নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত হৈ থকাৰ সময়তে বঙাইগাঁও জিলাৰ নাম্বাৰপাৰাত দেখা গ’ল আন এক প্ৰতিবাদ। কেন্দ্ৰীয় বিজেপি চৰকাৰ তথা ৰাজ্য চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে দেওবাৰে সন্ধিয়া বঙাইগাঁও জিলা NSUI য়ে নাম্বাৰপাৰাত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।
প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদি হায় হায়, অসম চৰকাৰ হায় হায়, বিজেপি হায় হায়, আদি ধ্বনিৰে প্ৰতিবাদকাৰীসকলে উত্তাল কৰি তোলে ৰাজপথ।
ভাৰতৰ প্ৰতিখন গাঁৱৰ প্ৰতি ঘৰতে বিদ্যুৎ সংযোগ সম্পূৰ্ণ হোৱা বুলি প্ৰধান মন্ত্ৰী মোদিয়ে কৰা ঘোষণাক সম্পূৰ্ণ মিথ্যাচাৰ বুলি অভিহিত কৰি প্ৰতিবাদকাৰীসকলে ৰাজপথত প্ৰধান মন্ত্ৰী মোদিৰ পুত্তলিকা দাহ কৰে।
উল্লেখ্য যে প্ৰধান মন্ত্ৰীৰ ঘোষণাৰ বিপৰীতে এতিয়াও নাম্বাৰপাৰা অঞ্চলবাসী বিদ্যুৎ সেৱাৰ পৰা সম্পূৰ্ণ বঞ্চিত। সেয়ে দেওবাৰে বিদ্যুৎ সেৱাৰ পৰা বঞ্চিত ৰাইজ ৰাজপথলৈ ওলাই আহি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজৰা পৰিলক্ষিত হয়।
জিলাখনৰ নাম্বাৰপাৰা ১ম খণ্ড, নাম্বাৰপাৰা ২য় খণ্ড, গোলাপাৰা ৩য় আৰু ৪ৰ্থ খণ্ড আৰু চাকলা ১ ম খণ্ডত এতিয়াও নাই বিদ্যুৎ সেৱা। চাকীৰ পোহৰেৰে ভবিষ্যত গঢ়াৰ সপোন ৰচিছে শ শ শিক্ষাৰ্থীয়ে।