বিদেশী চিনাক্তকৰণৰ ভিত্তিবর্ষ : আগষ্টৰ প্ৰথম সপ্তাহৰ পৰা সাংবিধানিক বিচাৰপীঠত আৰম্ভ হ’ব শুনানি

DE15-SUPREMECOURTOFINDIAa

অহা আগষ্টৰ প্ৰথম সপ্তাহৰ পৰা বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষৰ শুনানি আৰম্ভ হ’ব। উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠে এই শুনানি গ্ৰহণ কৰিব। সোমবাৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ দীপক মিশ্ৰৰ এজনীয়া বিচাৰপীঠত আবেদনকাৰীৰ হৈ জ্যেষ্ঠ অধিবক্তা কে এন চৌধুৰীয়ে শীঘ্ৰেই সাংবিধানিক বিচাৰপীঠ গঠন কৰাৰ সপক্ষে যুক্তি প্ৰদৰ্শন কৰে।

ইয়াৰ পিছত মুখ্য ন্যায়ধীশ মিশ্ৰই আগষ্টৰ প্ৰথম সপ্তাহতে বিচাৰপীঠ গঠন কৰি নিৰৱচ্ছিন্নভাৱে শুনানি গ্ৰহণ কৰা হ’ব বুলি স্পষ্ট কৰি দিয়ে।

উল্লেখযোগ্য যে অসম সন্মিলিত মহাসংঘই নাগৰিকত্ব আইনৰ ৬নং দফাক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত এখন লেখ আবেদন দাখিল কৰিছিল। কিয়নো ৬নং দফাই কেৱল অসমত ১৯৭১ চনৰ ২৫ মাৰ্চ বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ হিচাপে সুনিশ্চিত কৰিছে।

ইপিনে এই দফাটো কেৱল অসমতহে প্ৰযোজ্য হোৱাৰ সন্দৰ্ভত যুক্তি দৰ্শাই মহাসংঘই ইয়াক অসাংবিধানিক হিচাপে গণ্য কৰিবলৈ আবেদন জনাইছিল। তদুপৰি, মহাসংঘই ১৯৭১ চনৰ পৰিবৰ্তে ১৯৫১ চনক ভিত্তিবৰ্ষ হিচাপে চিহ্নিত কৰিবলৈও আবেদন জনাইছিল। এই শুনানিয়ে অসমত ভিত্তিবৰ্ষ ১৯৭১ হৈ থাকিব নে ১৯৫১ চন হ’ব সেই কথা সুনিশ্চিত কৰিব।

আনহাতে, অসমৰ ক্ষেত্ৰতো নাগৰিকত্ব নিৰ্ধাৰণৰ ভিত্তিবৰ্ষ দেশৰ বাকী অংশৰ সৈতে একেই, অৰ্থাৎ ১৯৫১ চন ধাৰ্য্য কৰিবলৈ অসম সন্মিলিত মহাসংঘ, সদৌ অসম আহোম সভা, ‘শ্বহীদ আৰু নিৰ্যাতিত পৰিয়াল’-এ দেশৰ উচ্চতম ন্যায়ালয়ত তৰা গোচৰ সন্দৰ্ভত যোৱা ৮ মে’ত উচ্চতম ন্যায়ালয়ে উক্ত পক্ষকেইটাক সীমা অতিক্ৰম নকৰিবলৈ সকীয়াই দিছিল।

এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াটোৰ তদাৰক কৰা উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ নাৰিমনৰ দুজনীয়া বিচাৰপীঠে প্ৰক্ৰিয়াটোৰ অগ্ৰগতিৰ নিয়মীয়া শুনানিৰ সময়ত পক্ষকেইটাক এই সকীয়নি দিছিল।

৮ মে’ৰ শুনানিৰ সময়ত অসম সন্মিলিত মহাসংঘই নাগৰিকত্বৰ ভিত্তি বৰ্ষ সন্দৰ্ভত সাংবিধানিক বিচাৰপীঠে চূড়ান্ত ৰায় নিদিয়ালৈকে নাগৰিপঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশ বন্ধ ৰাখিবলৈ আবেদন জনাইছিল।

কিন্তু দুজনীয়া বিচাৰপীঠে উক্ত আবেদন লগে লগে খাৰিজ কৰাই নহয়, আবেদনকাৰীক সীমা অতিক্ৰম নকৰিবলৈও ন্যায়াধীশ ৰঞ্জন গগৈয়ে সকীয়াই দিছিল। ন্যায়াধীশজনে তেওঁলোকক যিখন বিচাৰপীঠত এই গোচৰ চলি আছে তালৈ যাবলৈ নিৰ্দেশ দিছিল।