ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নিয়ন্ত্ৰণ কৰিবলৈ বিধানসভাত বিধেয়ক উত্থাপন

Assam-Legislative-Assembly

ৰাজ্যৰ চৌদিশে কাঠফুলাৰ দৰে গঢ় লৈ উঠা ব্যক্তিগত খণ্ডৰ বিদ্যালয়বোৰক নিয়ন্ত্ৰণৰ লগতে এটা নিৰ্ধাৰিত গুণ-মানৰ ভিতৰলৈ আনিবলৈ পলমকৈ হ’লেও ৰাজ্য চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে। ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নিয়ন্ত্ৰণৰ বাবে আজি ২ ফেব্ৰুৱাৰিত বিধানসভাত উত্থাপন হয় গুৰুত্বপূৰ্ণ বিধেয়ক।

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ নামভৰ্তিৰ মাচুল বিষয়ক The Assam Non-Government Educational Institutions (Regulation of Fees) Bill 2018, ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ নিয়ন্ত্ৰণ আৰু পৰিচালনা বিষয়ক The Assam Non-Government Educational Institutions (Regulation and management) (Amendment) Bill 2018 ৰ লগতে মাদ্ৰাছা বিষয়ক The Assam Madrasa Education (Provincialisation of Services of Employees and Re Organization of Madrasa Educational Institutions) Bill 2018 আজি সদনত উত্থাপন কৰা হয়।

উল্লেখযোগ্য যে সমাজৰ সকলো স্তৰৰ অভিভাৱকৰ মাজত প্ৰবলভাৱে মূৰ দাঙি উঠা সন্তানৰ কেৰিয়াৰ চেতনাৰ সুযোগ লৈ কাঠফুলাৰ দৰে গঢ় লৈ উঠিছে ব্যক্তিগত খণ্ডৰ বিদ্যালয়।

এই বিদ্যালয়বোৰৰ একাংশই ভাল কেৰিয়াৰ গঢ়া শিক্ষা দিয়াৰ অজুহাতত অতি উচ্চ হাৰত নামভৰ্তি মাচুল, অন্যান্য মাচুল আদায় কৰি আহিছে অভিভাৱকৰ পৰা। আনহাতে আন একাংশই প্ৰয়োজনীয় আন্তঃগাঁথনিৰ অবিহনেই চলাই আহিছে বিদ্যালয়।

তাৰোপৰি এই বিদ্যালয়বোৰে নিজৰ প্ৰতিষ্ঠানত নিয়োগ কৰা শিক্ষক আৰু কৰ্মচাৰীত তেনেই তাকৰীয়া দৰমহা দি এক প্ৰকাৰৰ শ্ৰম শোষণ কৰি আহিছে। এক কথাত ক’বলৈ গ’লে ব্যক্তিগত বিদ্যালয় স্থাপন কৰাটো এটা ভাল লাভজনক ব্যৱসায়ত পৰিণত হৈছে ৰাজ্যখনত। যাৰ ফলত গুণগত শিক্ষাৰ কথাটো তেনেই তল পৰি ৰৈছে।