বনাঞ্চলত নহয় এইবাৰ জনাঞ্চলত মানুহক আক্ৰমণ গঁড়ৰ

গঁড়

প্ৰতিনিধিত্বমূলক ফটো

বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ অন্তৰ্গত বাহবাৰী গাঁৱত আজি ৰাজীব শইকীয়া নামৰ এজন লোকক আক্ৰমণ কৰে এটা প্ৰকাণ্ড গঁড়ে। খাদ্যৰ অভাৱত কাজিৰঙা ৰাষ্টীয় উদ্যানৰ পৰা ওলাই অহা গঁড়টোৱে বিহালীত সন্ত্ৰাসৰ সৃষ্টি কৰে।

আজি কেইবাদিনৰ পৰা কাজিৰঙাৰ পৰা ওলাই অহা গঁড়টোৱে বিহালীৰ বাহবাৰী গাঁৱত মুক্তভাবে বিচৰণ কৰি ফুৰিছে। কিন্তু বন বিভাগে গাঁৱবাসীক এই বিষয়ে  অৱগত নকৰাৰ ফলত আজি সংঘটিত হ’ল এক ভয়াবহ ঘটনা। এই ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰে বাহবাৰী গাওঁৰ ৰাজীব শইকীয়া নামৰ লোকজনৰ।

ঘটনাৰ বিৱৰণী অনুসৰি আজি পুৱা ৰাজীব শইকীয়া নামৰ লোকজনে নিজৰ ঘৰৰ পিছফালে থকা চাপৰিত গৰু এৰাল দিবলৈ যাওঁতে হঠাৎ এটা প্ৰকাণ্ড গঁড়ে লোকজনক আক্ৰমণ কৰে। ফলত ৰাজীব শইকীয়া গুৰুতৰভাৱে আহত হৈ বৰগাং আদৰ্শ চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হয়।

ইপিনে, কাজিৰঙাৰ দক্ষিণ পাৰে চোৰাং চিকাৰীয়ে বহুবাৰ গঁড় হত্যা কৰি আহিছে। তথাপি বনবিভাগে জনাঞ্চলত মুক্তভাৱে বিচৰণ কৰি থকা গঁড়টোৰ সুৰক্ষাৰ বাবে ৰাইজৰ মাজত কোনো ধৰণৰ সজাগতা সৃষ্টি নকৰাৰ অভিযোগ উত্থাপিত হৈছে।