‘অসম বিধানসভা চৌহদত চাওলুং চ্যুকাফাৰ প্ৰতিমূৰ্তি এটা স্থাপনৰ বাবে আহোম সম্প্ৰদায়ে জনোৱা দাবী সদ্দিচ্ছাৰে বিবেচনা কৰা হ’ব’ আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে আয়োজন কৰা আন্তঃৰাষ্ট্ৰীয় মে-ডাম-মে-ফি অনুষ্ঠানত অংশ গ্ৰহণ কৰি এইদৰে কয় মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্য মন্ত্ৰীয়ে কয় যে আহোম ৰাজত্বৰ ৬০০ বছৰীয়া শাসনে ৰাজ্যখনৰ সকলো জাতি-জনগোষ্ঠীক একত্ৰিত কৰি বৰ অসমৰ ভেটি ৰচনা কৰিছিল।
স্বৰ্গদেউ চাওলুং চ্যুকাফাক ভৱিষ্যদ্ৰষ্টা মহানায়ক বুলি অভিহিত কৰি চাওলুং চ্যুকাফাই সকলো শ্ৰেণীৰ জনসাধাৰণৰ সম উন্নয়নৰ পথ ৰচনা কৰিছিল বুলিও মুখ্য মন্ত্ৰীগৰাকীয়ে কয়।
মুখ্য মন্ত্ৰীয়ে ৰাজ্যৰ যুৱ প্ৰজন্মক স্বৰ্গদেউ চাওলুং চ্যুকাফাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ ৰাজ্যখনৰ উন্নয়নৰ কামত নিষ্ঠাসহকাৰে ব্ৰতী হোৱাৰ আহ্বান জনায়।
ৰাজ্য চৰকাৰে দুৰ্নীতি, সন্ত্ৰাস, প্ৰদূষণ আৰু অবৈধ অনুপ্ৰৱেশৰ সমস্যা নিৰাময়ৰ বাবে দায়বদ্ধতাৰে কাম কৰি আছে বুলিও মুখ্য মন্ত্ৰীয়ে ভাষণত কয়।
আনহাতে মুখ্য মন্ত্ৰী গৰাকীয়ে ‘এক্ট ইষ্ট পলিচি’ ৰূপায়ণৰ জৰিয়তে অসমে এছিয়ান দেশসমূহৰ দুৱাৰ মুখ হিচাপে পৰিগণিত হোৱাৰ যথেষ্ট সম্ভাৱনা আছে বুলি জানিবলৈ দিয়ে।
অনুষ্ঠানত ম্যানমাৰ, থাইলেণ্ড ইত্যাদিৰ দৰে দক্ষিণ-পূব এছিয়াৰ বিভিন্ন দেশৰ প্ৰতিনিধিৰ লগতে লাওচৰ ৰাষ্ট্ৰদূত চৌথাম ছাকংনিনহমেও অংশ গ্ৰহণ কৰে।