• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিষয়টোৰ স্পষ্ট ধাৰণাই নাছিল লণ্ডনলৈ যোৱা সাহিত্য সভাৰ সভাপতিৰ! অধিক পনীয়া কৰি থৈ আহিল অসমীয়া লিপিৰ স্বকীয়তাৰ দাবীক?

দুৰ্লভ গগৈ by দুৰ্লভ গগৈ
June 23, 2018 7:06 pm
ParamaNanda
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লণ্ডনত সদ্যসমাপ্ত আই এছ অ’ৰ বিশেষ গোটৰ বৈঠকত আই এছ অ’ আৰু য়ুনিক’ড কনছ’ৰ্টিয়ামৰ তালিকাত অসমীয়া লিপিৰ স্বতন্ত্ৰৰীয়া উপস্থাপনৰ প্ৰশ্নটো লৈ আলোচনাত ভাগ লোৱা অসমীয়া প্ৰতিনিধিকেইজনৰ ব্যৰ্থতাৰ পিছত তেওঁলোকৰ যোগ্যতা আৰু বিষয়টো সন্দৰ্ভত তেওঁলোকৰ ধাৰণাৰ স্পষ্টতাক লৈ প্ৰশ্নৰ অৱতাৰণা হৈছে।

বিশেষকৈ প্ৰতিনিধিকেইজনে লণ্ডনৰ পৰা সংবাদ মাধ্যম আৰু অন্যান্য মাধ্যমৰ জৰিয়তে যিবোৰ কথা কৈ আছে সেইবোৰৰ পৰা ৰাজ্যবাসী নিশ্চিত হৈছে যে বিষয়টোত স্পষ্ট ধাৰণা নথকাকৈয়ে প্ৰতিনিধিকেইজনে লণ্ডনত অসমীয়া লিপিৰ স্বীকৃতি আৰু সুকীয়া স্থানৰ দাবী উত্থাপন কৰিবলৈ গৈছিল।

য়ুনিক’ড কৰ্তৃপক্ষক অসমীয়া লিপিৰ বাবে সুকীয়া slot ৰ ব্যৱস্থা কৰোৱাত ব্যৰ্থতাৰ পিছত দৰাচলতে বিভিন্ন পক্ষৰ ক্ষোভৰ সন্মুখীন হৈছে প্ৰতিনিধিকেইজন। আই এছ অ’ আৰু য়ুনিক’ড কনছ’ৰ্টিয়ামৰ দৰে বিশ্ব মানৰ সংস্থাৰ কৰ্মকৰ্তাক এনে অপৈণত ধাৰণা আৰু আৱেগসৰ্বস্ব কথাৰে পতিয়ন নিয়াব কেনেকৈ পাৰিব বুলি সচেতন নাগৰিকে প্ৰশ্ন কৰিছে।
দুৰ্ভাগ্যৰ কথা যে আই এছ অ’ৰ সভালৈ যোৱা অসমীয়া প্ৰতিনিধিকেইজনৰ, বিশেষকৈ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ধ্ৰুৱজ্যোতি বৰা আৰু বৰ্তমানৰ সভাপতি পৰমানন্দ ৰাজবংশীৰ য়ুনিক’ড মান আৰু আই অ’ এছৰ মান সম্পৰ্কীয় ধাৰণাই স্পষ্ট নোহোৱাটো তেওঁলোকৰ এইকেইদিনৰ কথাবাৰ্তাত ওলাই পৰিছে।

Unicode_Paramananda_WriteUp_1
আমাৰ হাতত পৰা পৰমানন্দ ৰাজবংশীৰ লণ্ডনৰ পৰা প্ৰেৰণ কৰা লেখাটোৰ প্ৰথমছোৱা।

ধ্ৰুৱজ্যোতি বৰাক কালি লণ্ডনৰ পৰা এটা নিউজ চেনেলক কৈ থকা দেখা গৈছে ‘অসমীয়া ভাষা’, ‘অসমীয়া ভাষাৰ স্বীকৃতি’ বুলি। কিন্তু কথা হ’ল ইয়াত ভাষাৰ স্বীকৃতিৰ প্ৰশ্নই নাই অহা। ভাষা হিচাপে স্বীকৃতি আছেই। লিপিৰ বিষয়টোত থকা ভ্ৰান্তি দূৰ কৰিবলৈহে প্ৰতিনিধিকেইজনক লণ্ডনৰ বৈঠকলৈ প্ৰেৰণ কৰা হৈছিল।
আনহাতে আজি পৰমানন্দ ৰাজবংশীৰ এই সম্পৰ্কীয় লণ্ডনৰ পৰা লিখা এটা লেখা আমাৰ হাতত পৰিছেহি, যিটো আৰু হাস্যকৰ কথাৰে ভৰা। অৰ্থৰ সংগতিহীন বাক্য-শব্দৰে ভৰা এই লেখাটো পঢ়াৰ পিছত মানুহে কোৱাকুই কৰিছে যে সাহিত্য সভাৰ সভাপতি হিচাপে নহ’লেও, অসমৰ প্ৰতিষ্ঠিত মহাবিদ্যালয় এখনৰ অধ্যাপক হিচাপেও তেওঁৰ ধাৰণা কিছু পৈণত হোৱা উচিত আছিল।

উল্লেখযোগ্য যে এই লেখাটোত তেওঁ বহু আৱেগিক কথা লিখাৰ লগতে গোটেই লেখাটোত অসমীয়া ভাষাৰ বিকাশৰ ইতিহাস, সংকটৰ ইতিহাস ইত্যাদি কথাৰ অৱতাৰণা কৰিছে। হাস্যকৰভাৱে তেওঁ লিখিছে, “… বৃহৎ প্ৰাকশংকৰী যুগত বা শংকৰী বা শংকৰোত্তোৰ যুগত যি অসমীয়া ভাষাই নতুন নতুন সাজেৰে অনাদৰ হৈ পৰিছিল….”। বাক্যাংশৰ অৰ্থ কি হয়তো পৰমানন্দ ৰাজবংশীয়েহে জানিব। ইয়াৰোপৰি তেওঁ ভাৰতীয় মানক ব্যুৰোক ভাৰত চৰকাৰৰ কাৰিকৰী সংস্থা বুলিছে, যিটো আচলতে ভাৰতত উৎপাদিত বিভিন্ন দ্ৰব্য আদি নিৰ্ধাৰিত মানৰ ভিতৰত আছে নে নাই সেইটো নিৰ্ণয় কৰা কৰ্তৃপক্ষহে।

তাতকৈও হাস্যকৰভাৱে লেখাটোত পৰমানন্দ ৰাজবংশীয়ে আন্তৰ্জাতিক মানক সংস্থাই য়ুনিক’ড প্ৰতিষ্ঠা কৰিছে বুলি অতি পুতৌলগা ধৰণে জ্ঞানহীনতা প্ৰদৰ্শন কৰে। তেওঁ লিখিছে, ‘… আৰু আমাৰ ভাল লাগিছে এইবাবেই যে আন্তৰ্জাতিক মানক সংস্থা, যিসকলে এই য়ুনিক’ড প্ৰতিষ্ঠা কৰিছে…।”

আকৌ তেওঁ লিখিছে, “…আমাৰ যিটো বাংলা ভাষাৰ সৈতে আখৰৰ মিল সেইটো তেনেই নগণ্য।” অৰ্থাৎ তেওঁ অসমীয়া আৰু বাংলা ভাষাৰ বৰ্ণমালাখনৰ আখৰৰ মিল নগণ্য বুলিহে ক’লে, যিটো প্ৰকৃততে তাৰ বিপৰীতহে।

আন এঠাইত ৰাজবংশীয়ে লিখিছে, “…তাৰ পাছতেই আমি আৰম্ভ কৰিলো এটা কূটনৈতিক যুদ্ধ। যিটো যুদ্ধ নোহোৱা হ’লে আমি জিকিব নোৱাৰিলো হেঁতেন। সেই সূত্ৰে গোটেইকেইজন ব্যক্তি বিশেষকৈ মাইকেল এভাৰছনকে আৰম্ভ কৰি সকলোৰে লগত আমি ব্যক্তিগতভাৱে কথা-বতৰা পাতিলো। আৰু আমি অসম সাহিত্য সভাই মাইকেল এভাৰছনক অসম ভ্ৰমণ কৰিবলৈ আমন্ত্ৰণ জনালো।”

মন কৰিব লগীয়া কথাটো হ’ল নিজৰ বক্তব্যৰ জৰিয়তে পৰমানন্দ ৰাজবংশীয়ে তেওঁলোকে ‘জিকা’ বুলি দাবী কৰিছে। লগতে মাইকেল এভাৰছনক ফুচুলোৱাত সন্মত হোৱা যেন অৰ্থ দিয়াৰ চেষ্টা কৰিছে।

তেওঁ তাৰ পিছতে লিখিছে, “সেই সূত্ৰে তেখেতসকলৰ সৈতে সহৃদয়তাৰ ফলস্বৰূপে গোটেই বিষয়টোৱে এটা নতুন মোৰ ল’লে আৰু সেই সুযোগ গ্ৰহণ কৰি আমি অসমীয়া ভাষাৰ হকে তিনি চাৰিদিন ধৰি চিন্তা-চৰ্চা একেলগে কৰিলো। তেওঁলোকে তেতিয়াহে বুজিলে যে অসমীয়া ভাষাটো অতি প্ৰাচীন আৰু নৱনিৰ্মাণৰ সময়ত বাংলাৰ সৈতে এটা মিল হৈছে। সেই কথা সকলোৱে বুজি পাইছে যদিও তেখেতসকলে আমাৰ তথ্য বিচাৰিছে। এনেদৰে আমি চাৰি দিনৰ মূৰত এটা দিশত সমৰ্থ হ’লো যে আন্তৰ্জাতিক বজাৰখনত অসমীয়া ভাষাটোৰ এখন দুৱাৰ মুকলি হৈছে। সেই মতে আজি যদি আটায়ে এটা প্ৰস্তাৱত সন্মতি দিয়ে যে অসমীয়া-বাংলা বা বাংলা-অসমীয়া বুলি যদি মানক সংস্থাই য়ুনিক’ডৰ প্ৰস্তাৱটোত সমৰ্থন দিয়ে আৰু সেই প্ৰস্তাৱটো আটায়ে যদি মানি লয় তেন্তে অসমীয়া ভাষাই এবছৰৰ ভিতৰত স্বতন্ত্ৰভাৱে য়ুনিক’ডত স্থান পাব। কিন্তু বাংলা/অসমীয়া বা অসমীয়া/বাংলা হিচাপে কিছু বৰ্ণই স্থান পাব। ইয়াৰ পিছত কিন্তু আমি আন এখন যুদ্ধলৈ সাজু হ’ব লাগিব। সেই সময়ছোৱাত এখন তদৰ্থ কমিটি গঠন কৰাৰ বাবে আমি প্ৰস্তাৱ দিছো। সেই কমিটিক আমি অসমলৈ আমন্ত্ৰণ জনাইছো আৰু তেখেতসকলক যদি অসমলৈ আনিবলৈ সমৰ্থ হওঁ তেতিয়া বাংলা/অসমীয়া বা অসমীয়া/বাংলা নকৈ সুকীয়াকৈ অসমীয়া বুলি যিটো আমাৰ স্বাভিমান সেইটো বৰ্তাই ৰাখিবৰ বাবে আমি সক্ষম হ’ব। তেখেতসকল সকলোৱে ভাৰতলৈ আহিলে BIS বা ভাৰতীয় আন সদস্যৰ সৈতে এটা সহযোগিতামূলক মনোভাবেৰে আমি স্বতন্ত্ৰভাৱে অসমীয়া ভাষাটো য়ুনিক’ডত স্থাপন কৰিবলৈ সক্ষম হ’ম।”

Unicode_Paramananda_WriteUp_2
আমাৰ হাতত পৰা পৰমানন্দ ৰাজবংশীৰ লণ্ডনৰ পৰা প্ৰেৰণ কৰা লেখাটোৰ দ্বিতীয়ছোৱা।

অসম সাহিত্য সভাৰ সভাপতিজনৰ লেখাত বাক্য গাঁথনি, ভাব প্ৰকাশৰ স্পষ্টতাৰ বিচাৰ কৰিবলৈ নগৈয়ো, তেওঁৰ বিষয়বস্তুৰ সম্পৰ্কীয় অস্পষ্টতা দেখি হতবাক হ’ব লাগে। অথচ তেওঁ সাহিত্য সভাই যোৱা দহ বছৰ ধৰি বিষয়টোত সোমাই পৰিছে বুলি ভুৱা দাবীও কৰিছে। দহ বছৰেও তেওঁৰ বিষয়টোত ধাৰণা নোহোৱাটোৱে কি বুজায়?

আনহাতে তেওঁ হাস্যকৰভাৱে মাইকেল এভাৰছনক ফুচুলাব পৰাৰ দৰে দাবী কৰিছে। লগতে তেওঁ য়ুনিক’ডত ভাষাটোৱে স্থান পাব বুলি কৈ আছে। কিন্তু ভাষাৰ পৰিচয়ক লৈ একো সংকটেই অহা নাই। অসমীয়া ভাষাৰ স্বীকৃতি য়ুনিক’ডত ইতিপূৰ্বে আছে। সংকট হৈছে লিপিৰ পৰিচয়ক লৈহে।

তাতোকৈয়ো হাস্যকৰভাৱে তেওঁ BIS (Bureau of Indian Standards)ক য়ুনিক’ডৰ ভাৰতস্থিত শাখা বুলি ভাবি আছে। কিন্তু এইটো ভাৰত চৰকাৰৰ মান নিৰূপক ব’ডি, যিটো একে ধৰণৰ আন্তঃৰাষ্ট্ৰীয় ব’ডিৰ (IOS) অংগ হিচাপে কাম কৰে।

প্ৰশ্ন হয়,- এনেকুৱা ভাষা আৰু লিপিৰ পাৰ্থক্যই বুজি নোপোৱা, বিষয়বস্তুৰ ওপৰত ধাৰণাই নথকা, চিন্তা-দৰ্শনশূন্য কেইজনমান প্ৰতিনিধিৰ কথা শুনি য়ুনিক’ড কৰ্তৃপক্ষ বা মাইকেল এভাৰছনৰ দৰে বস্তুনিষ্ঠ জ্ঞান আৰু সুস্পষ্ট ধাৰণা আশা কৰা ব্যক্তি এজনে এয়া জাতীয়তাবাদী আৱেগ পৰিচালিত দাবী বুলি ধৰি নল’ব কিয়? অৰ্থাৎ অসমীয়া লিপিৰ স্বতন্ত্ৰতা দাবীক এইসকলে অধিক পনীয়া কৰি থৈ নাহিলনে?

দুৰ্লভ গগৈ

দুৰ্লভ গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

September 16, 2025 5:53 pm
উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

September 16, 2025 5:47 pm
কৰমৰ্দন বিতৰ্কৰ মাজতে পানীত পৰিল পাকিস্তানৰ আশাঃ এছিয়া কাপৰ মেচ ৰেফাৰীক বাদ দিয়াৰ দাবী নাকচ ICC-ৰ

কৰমৰ্দন বিতৰ্কৰ মাজতে পানীত পৰিল পাকিস্তানৰ আশাঃ এছিয়া কাপৰ মেচ ৰেফাৰীক বাদ দিয়াৰ দাবী নাকচ ICC-ৰ

September 16, 2025 5:22 pm
বাংলাদেশীৰ পৰা নাইজেৰিয়ানলৈ ১৬ হাজাৰ বিদেশীক ভাৰতৰ পৰা বিতাড়িত কৰাৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰই

বাংলাদেশীৰ পৰা নাইজেৰিয়ানলৈ ১৬ হাজাৰ বিদেশীক ভাৰতৰ পৰা বিতাড়িত কৰাৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰই

September 16, 2025 4:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

September 16, 2025 5:53 pm
উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

September 16, 2025 5:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd