বিদুৎস্পৃষ্ট হৈ ওদালগুৰিত এটা হাতীৰ কৰুণ মৃত্যু

আজি ৰাতিপুৱা ওদালগুৰিত বিদুৎস্পৃষ্ট হৈ এটা হাতীৰ কৰুণ মৃত্যু হোৱাত অঞ্চলটোৰ প্ৰকৃতি প্ৰেমীৰ মাজত শোকৰ ছাঁ পৰিছে। তথ্য অনুসৰি আজি পুৱতি নিশাতে জিলাখনৰ ২নং চেংৰিবাৰী গাওঁত এটা বৃহৎ হাতীৰ জাকে প্ৰৱেশ কৰিছিল। খাদ্যৰ সন্ধানত লোকালয়লৈ ওলাই  অহা হাতীৰ জাকটোৰ মাজৰ এটা হাতী উচ্চ ক্ষমতা সম্পন্ন বিদ্যুতৰ তাঁৰত লাগি মৃত্যুক আকোৱালী লয়। উক্ত হাতীৰ জাকটোত ৪০ৰ পৰা ৫০টা হাতী থকা বুলি স্থানীয় ৰাইজে আমাৰ সাংবাদিকৰ আগত কয়।

উল্লেখযোগ্য যে যোৱা কিছু দিনৰ পৰা ৰাজ্যখনৰ বিভিন্ন ঠাইত নিয়মীয়াকৈ বনৰীয়া হাতীৰ মৃত্যু হৈ আহিছে। হাতী-মানুহৰ সংঘাতত ক’ৰবাত যদি হাতীৰ মৃত্যু হৈছে, ক’ৰবাত মানুহৰ। কিছুদিন পূৰ্বে এক সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ৩-৪ মাহত ৰাজ্যত প্ৰায় ৪০ টাৰো অধিক বনৰীয়া হাতীৰ অস্বাভাৱিক কাৰণত কৰুণ মৃত্যু ঘটিছে। বিদুৎস্পৃষ্ট হৈ বহুতো হাতীৰ মৃত্যু হ’ল যদিও এতিয়ালৈ বিদুৎ বিভাগ তথা বন বিভাগৰ কোনো কান সাৰ নাই। ইয়াকৈ লৈ এতিয়া সৰ্বত্ৰ দিশে গৰিহনাৰ পাত্ৰ হৈছে বন বিভাগ।