প্ৰাক্তন বিধায়ক মনোৱাৰ হুছেইনলৈ এন আৰ চি কৰ্তৃপক্ষৰ জাননি

গোৱালপাৰা(পূৱ) বিধান সভা সমষ্টিৰ প্ৰাক্তন এ আই ইউ ডি এফৰ বিধায়ক মনোৱাৰ হুছেইনলৈ এন আৰ চি কৰ্তৃপক্ষই জাননি জাৰি কৰিছে। এন আৰ চি কৰ্তৃপক্ষই প্ৰেৰণ কৰা এই জাননি লাভ কৰাৰ পিছতে প্ৰাক্তন বিধায়ক গৰাকী হতভম্ব হৈ পৰিছে। গোৱালপাৰা চহৰৰ নয়নাপাৰাস্থিত পি আৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপতে থকা তেওঁৰ বাসগৃহত যোৱা ৮ ডিচেম্বৰ তাৰিখে এই জাননী পত্ৰ খন লাভ কৰে। এন আৰ চি কতৃপক্ষই প্ৰাক্তন বিধায়ক গৰাকীৰ নাগৰিকত্বৰ প্ৰমাণৰ বাবে এই  জাননি প্ৰেৰণ কৰে।

এই পত্ৰ লাভ কৰাৰ পিছত দেওবাৰে প্ৰথম বাৰৰ বাবে তেওঁ সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ কয় ‘ এন আৰ চি প্ৰ-পত্ৰ পূৰণৰ সময়ত ১৯৫১ চনৰ নিজৰ নামত থকা এন আৰ চি আৰু ১৯৬৬ চনৰ ভোটাৰ তালিকাৰ উপৰিও যাৱতীয় নথি পত্ৰ দাখিল কৰিছো। ইয়াৰ পিছতো যদি মই মোৰ নাগৰিকত্বৰ প্ৰমাণ দিব লাগে তেতিয়াহ’লে ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা একো নাই’। ১৯৫৩ চনত গোৱালপাৰা চহৰতে অৱস্থিত ১ নম্বৰ প্ৰথমিক বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হৈ ১৯৬২ চনত পি আৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হও। ১৯৬৫ চনত গোৱালপাৰা মহাবিদ্যালয়ৰ পৰা স্নাতক লৈ ১৯৭০ চনত বি এল এল ডিগ্ৰী লোৱা বুলি প্ৰাক্তন বিধায়ক গৰাকীয়ে কয়। ইয়াৰ উপৰিও ২০১১ চনৰ পৰা ২০১৬ চনলৈ গোৱালপাৰা (পূৱ ) বিধান সভা সমষ্টিৰ বিধায়ক আছিলো। তাৰ পিছতো এনে জাননী প্ৰেৰণ কৰা এক গভীৰ উদ্বেগ জনক বুলি অভিহিত কৰে।

প্ৰাক্তন বিধায়ক গৰাকীয়ে এই জাননি লাভ কৰাৰ পিছত সৰ্বত্ৰ গোৱালপাৰা চহৰত প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। এন আৰ চি কৰ্তৃপক্ষই প্ৰেৰণ কৰা এই জাননি প্ৰাক্তন বিধায়ক গৰাকীৰ বিৰুদ্ধে এক গভীৰ ৰাজনৈতিক ষড়যন্ত্ৰ বুলি স্থানীয় একাংশই মত পোষণ কৰে।