বিশিষ্ট অসমীয়া গণিতজ্ঞলৈ আগবঢ়োৱা হৈছে ৰাষ্ট্ৰীয় বঁটা

national-award-photo-570x320

অসমৰ বিশিষ্ট গণিতজ্ঞ ড০ দিলীপ কুমাৰ শৰ্মা বিজ্ঞান আৰু প্ৰযুক্তি যোগাযোগ ২০১৭’ৰ বাবে সন্মানীয় ৰাষ্ট্ৰীয় বঁটাৰ বাবে নিৰ্বাচিত হৈছে।

অহা ২৮ ফেব্ৰুৱাৰীত নতুন দিল্লীত ড০ শৰ্মাক এই বঁটা আগবঢ়োৱা হ’ব। এই বঁটাত আছে নগদ ১ লাখ টকা, এখন প্ৰশস্তি পত্ৰ আৰু এটা স্মাৰক।

বৰ্তমান গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অফ মেনেজমেন্ট এণ্ড টেকন’লজি (জিআইএমটি) ৰ গণিত বিভাগৰ মুৰব্বী হিচাপে কৰ্মৰত ড০ শৰ্মাই তেওঁৰ বৰ্ণাঢ্য কেৰিয়াৰ আৰম্ভ কৰিছিল নগাঁও কলেজৰ গণিত বিভাগৰ প্ৰৱক্তা হিচাপে। তেওঁ কটন কলেজৰ প্ৰৱক্তা হিচাপেও কাম কৰিছিল।

তেওঁ কটন কলেজৰ গণিত বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰিছিল।

ড০ শৰ্মা এগৰাকী প্ৰসিদ্ধ লেখক আৰু তেওঁ অসমীয়াত গণিতৰ ৯ খন জনপ্ৰিয় গ্ৰন্থৰ ৰচক। তেওঁৰ গ্ৰন্থসমূহ হ’ল- গণিতদ্ৰষ্টা ৰামানুজন(১৯৮৮), নিশান্ত গণিতজ্ঞ(১৯৮৯), সংখ্যাৰ কাননত(১৯৯২). ইউক্লিড আৰু জ্যামিতি(১৯৯৩,২০০৩), নিৰূপম গণিত (২০০০,২০১৬), সংখ্যাৰ জগতত বটুচাৰ(২০০২,২০১১), অমিতাতেজা গণিতজ্ঞ(২০০৮), প্ৰাচীন ভাৰতত গণিত চৰ্চা (২০১০) আৰু অনুপম গণিত (২০১৫)।

ইয়াৰৰ উপৰি তেওঁ বাৰশ শতিকাৰ গণিতজ্ঞ তথা জ্যোতিৰ্বিজ্ঞানী ভাস্কৰাচাৰ্যই সংস্কৃতত লিখা গণিতৰ গ্ৰন্থখন অসমীয়ালৈ অনুবাদ কৰিছে।

‘লীলাৱতী’ নামৰ উক্ত গ্ৰন্থখন ২০০৫ চনত অসম প্ৰকাশন পৰিষদে প্ৰকাশ কৰিছিল।

তেওঁ লগতে কেইবাবছৰো ধৰি আছাম একাডেমী অফ মেথেমেটিকছে প্ৰকাশ কৰি অহা ছমহীয়া দ্বিভাষিক আলোচনী ‘গণিত বিকাশ’ৰো সম্পাদক।