বিজেপি গ’ বেক ধ্বনিৰে উত্তাল কোকৰাঝাৰৰ ফকিৰাগ্ৰাম; গৰুগাড়ীত বাইক তুলি পে’ট্ৰল, ডিজেলৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদ কংগ্ৰেছৰ

Congress-rally-2-570x320

কোকৰাঝাৰ জিলাৰ দতমা ব্ল’ক কংগ্ৰেছৰ উদ্যোগত বিজেপিৰ চৰকাৰ আৰু দলৰ বিৰুদ্ধে আজি বিশ্বাসঘাতকতা দিৱস পালন কৰাৰ লগতে চাইকেল সমদল উলিয়ায়। কাৰ্য্যসূচীটোত অংশগ্ৰহণ কৰা অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক বিশ্বজিত ৰায়ে সংবাদ মাধ্যমৰ আগত বিজেপিক কঠোৰ সমলোচনা কৰি কয় যে বিজেপি দলে বিদেশত থকা কলা টকা ঘূৰাই অনা, খাদ্যসামগ্ৰী, পে’ট্ৰল, ডিজেলৰ মূল্য কমোৱা, দুৰ্নীতি ৰোধ কৰা আদি বিভিন্ন প্ৰতিশ্ৰুতি দিছিল যদিও সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰাৰ পৰিৱৰ্তে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু অসম চৰকাৰে ভাৰত আৰু অসমৰ মানুহক চৰম প্ৰতাৰণাহে কৰিলে।

প্ৰত্যেকটো সামগ্ৰীৰে আকাশলংঘী দামে মানুহক জুৰুলা কৰিছে।  সেইকাৰণে আজি কোকৰাঝৰ জিলাৰ অন্তৰ্গত ফকিৰাগ্ৰামত কংগ্ৰেছ দলে কেইবা সহস্ৰাধিক সমৰ্থকক লগত লৈ বিশ্বাসঘাতকতা দিৱস পালন কৰাৰ লগতে চাইকেল সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰিছে। পে’ট্ৰল, ডিজেলৰ মূল্য আকাশলংঘী হোৱাৰ প্ৰতিবাদত গৰুগাড়ীত মটৰ চাইকেল উঠাই তথা ঘোঁৰাৰ ওপৰত উঠি প্ৰতিবাদ সাব্যস্ত কৰে।

কেন্দ্ৰ আৰু অসম চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা আক্ৰাছুৰ প্ৰাক্তন সভাপতি বিশ্বজিৎ ৰায়ে কয় যে মূল্যবৃদ্ধি ৰোধ কৰিব নোৱৰা বিজেপি দলে পুনৰ আভুৱা-ভাঁৰা আৰু মিছা প্ৰতিশ্ৰুতিৰে দেশবাসীক প্ৰতাৰণা কৰি কেন্দ্ৰত চৰকাৰ গঠন কৰিব বিচাৰিব যদিও এইবাৰ বিজেপিক দলক উচিত প্ৰত্যুত্তৰ দিব ভাৰতৰ জনসাধাৰণেl

আজিৰ কংগ্ৰেছৰ চাইকেল সমদল যাত্ৰাত কংগ্ৰেছৰ গোৱালপাৰাৰ প্ৰাক্তন বিধায়ক শিৱচৰণ বসুমতাৰী, ৰাজ্যিক যুৱ কংগ্ৰেছৰ নেতা শ্বম্ভ মণ্ডলসহ কংগ্ৰেছী নেতাসকল উপস্থিত থাকে।