চীনৰ সামৰিক প্ৰযুক্তিৰ গুৰুত্বপূৰ্ণ পৰীক্ষণ

মাতৃ দিৱসৰ দিনাই গুৱাহাটীত মাতৃ সমাজক লজ্জানত কৰা ঘটনা : পৰকীয়া প্ৰেমৰ বাবেই ১০ বছৰীয়া সন্তানক হত্যা কৰি ট্ৰলীত ভৰালে মাতৃয়ে

মাতৃ দিৱসৰ দিনাই গুৱাহাটীত মাতৃ সমাজক লজ্জানত কৰা ঘটনা : পৰকীয়া প্ৰেমৰ বাবেই ১০ বছৰীয়া সন্তানক হত্যা কৰি ট্ৰলীত ভৰালে মাতৃয়ে

পুঁজিপতিক গতাবলৈ দিয়া নহ’ব দৰাবিল ভূমি : দৰাবিল চৰণীয়া পথাৰ সুৰক্ষা আহ্বায়ক সমিতিৰ প্ৰতিবাদ

পুঁজিপতিক গতাবলৈ দিয়া নহ’ব দৰাবিল ভূমি : দৰাবিল চৰণীয়া পথাৰ সুৰক্ষা আহ্বায়ক সমিতিৰ প্ৰতিবাদ

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd