• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বৰদিনৰ উচাহৰ মাজতে ৰাজ্যখনৰ কেইবাঠাইতো পথ দুৰ্ঘটনা

এন ই নাও নিউজ by এন ই নাও নিউজ
December 25, 2017 9:13 pm
Road-Accident

প্ৰতিনিধিত্বমূলক চিত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যখনৰ বিভিন্ন ঠাইত উলহ-মালহেৰে বৰদিন উদযাপন চলি থকাৰ সময়তে ৰাজ্যখনৰ বিভিন্ন ঠাইত সংঘটিত হৈছে কেইবাটাও পথ দুৰ্ঘটনা। যাৰ ফলত আজি পবিত্ৰ বৰদিনৰ দিনটোতে কোনো কোনোৱে নিজৰ প্ৰাণ হেৰুৱাৰ বিপৰীতে আন কোনো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হ’ব লগা হৈছে।

তেজপুৰ

আজি বিশ্বনাথৰ পানীভঁৰালত এক পথ দুৰ্ঘটনা সংঘটিত হয়। জানিব পৰা মতে আজি পুৱা এখন দ্ৰুতবেগী ইন’ভা আৰু স্কুটিৰ মাজত মুখামুখি সংঘৰ্ষ হয় যাৰ ফলত এজন লোক নিহত হয়। নিহত স্কুটী আৰোহী জনক বিজয় দাস বুলি চিনাক্ত কৰাৰ লগতে তেওঁঁ বিশ্বনাথৰ দক্ষিণ ভিৰ গাঁৱৰ গাঁওবুঢ়া আছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

নুমলীগড়

আজি পৱিত্ৰ বৰদিনৰ দিনটোতে নুমলীগড় আৰক্ষী চকীৰ অন্তৰ্গত নুমলীগড় শোধনাগাৰৰ নগৰাঞ্চলত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা। প্ৰাপ্ত তথ্য মতে নুমলীগড় শোধনাগাৰৰ বিষয়া দিলীপ কুমাৰ বৰুৱাৰ এ এছ ০১ দি কে ৫৬৫৩ নম্বৰৰ স্ক’ৰপিঅ গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই তীব্ৰ বেগেৰে সুভাষ গগৈ নামৰ এটি শিশুক খুন্দা মৰাত শিশুটি থিতাতে নিহত হয়। দুৰ্ঘটনাটোত থিতাতে নিহত হোৱা সুভাষ গগৈ নামৰ ৬ বছৰীয়া শিশুটি হ’ল দুলীয়াজানৰ নিবাসী গৌতম গগৈৰ পুত্ৰ। জানিব পৰা মতে গৌতম গগৈয়ে পুত্ৰ সুভাষ গগৈৰ সৈতে দুলীয়াজানৰ পৰা নুমলীগড় শোধনাগাৰৰ নগৰাঞ্চলৰ সম্পৰ্কীয় ব্যক্তিৰ ঘৰলৈ ফুৰিবলৈ আহিছিল।

পাঠশালা

বজালীৰ পাটাছাৰকুছিত এখন দ্ৰুতবেগী ট্ৰাকৰ খুন্দাৰ ফলত এজন লোক নিহত হোৱাৰ লগতে দুটি শিশু আহত হয়। দুৰ্ঘটনাটোত নিহত হোৱা লোকজন বাক্সাৰ ভেৰভেৰি অঞ্চলৰ নুৰ মহম্মদ আৰু দুৰ্ঘটনাটোত আহত শিশু দুটিক পাঠশালা হাস্পটেলত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে।

গুৱাহাটী

মহানগৰীখনৰ বিভিন্ন ঠাইত বৰদিন উদযাপন কৰি থকাৰ সময়তে এক পথ দুৰ্ঘটনা সংঘটিত হয়। জানিব পৰা মতে মহানগৰীৰ ভঙাগড় উৰণীয়া সেঁতুৰ সমীপত এখন দ্ৰুতবেগী বাহনে মহটিয়াই নিয়ে এজন স্কুটী আৰোহীক। যাৰ ফলত স্কুটী আৰোহীজন দুৰ্ঘটনাস্থলীতে নিহত হয়। নিহত হোৱা স্কুটি আৰোহীজন কৌশিক কলিতা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

বকো

আজি পৱিত্ৰ বৰদিনৰ মাজতে বকোত সংঘটিত দুটাকৈ পৃথক ভয়ংকৰ পথ দুৰ্ঘটনাই অঞ্চলটোত বৰদিনৰ আনন্দ ম্লান কৰাৰ লগতে অঞ্চলটোত শোকাকুল পৰিৱেশৰ সৃষ্টি কৰে। জানিব পৰা মতে আজি বকোৰ আগছিয়াত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত ভাৰত পেট্ৰ’লিয়ামৰ এখন দ্ৰুতবেগী ট্ৰাকে শিশুকন্যাসহ এগৰাকী মহিলাক খুন্দা মাৰে। ফলত দুৰ্ঘটনাটোত তৰুলতা ৰাভা নামৰ মহিলাগৰাকী থিতাতে নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত ৩ বছৰীয়া শিশুটি। প্ৰাপ্ত তথ্য মতে বকোৰ আগছিয়াৰ নিবাসী মহিলাগৰাকী তেওঁৰ শিশু কন্যাসহ চাইকেইলত আহি আছিল।

ইফালে বকোৰে লামপাৰা অঞ্চলত সংঘটিত অন্য এক পথ দুৰ্ঘটনাত আন এগৰাকী মাহিলা নিহত হয়। জানিব পৰা মতে ঘৰৰ সন্মুখতে এখন তীব্ৰ বেগী মটৰচাইকেলৰ খুন্দাত মহিলাগৰাকী গুৰুতৰভাৱে আহত হয়। দুৰ্ঘটনাটোত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মহিলা গৰাকীক উন্নত চিকিৎসাৰ বাবে জি এম চি এইচলৈ নিয়াৰ পথতে মহিলাগৰাকীয়ে মৃত্যুক সাবটি লয়। নিহত মহিলাগৰাকী হীৰা মালি বুলি জানিব পৰা গৈছে। মন কৰিব লগীয়া যে দুৰ্ঘটনা সংঘটিত কৰিয়েই মটৰচাইকেল আৰোহীদ্বয়ে পলায়ন কৰিছিল যদিও আৰক্ষীয়ে ইতিমধ্যে দুৰ্ঘটনা সংঘটিত কৰা এ এছ ০১ দি জে ৭৭৪৫ নম্বৰৰ বাহনখন জব্দ কৰিবলৈ সক্ষম হয়।

 

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

September 18, 2025 7:31 pm
খিলঞ্জীয়াৰ গাত হাত দি বিপদত আৰক্ষী অধীক্ষক লীনা দলে : ধুবুৰীৰ পৰা আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ শাস্তিমূলক বদলি

খিলঞ্জীয়াৰ গাত হাত দি বিপদত আৰক্ষী অধীক্ষক লীনা দলে : ধুবুৰীৰ পৰা আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ শাস্তিমূলক বদলি

September 18, 2025 7:25 pm
মেৰাপানীৰ সীমান্তত উত্তেজনা : প্ৰতিবাদকাৰীৰ প্ৰতিৰোধৰ সন্মুখীন হ’ল নাগালেণ্ড আৰক্ষী

মেৰাপানীৰ সীমান্তত উত্তেজনা : প্ৰতিবাদকাৰীৰ প্ৰতিৰোধৰ সন্মুখীন হ’ল নাগালেণ্ড আৰক্ষী

September 18, 2025 6:45 pm
মানকাচৰৰ চক্ৰ বিষয়াৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ; ন্যায় বিচাৰিছে ভুক্তভোগীয়ে

মানকাচৰৰ চক্ৰ বিষয়াৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ; ন্যায় বিচাৰিছে ভুক্তভোগীয়ে

September 18, 2025 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

September 18, 2025 7:31 pm
খিলঞ্জীয়াৰ গাত হাত দি বিপদত আৰক্ষী অধীক্ষক লীনা দলে : ধুবুৰীৰ পৰা আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ শাস্তিমূলক বদলি

খিলঞ্জীয়াৰ গাত হাত দি বিপদত আৰক্ষী অধীক্ষক লীনা দলে : ধুবুৰীৰ পৰা আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ শাস্তিমূলক বদলি

September 18, 2025 7:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd