অৰুণাচলৰ ৰাজ্যপাল ড০ বি ডি মিশ্ৰই আজি ৰাজভৱনত ৰাজ্যখনৰ শীৰ্ষস্থানীয় বিষয়াসকলৰ এখন সভা আহ্বান কৰি ৰাজ্যখনৰ উন্নয়নৰ বাবে হাতত লোৱা প্ৰকল্পসমূহৰ বিষয়ে আলোচনা কৰে। এই সভাখনত ৰাজ্যপালগৰাকীয়ে বিষয়াসকলক ‘সমগ্ৰ অৰুণাচল’ দৃষ্টিভংগী বজাই ৰখাৰ বাবে আহ্বান জনায় আৰু ৰাজ্যখনৰ জনসাধাৰণৰ যিকোনো সমস্যা আৰু প্ৰত্যাহ্বানৰ বেলিকা নিজাববীয়াকৈ পদক্ষেপ গ্ৰহণ কৰি সেয়া সমাধান কৰিবলৈ আহ্বান জনায়।
তেওঁ কয় যে ৰাজহুৱা পুঁজিৰ পৰা অহা প্ৰতিটো পইচাই জনসাধাৰণৰ বিকাশৰ কামত লাগিব লাগিব।
এই সভাত ৯-১০জুলাইত শ্বিলঙত অনুষ্ঠিত হ’বলগীয়া উত্তৰ-পূৰ্বীয় পৰিষদৰ আগন্তুক পুৰ্ণ-ক্ষমতাশীল সভাখনত উত্থাপন হ’বলগীয়া বিষয়সমূহৰ ওপৰতো আলোচনা কৰা হয়।
ৰাজ্যপাল মিশ্ৰই ৰাজ্যখনৰ বিষয়া আৰু কৰ্মচাৰীৰ দুৰ্নীতি আৰু কৰ্তব্যস্থলীত উপস্থিত নথকা আদি সমস্যাৰ ওপৰত গভীৰ উদ্বেগ প্ৰকাশ কৰে। তেওঁ কয় যে ইয়াৰ ফলত চৰকাৰী কাৰ্যালয়সমূহৰ কাৰ্যদক্ষতা বাধাগ্ৰস্ত হৈ পৰিছে।
৭৬সংখ্যক উত্তৰ-পূৰ্বীয় পৰিষদৰ পুৰ্ণ-ক্ষমতাশীল সভাখনত উত্থাপন কৰিবলগীয়া বিষয়সমূহৰ সন্দৰ্ভত পৰামৰ্শ বিচাৰি ৰাজ্যপালগৰাকীয়ে কয় যে ৰাজ্যখনে উত্তৰ-পূৰ্বীয় পৰিষদৰ সভাখনৰ পৰা সৰ্বোৎকৃষ্টখিনি উপযোগ কৰিব লাগিব আৰু সমূহীয়াভাৱে সমস্যাসমূহ সমাধান কৰাৰ বাবে ফৰামত সেয়া উত্থাপন কৰিব লাগিব।
তেওঁ উত্তৰ-পূৰ্বীয় পৰিষদৰ দ্বাৰা পৃষ্ঠপোষকতা কৰা প্ৰকল্পসমূহৰ প্ৰয়োগ খৰতকীয়া কৰাৰ বাবে প্ৰতিষ্ঠানীয় প্ৰক্ৰিয়া বিচাৰি উলিওৱাৰ বাবে আহ্বান জনায়।
স্থলপথ আৰু বিমানপথ সংযোগ, আইন-কানুন, নিৰাপত্তা, আন্তঃগাঁথনি, স্বাস্থ্য আৰু পাঠ্যপুথি বিতৰণ আদি বিষয়ৰ ওপৰতো এই সভাখনত আলোচনা কৰা হয়।
ৰাজ্যৰ মুখ্য সচিব সত্য গোপালে ৰাজ্যপালক উত্তৰ-পূৰ্বীয় পৰিষদৰ বিষয়বস্তুৰ ওপৰত এটা চমু বিৱৰণী দিয়ে। এই সভাখনত আয়ুক্ত আৰু সচিবসকল উপস্থিত আছিল।