প্ৰবীণ কমিউনিষ্ট নেতা তথা প্ৰাক্তন বিধায়ক বিপিন হাজৰিকাই যোৱা ৩ ডিচেম্বৰত নিজ গৃহত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত হাজৰিকা দেৱে এজন পুত্ৰ আৰু এগৰাকী জীয়ৰীক এৰি থৈ যায়। তেওঁ সহধৰ্মিণী তথা ডুমডুমা হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী অমিয়া হাজৰিকাৰ যোৱা বছৰত মৃত্যু হৈছিল। ছাত্ৰ অৱস্থাৰ পৰাই ৰাজনৈতিকভাৱে সক্ৰিয় বিপিন হাজৰিকাই যোৰহাটৰ জে বি কলেজৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হৈছিল। তেওঁ ছাত্ৰ অৱস্থাতেই দুলাল চন্দ্ৰ বৰুৱা আদিৰ দৰে প্ৰবীণ বামপন্থী নেতা সকলৰ সংস্পৰ্শলৈ আহিছিল। কৃষক আন্দোলনৰ লগত ঘনিষ্ঠভাৱে জড়িত হাজৰিকা দেৱে ১৯৬২ চনত কাকপথাৰৰ মেছাকী সংৰক্ষিত বনাঞ্চলত বহু ভূমিহীন কৃষকক পুনৰ সংস্থাপন কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। ১৯৭৫ ৰ জৰুৰীকালীন অৱস্থাত ১৯ মাহৰ কাৰাবাস খটা বিপিন হাজৰিকাই ১৯৭৮ চনত গোলাপ বৰবৰাৰ মন্ত্ৰী সভাত চি পি আই (এম)ৰ পৰা শদিয়া সমষ্টিৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। ইয়াৰ উপৰি তেওঁ কৃষক সভাৰো সম্পাদক আছিল। ৮১ বছৰত মৃত্যু হোৱা হাজৰিকা দেৱৰ মৃতদেহ তেওঁৰ ইচ্ছা অনুসৰি ইলোৰা বিজ্ঞান মঞ্চৰ জৰিয়তে ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজক আৰু চকুযোৰ তিনিচুকীয়া আই বেংকত দান দিয়া হয়।
প্ৰবীণ বামপন্থী নেতা তথা প্ৰাক্তন বিধায়ক বিপিন হাজৰিকাৰ দেহাৱসান
-
By NE NOW NEWS
- Categories: অসম
Related Content
কুম্ভকৰ্ণৰ সন্ধানত! দক্ষিণ কোৰিয়াত অনুষ্ঠিত হ’ল টোপনিৰ প্ৰতিযোগিতা
By
এন ই নাও নিউজ ব্যৰো
May 19, 2024 1:05 pm
যোৰহাটত আশ্চৰ্যকৰ ঘটনা! মদাহী স্বামীৰ বৰ্বৰতা সহিব নোৱাৰি হত্যা কৰি জ্বলাই দিলে পত্নীয়ে
By
এন ই নাও নিউজ ব্যৰো
May 19, 2024 1:03 pm
বিকল্প নাই! বিক্ৰী হ’ব কোম্পানী, আৰ বি আইৰ পৰা ১০ দিনৰ সময় বিচাৰিলে অনিল আম্বানীয়ে
By
এন ই নাও নিউজ ব্যৰো
May 19, 2024 11:55 am
ডক্টৰেট ডিগ্ৰী লাভ কৰিলে মেকুৰীয়ে; কিয় দিয়া হ’ল এই সন্মান?
By
এন ই নাও নিউজ ব্যৰো
May 19, 2024 10:16 am
হিচাপ এতিয়াও বাকী! আয়কৰ অভিযানত জোতা ব্যৱসায়ীৰ লুকাই ৰখা স্থানৰ পৰা উদ্ধাৰ টকাৰ পাহাৰ
By
এন ই নাও নিউজ ব্যৰো
May 19, 2024 8:53 am
নিৰ্বাচনৰ মাজতে নাড্ডাৰ দৰ্প! ‘বিজেপি আৰু পূৰ্বৰ দৰে আৰএছএছৰ ওপৰত নিৰ্ভৰশীল নহয়’
By
এন ই নাও নিউজ ব্যৰো
May 19, 2024 7:51 am