নাগালেণ্ড ক্ৰীড়া ক্ষেত্ৰত এক যুগান্তকাৰী পদক্ষেপৰ সিদ্ধান্ত। পোন প্ৰথম বাৰৰ বাবে নাগালেণ্ড অলিম্পিক সন্থাই ৰাজ্য চৰকাৰৰ সহযোগত ১৩ ডিচেম্বৰৰ পৰা ১৯ ডিচেম্বৰলৈ ডিমাপুৰত আয়োজন কৰিব আন্তঃজিলা ভিত্তিক অলিম্পিক খেলৰ। এই কথা ঘোষণা কৰে নাগালেণ্ড অলিম্পিক সন্থাৰ সভাপতি তথা লোক সভাৰ সাংসদ নেইফিও ৰিঅ’ই। এই খেলত পুৰুষ আৰু মহিলাই দুয়োটা শাখাতে আৰ্চাৰী, এথলেটিকছ, বেডমিণ্টন, বক্সিং, ফুটবল, লন টেনিচ, টেবুল টেনিচ, টাইকোৱাণ্ডো, ৰেচলিং, ভলিবল আৰু উশ্বু খেলত খেলুৱৈ সকলে প্ৰতিদ্বণ্ডিতা আগবঢ়াব পাৰিব বুলি আয়োজক সন্থাই জানিবলৈ দিয়ে। আয়োজক সন্থাই প্ৰত্যেক জিলা কমিটি সমূহক খেলুৱৈ বাছনি প্ৰক্ৰিয়া, যাতায়ত ব্যৱস্থা তথা পোচাক আৰু অন্যান্য লাগতিয়াল সামগ্ৰীৰ বাবে অনুদান আগ বঢ়াইছে। প্ৰত্যেক জিলা দল সমূহৰ লগত কন্টিনজেন্ট মেনেজাৰ, ডেপুটি মেনেজাৰ, এজনকৈ মেনেজাৰ আৰু প্ৰশিক্ষক ৰখাৰ বাবে নাগালেণ্ড অলিম্পিক সন্থাই জিলা সমূহক জনাই দিয়া বুলি কয়। আয়োজকৰ ফালৰ পৰা খেলুৱৈ সকলক খোৱা তথা যাতায়তৰ সু-ব্যৱস্থা কৰি দিব বুলি জনায়। জানিব পৰা মতে জিলা কমিটিসমূহে উদ্যোক্তাক শুভউদ্ধোধনী অনুষ্ঠানত নিজৰ জিলাৰ হৈ প্ৰতিনিধিত্ব কৰিব লগীয়া ধ্বজা বাহক খেলুৱৈ সমূহৰ নাম, তেওঁলোকৰ সফলতা আদি ইতিমধ্যেই জিলা কমিটি সমূহে প্ৰেৰণ কৰিছে। এই খেলৰ জৰিয়তে ভৱিষৎ দিনত খেলুৱৈ সকলক যথেষ্ট উৎসাহী তথা অনুপ্ৰাণিত কৰিব বুলি নাগালেণ্ড অলিম্পিক সন্থাই অভিহিত কৰিছে।
প্ৰথম বাৰৰ বাবে ১৩ ডিচেম্বৰৰ পৰা নাগালেণ্ড অলিম্পিক
-
By NE NOW NEWS
Related Content
IPL 2024: কোহলীৰ বিৰাট ইনিংছ! পঞ্জাৱ কিংছক হেলাৰঙে হৰুৱালে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে
By
এন ই নাও নিউজ ব্যুৰো
May 10, 2024 7:46 am
সঞ্জীৱ গোৱেংকাৰ ব্যৱহাৰত ক্ষুণ্ণ কান্নুৰ লোকেশ ৰাহুল! পদত্যাগৰ সম্ভাৱনা; দায়িত্ব ল’ব নেকি নিকোলাছ পুৰনে
By
এন ই নাও নিউজ ব্যুৰো
May 9, 2024 8:36 pm
হায়দৰাবাদৰ হাতত পৰাস্ত; খেলপথাৰতে খঙত অধিনায়ক ৰাহুলৰ সন্মুখত অসন্তুষ্টি প্ৰকাশ লক্ষ্ণৌৰ মালিকৰ
By
এন ই নাও নিউজ ব্যুৰো
May 9, 2024 12:30 pm
IPL 2024: ১০ অভাৰতে ১৬০ ৰান অতিক্ৰম কৰি জয়ী কামিন্স বাহিনী; লক্ষ্ণৌক পৰাস্ত কৰি অভিলেখ হায়দৰাবাদৰ
By
এন ই নাও নিউজ ব্যুৰো
May 9, 2024 7:44 am
অৱশেষত উদ্ধাৰ হ’ল মাৰাডোনাৰ হেৰোৱা সোণালী বলটো! পেৰিছত কৰা হ’ব নিলাম
By
এন ই নাও নিউজ ব্যুৰো
May 8, 2024 8:42 pm
IPL 2024: ডুবন্ত মুম্বাইৰ দুৰন্ত সূৰ্য! ৱানখেড়েত সূৰ্যকুমাৰ যাদৱৰ বিধ্বংসী শতকেৰে হায়দৰাবাদক ৭ উইকেটত পৰাস্ত কৰিলে মুম্বাইয়ে
By
এন ই নাও নিউজ ব্যুৰো
May 7, 2024 8:03 am