বিশ্ব বিনিয়োগ সন্মিলনৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ বিদ্যালয়সমূহ ৰহস্যজনকভাৱে বন্ধ ৰাখিবলৈ নিৰ্দেশ

3206_dpsguwahati

সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে অসমলৈ বিনিয়োগকাৰীক আদৰণি জনাবলৈ সাজু হৈ উঠাৰ সময়তে এডভান্টেজ আছামৰ অনুষ্ঠানস্থলীৰ নিকট দূৰত্বত থকা বিদ্যালয়সমূহ শনিবাৰে ‘বন্ধ’ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

প্ৰধানমন্ত্ৰী মোডীয়ে  বৃহৎ বিনিয়োগ সন্মিলনখন উদ্বোধন কৰিবলৈ শনিবাৰে আহি গুৱাহাটীত উপস্থিত হ’ব। এই বিনিয়োগ সন্মিলনখনত ১৭ খন দেশৰ লগতে উদ্যোগ জগতৰ  শীৰ্ষ  উদ্যোগীসকলে অংশগ্ৰহণৰ নিশ্চয়তা প্ৰদান কৰিছে।

আশ্চৰ্যজনকভাৱে, গুৱাহাটীৰ আগশাৰীৰ কেইখনমান বিদ্যালয় – দিল্লী পাব্লিক স্কুল, নেশ্যনেল পাব্লিক স্কুল আৰু ৰয়েল গ্ল’বেল স্কুলে শনিবাৰে বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে। ইয়াৰে কিছুমানে আনকি এডভান্টেজ আছামৰ সু-পৰিচালনাৰ খাতিৰত  পৰীক্ষাৰ কাৰ্যসূচীৰো ৰদ-বদল কৰিছে।

লখৰা পথৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত অৱস্থিত বহুতো বিদ্যালয়ে মহানগৰীত বিশ্ব বিনিয়োগ সন্মিলন আৰম্ভ হ’বলগীয়া ৩ ফেব্ৰুৱাৰীৰ দিনটো বন্ধ ৰখাৰ বাবে নিৰ্দেশনাও লাভ কৰিছে।

দিল্লী পাব্লিক স্কুল(গুৱাহাটী)ৰ অধ্যক্ষৰ এক জাননীত কোৱা হৈছে,’’পি জি ওৱানৰ পৰা নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ২০১৮ৰ ৩ ফেব্ৰুৱাৰীত বিদ্যালয় বন্ধ থাকিব। পূৰ্বৰ নিৰ্দ্ধাৰিত কাৰ্যসূচী মতে অষ্টম শ্ৰেণীৰ কম্পিউটাৰ পৰীক্ষা ২০১৮ ৰ ৫ ফেব্ৰুৱাৰীলৈকে পিছুৱাই দিয়া হৈছে।‘

তাৎপৰ্যপূৰ্ণভাৱে, দিল্লী পাব্লিক স্কুল (খানাপাৰা)ই এনে ধৰণৰ কোনো জাননী জাৰি কৰা নাই। অৱশ্যে, বিনিয়োগ সন্মিলনস্থলীৰ ওচৰৰ তথা ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে অনুষ্ঠিত আন এখন বিদ্যালয় ৰয়েল গ্ল’বেল স্কুলে শনিবাৰে বিদ্যালয় বন্ধ ৰাখিছে।

মহানগৰীৰ আন বিদ্যালয়ৰ বাবে এই নিৰ্দেশ প্ৰযোজ্য নহয়। পানবজাৰৰ ডনবস্কো স্কুলৰ শিক্ষক ছাবাহ আহমেদে নিশ্চিত কৰি কৈছে যে শনিবাৰে তেওঁলোকৰ বিদ্যালয় খোলা থাকিব।

ইয়াৰ মাজতে শনিবাৰে ৰাষ্ট্ৰীয় ঘইপথৰ কাষৰ বিদ্যালয় বন্ধ ৰখাৰ বাবে জিলা প্ৰশাসনে নিৰ্দেশ দিছে নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত  ড০ এম অংগমুথুৱে অনুচ্চস্বৰে ‘নাই’ বুলি কয়।

গতিকে, জিলা প্ৰশাসনে এনে নিৰ্দেশ দিয়াটো অস্বীকাৰ কৰাৰ পিছত এইটো ৰহস্যজনক হৈ ধৰা দিছে যে বিদ্যালয়সমূহে শনিবাৰে তেওঁলোকৰ বিদ্যালয়সমূহ কিয় বন্ধ ৰখাৰ নিৰ্দেশ দিলে।