বিগত ৬ দিনে নিৰুদ্দিষ্ট টীয়কৰ মধুস্মিতাৰ নশ্বৰ দেহ উদ্ধাৰ! প্ৰেমিক পংকজ গগৈক গ্ৰেপ্তাৰ

আজিৰ পুৱা প্ৰায় ১০:৩০ বজাত ডিব্ৰুগড়ৰ ওচৰৰ চেঁচা নৈৰ কাষত এক মৃতদেহ পোৱা গৈছে। স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰা মতে, মৃতদেহটো মধুস্মিতা বৰুৱাৰ, যি বিগত ৬ দিন ধৰি নিৰুদ্দেশ হৈ আছিল। মধুস্মিতা বৰুৱা নিজৰ প্ৰেমিক পংকজ গগৈক সাক্ষাৎ কৰিবলৈ গৈ নিখোঁজ হৈছিল।

সেইদিনাই যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে বৰবৰুৱা থানাত এজাহাৰ দাখিল কৰে আৰু সেইদিনাৰ পৰাই যুৱতীগৰাকীৰ ফোনটো অফ হৈ আছিল। আৰক্ষীয়েও বিচাৰ খোচাৰ কৰি সন্ধান পোৱা নাছিল মধুস্মিতা বৰুৱা নামৰ যুৱতীগৰাকীৰ। আজি আৰক্ষীয়ে মোবাইলৰ কল লিষ্টৰ আঁত ধৰি মৰাণৰ পংকজ গগৈ নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰিছে।

উল্লেখ্য যে, মধুস্মিতা বৰুৱাৰ ঘৰ যোৰহাটৰ টীয়কৰ ৰজাবাৰীত যদিও ডিব্ৰুগড়ৰ লেপেটকটাত বায়েক-ভিনিহিয়েকৰ ঘৰতে থাকি এটা টেলিকম কোম্পানীত চাকৰি কৰিছিল। বৰ্তমান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি সোধা পোছা চলাই আছে পংকজ গগৈক।

ইফালে যুৱতীগৰাকীৰ বায়েকৰ ভাষ্য মতে সন্ধানহীন হোৱাৰ দিনা নিশা পংকজ গগৈৰ সৈতে আছিল মধুস্মিতা। কিন্তু অতি ৰহস্যজনকভাৱে নিশা ১২:৩০ বজালৈ ম’বাইল অফ কৰি ৰাখিছিল পংকজে। নিশাটো যোগাযোগ কৰিবলৈ চেষ্টা কৰিও ব্যৰ্থ হৈছিল মধুস্মিতাৰ পৰিয়াল। পুৱা ৫.৩০ বজাত মোবাইল অন হোৱাত মধুস্মিতাৰ ভায়েকে ফোন কৰিছিল পংকজ গগৈলৈ। ফোনত মধুস্মিতাৰ ভায়েকক পংকজ গগৈয়ে বেয়া ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে। ইফালে আৰক্ষীয়ে আটক কৰাৰ পাছতে পংকজৰ পৰিয়ালৰ লোকে মধুস্মিতাৰ পৰিয়ালক গোচৰ উঠাই ল’বলৈ হেঁচা প্ৰয়োগ কৰিছিল। ঘটনা সন্দৰ্ভত ডিব্ৰুগড়ৰ আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। ইফালে ডিব্ৰুগড়ৰ আৰক্ষীৰ ভূমিকাক লৈ ক্ষোভ যুৱতীৰ পৰিয়ালৰ। নিৰুদ্দিষ্ট হোৱাৰ সম্পৰ্কে ডিব্ৰুগড়ৰ আৰক্ষীৰ শীৰ্ষ বিষয়াক খবৰ দিয়াৰ পাছতো বিষয়টোত গুৰুত্ব নিদিয়াৰ অভিযোগ ভুক্তভোগীৰ পৰিয়ালৰ।