প্ৰথমবাৰৰ বাবে কোকৰাঝাৰত ৰাজ্যপাল জগদীশ মুখী; নিৰাপত্তাৰক্ষীৰ উচ্চ পদস্থ বিষয়াৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক

IMG-20180718-WA0029

প্ৰথমবাৰৰ বাবে বুধবাৰে কোকৰাঝাৰত উপস্থিত হয় অসমৰ ৰাজ্যপাল জগদীশ মুখী। ৰাতিপুৱা উপস্থিত হোৱাৰ পাছতে ৰাজ্যপাল জগদীশ মুখী পোনে পোনে আৱৰ্ত ভৱনত উপস্থিত হয়।

ইয়াৰ পাছতে ৰাজ্যপালগৰাকী আৱৰ্ত ভৱনত নিৰাপত্তাৰক্ষীৰ উচ্চ পদস্থ বিষয়াবৰ্গৰে মিলিত হয় গুৰুত্বপূৰ্ণ বৈঠকত। তাৰোপৰি বি টি চিৰ মুখ্য সচিবৰ উপস্থিতিত বি টি চিৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াৰ সৈতে বৈঠকত মিলিত  হৈ ৰাজ্যপাল মুখীয়ে বিষয়াসকলক চৰকাৰী আঁচনিসমূহ যথাযথভাৱে ৰূপায়ণৰ নিৰ্দেশ দিয়ে।

দুয়োখন বৈঠকৰ অন্তত ৰাজ্যপাল মুখী কোকৰাঝাৰৰ বিজ্ঞান মহাবিদ্যালয়, আৰ এন বি চিকিৎসালয় আৰু কোকৰাঝাৰ সদৰ থানা পৰিদৰ্শন কৰি স্বচ্ছতাৰ বুজ লয়। তদুপৰি কোকৰাঝাৰ চহৰৰ পৰা ১০ কিলোমিটাৰ নিলগৰ উত্তৰ-পশ্চিম প্ৰান্তৰ দক্ষিণ ঘোষকাটা গাঁৱতো ৰাজ্যপালগৰাকী উপস্থিত হৈ গাওঁবাসীৰ সৈতে বিভিন্ন বিষয়ত মত বিনিময় কৰে।

উল্লেখ্য যে গাঁওখনত আজি পৰ্যন্ত বিদ্যুতৰ সংযোগ নোহোৱা দেখি ৰাজ্যপালগৰাকী আচৰিত হোৱাৰ লগতে চলিত বছৰৰ ৩১ ডিচেম্বৰৰ ভিতৰত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গ্ৰহণ কৰা আঁচনিৰ জৰিয়তে দেশৰ সকলো গাঁৱতে বিনামূলীয়া বিদ্যুৎ সংযোগ প্ৰদান কৰা হ’ব বুলি প্ৰকাশ কৰে।

ইফালে সন্ধিয়া ৰাজ্যপালে বিভিন্ন দল-সংগঠনৰ সৈতে মত বিনিময় কৰাৰ উপৰি সন্ধিয়া প্ৰায় ৭.৩০ মান বজাত এক সংবাদমেল সম্বোধন কৰে।

আৱৰ্ত ভৱনত অনুষ্ঠিত সংবাদমেলত ভ্ৰমণৰ কথা সদৰী কৰি ৰাজ্যপালে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণৰ সুবিধাৰ্থে লোৱা বিভিন্ন আঁচনিৰ কথা উল্লেখ কৰে।

উল্লেখ্য যে কোকৰাঝাৰ ৰে’লৱে ষ্টেশ্যনত জিলা প্ৰশাসনৰ মুৰব্বী তথা উপায়ুক্ত নিৰঞ্জন বৰুৱা, বি টি চি প্ৰশাসনৰ হৈ মুখ্য সচিব বীৰেন চন্দ্ৰ ফুকন, জিলা আৰক্ষী বিষয়া ৰাজেন সিং সহিতে কেইবাটাও বিভাগৰ উচ্চ পৰ্যায়ৰ বিষয়া-কৰ্মচাৰীয়ে ৰাজ্যপালক ফুলাম গামোচা, ফুলৰ থোপা আদিৰে আদৰণি জনায়।