বক্সিঙৰ ৰাষ্ট্ৰীয় পৰ্যবেক্ষক পদৰ পৰা মেৰীকমৰ পদত্যাগ

পাঁচবাৰৰ বিশ্ব চেম্পিয়ন মেৰীকমে ভাৰতীয় বক্সিঙৰ ৰাষ্ট্ৰীয় পৰ্যবেক্ষক পদৰ পৰা পদত্যাগ কৰিছে। কোনো সক্ৰিয় খেলুৱৈকে এই পদৰ বাবে বিবেচনা কৰা নহয় বুলি কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী ৰাজ্যবৰ্দ্ধন সিং ৰাথোৰে স্পষ্ট কৰি দিয়াৰ পিছতে মেৰীকমে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

৩৫ বছৰীয়া অলিম্পিকৰ ব্ৰঞ্জ পদক অৰ্জন কৰা খেলুৱৈগৰাকী  মাৰ্চত তদানীন্তন ক্ৰীড়া মন্ত্ৰী বিজয় গোৱেলে ৰাষ্ট্ৰীয় পৰ্যবেক্ষক হিচাপে নিযুক্তি দিয়া ১২ গৰাকী ব্যক্তিৰ মাজত এগৰাকী আছিল। এই তালিকাত থকা সকলৰ মাজত অন্যতম আছিল অলিম্পিকত স্বৰ্ণ বিজয়ী শ্বুটাৰ অভিনৱ বিন্দ্ৰা, দুবাৰকৈ অলিম্পিক পদক অৰ্জনকাৰী সুশীল কুমাৰ আৰু কমনৱেলথ গেমছত স্বৰ্ণ বিজয়ী অখিল কুমাৰ।

এইসকলৰ ভিতৰত সুশীল কুমাৰ আৰু মেৰীকম এতিয়াও তেওঁলোকৰ খেলৰ সৈতে সক্ৰিয় হৈ লাগি আছে। মেৰীকমে সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে তেওঁ নিজৰ সিদ্ধান্ত সুখী আৰু এই বিষয়ত তেওঁৰ কোনো অভিযোগ নাই। ভাৰতীয় বক্সিঙৰ এগৰাকী জীৱন্ত কিংবদন্তি হিচাপে পৰিচিত মেৰীকমে অহা বছৰ কমনৱেলথ আৰু এছিয়ান গেমছত ভাগ লোৱাৰ মনস্থ কৰিছে।