বাইহাটা চাৰিআলিত নৰপিশাচৰ বলি হ’ল এগৰাকী কিশোৰী

ৰাজ্যত ক্ৰমান্বয়ে নাৰী নিৰ্যাতনৰ ঘটনা বৃদ্ধি পাই অহাৰ সময়তে পুনৰ কামৰূপ গ্ৰাম্যৰ বাইহাটা চাৰিআলিত এগৰাকী কিশোৰী নৰপিশাচৰ কামনাৰ বলি হয়। কামৰূপ গ্ৰাম্যৰ বাইহাটা চাৰিআলিত বৃহস্পতিবাৰে  তিনিটা নৰপিশাচে এগৰাকী ১৩ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰাৰ ঘটনা পোহৰলৈ আহে।  আনহাতে এই ঘটনাই সমগ্ৰ বাইহাটা চাৰিআলি অঞ্চলত এক চাঞ্চল্যকৰ পৰিবেশৰ সৃষ্টি কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি বুধবাৰে তিনিজন লোকে কিশোৰী গৰাকীক ঘৰত কোনো নথকাৰ সুযোগ লৈ ফুচুলাই বাইহাটাৰ সমীপৰ এখন ঘন জংঘললৈ নি  ধৰ্ষণ কৰে। ইফালে পৰিয়ালৰ লোকে কিশোৰী গৰাকীক ঘৰত নাপাই বহু সময় ধৰি বিচাৰ-খোচাৰ কৰাৰ অন্তত স্থানীয় ৰাইজৰ সহযোগত সমীপৰ এখন জংঘলৰ পৰা উদ্ধাৰ কৰে। পৰিয়ালৰ লোকৰ গোচৰৰ ভিত্তিত এই অনৈতিক কাৰ্য্যৰ লগত জড়িত তিনিটা নৰপিশাচৰ এজনক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। এই ঘটনাৰ সৈতে জড়িত আজাদ আলীক আৰক্ষীয়ে  বৰ্তমান নিজৰ জিম্মাত ৰাখি সোধ-পোচ অব্যাহত ৰাখিছে। অৱশ্যে পলাতক মুন্না আলী আৰু আইনুল আলীৰ বৰ্তমান সময়লৈকে সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই আৰক্ষী।

কিশোৰী গৰাকীৰ ভাষ্য অনুসৰি নৰপিশাচ কেইটাই তাইক হত্যাৰ ভাবুকি প্ৰদান কৰি বলপূৰ্ব্বকভাৱে ধৰ্ষণ কৰিছিল। স্থানীয় ৰাইজে আটকাধীন আজাদক ৰাইজৰ হাতত গতাই দিবলৈ আৰক্ষীক দাবী  জনোৱাৰ লগতে আন দুটা  দুৰ্বৃত্তক অনতি পলমে কৰায়ত্ত কৰিবলৈ আহ্বান জনায়।