বনৰীয়া হাতীয়ে আগচি ধৰি আক্ৰমণ কৰিলে যাত্ৰীবাহী বাছত

ৰাজ্যখনত বনৰীয়া হাতী আৰু মানুহৰ মাজৰ সংঘাত কিমান পৰ্য্যায়লৈকে গৈছে তাৰ এটা নমুনা পোৱা গ’ল আজি গোলাঘাটত সংঘটিত এটা অপ্ৰত্যাশিত ঘটনাত। আজি আবেলি এই বাতৰি লিখাৰ কেইমুহূৰ্তমানৰ আগেয়ে নামবৰ সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই অহা এটা বনৰীয়া হাতীয়ে ৩৯ নং ৰাষ্ট্ৰীয় পথত এখন যাত্ৰীবাহী বাছত হঠাতে আক্ৰমণ কৰে। ঘটনাৰ বিষয়ে জানিব পৰা মতে AS 09C 6699  নম্বৰৰ বাছখন ২৫ জন যাত্ৰী লৈ ডিফুৰ পৰা গোলাঘাট হৈ কাৰ্বি আংলঙৰ দলামৰালৈ গৈ আছিল। তেনেকুৱাতে হঠাতে কাষৰ হাবিৰ পৰা এটা বনৰীয়া হাতী ওলাই আহি বাছখনত আক্ৰমণ কৰে। ফলত বাছখনৰ ড্ৰাইভাৰজন আহত হয়। হাবিৰ পৰা ওলাই অহা এটা বনৰীয়া হাতীৰ এই আকস্মিক আক্ৰমণে যাত্ৰীসকলৰ মাজত এক ত্ৰাসৰ পৰিৱেশ সৃষ্টি কৰে।

উল্লেখযোগ্য যে যোৱা কেইদিন মানত ৰাজ্যখনত বনৰীয়া হাতী আৰু মানুহৰ সংঘাতৰ ঘটনা ইমানেই বৃদ্ধি পাইছে যে প্ৰকৃতিপ্ৰেমী তথা সাধাৰণ লোকো উদ্বিগ্ন হৈ পৰিছে। তথ্য অনুসৰি যোৱা ১০০ দিনত ৰাজ্যত মুঠ ৪০ টা বনৰীয়া হাতীৰ কৰুণ মৃত্যু ঘটিছে। আনহাতে কেইবা ঠাইতো মানুহেও হাতীৰ আক্ৰমণ প্ৰাণ হেৰুৱাইছে। লগতে কৃষকৰ বছৰৰ শ্ৰমৰ ফচল খাই শেষ কৰিছে বনৰীয়া হাতীয়ে।