বোকাখাতত গাঁঠিৰ ধন ভাঙি ৰাইজে মেৰামতি কৰিছে বানে ধুই নিয়া পথ; পঞ্চায়ত নিৰ্বাচন বৰ্জনৰ ভাবুকি

Bokakhat

ৰাজ্যখনৰ লোকসকলৰ দুখ-দুৰ্দশাৰ প্ৰতি অলপো চকু নিদিয়া চৰকাৰ বা প্ৰশাসনলৈ বাট নাচাই বোকাখাতৰ ভকত চাপৰিৰ স্থানীয় ৰাইজে নিজেই মেৰামতি কৰিছে শেহতীয়া বানত বিধ্বস্ত হোৱা গাঁৱৰ পথ আৰু কালভাৰ্ট।

যোৱা ১২ জুনৰ নিশা নেৰানেপেৰা বৰষুণৰ বাবে কাৰ্বি পাহাৰৰ পৰা নামি অহা পানীৰ ঢলে বোকাখাতৰ বহু অঞ্চলত বিস্তৰ ক্ষতি সাধন কৰিছিল ৷ কাৰ্বি পাহাৰৰ পৰা লখৌ জানেৰে ভকতচাপৰিলৈ নামি অহা পানীৰ ঢলে গাওঁখনৰ বেদনা চাৰিআলিত থকা কালভাৰ্টোৰ এছোৱা উটুৱাই  লৈ গৈছিল।

পানী শুকোৱাৰ পিছত যাতায়াতৰ অনুপযোগী হৈ পৰা পথ আৰু কালভাৰ্টোৰ বিষয়ে গাওঁবাসীয়ে প্ৰশাসনক অৱগত কৰে যদিও যোৱা এসপ্তাহে প্ৰশাসনে এই ক্ষেত্ৰত একো কাৰ্য ব্যৱস্থাই গ্ৰহণ নকৰিলে। ফলত অতিষ্ঠ হৈ পৰা ভকত চাপৰিৰ ৰাইজে আজি নিজৰ গাঁঠিৰ ধন ভাঙি আৰু দুই এক ব্যক্তিয়ে দিয়া ধনেৰে বাঁহ, মাটি, বস্তা ক্ৰয় কৰি নিজে শ্ৰমদান কৰি পথটোৰ লগতে কালভাৰ্টো মেৰামতিৰ কাম আৰম্ভ কৰে।

বানপানীৰ সময়ত স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰাই বিভিন্ন ঠাইত বানাক্ৰান্তৰ খবৰ ললে যদিও ভকত চাপৰিলৈ নোযোৱাত অঞ্চলটোৰ ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে।

আনহাতে, বাট পথৰ উপৰি খোৱাপানী আৰু বনৰীয়া হাতীৰ উপদ্ৰবকে ধৰি বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত ভকত চাপৰিৰ সমস্যা সমূহ সমাধান নকৰিলে আগন্তুক পঞ্চায়ত নিৰ্বাচন বৰ্জনৰ ভাবুকি দিছে ভকত চাপৰিবাসী ৰাইজে ৷

ভকত চাপৰিৰ নগেন দলে, দুৰ্গেশ্বৰ দলে, দেৱকুমাৰ দলে আৰু আপাল মৰাঙে নেতৃত্ব প্ৰদান কৰা আজিৰ এই পথ মেৰামতি কাৰ্যসূচীত বিপুল দাস, জিতু শইকীয়া, বাবাতু শৰ্মা, ৰামেশ্বৰ দাস আৰু স্থানীয় ৰাইজে আৰ্থিক আৰু কায়িক শ্ৰম পদান কৰে।