বৃহস্পতিবাৰে বৰপেটা জিলাৰ চেঙা ৰাজহ চক্ৰৰ অন্তৰ্গত বহৰি মিনি ষ্টেডিয়ামত বৰপেটা জিলা প্ৰশাসনৰ উদ্যোগত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণ সন্দৰ্ভত এখন সজাগতা সভা অনুস্থিত হয়৷মৌজাদাৰ মহিবুল হুছেইনে সভাপতিত্ব কৰা সভাখনত অঞ্চলটোৰ প্ৰায় দুই শতাধিক লোক উপস্থিত থাকে। সভাখনত অংশগ্ৰহণ কৰি বৰপেটা জিলাৰ অতিৰিক্ত উপায়ুক্ত পুলক পাটগিৰিয়ে কয় যে ৩১ ডিচেম্বৰৰ মাজনিশা প্ৰকাশ পাবলগীয়া এন আৰ চিৰ প্ৰথমখন খচৰা প্ৰথম জানুৱাৰীৰ পুৱা ৮ বজাৰ পৰা এন আৰ চি সহায়ক কেন্দ্ৰত উপলব্ধ হ’ব। ইয়াৰুপৰি উক্ত খচৰাখন অনলাইন তথা আবেদনকাৰী সকলে প্ৰ-পত্ৰত উল্লেখ কৰা ফোন নম্বৰত এচ এম এচ যোগেও লাভ কৰিবলৈ সক্ষম হ’ব বুলি তেওঁ জানিবলৈ দিয়ে৷অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে এই ক্ষেত্ৰত ৰাইজৰ সহযোগিতা বিচাৰি শান্তি-শৃংখলা অটুট ৰাখিবলৈ আহ্বান জনায়৷সভাত বৰপেটা জিলা অগপৰ উপ- সভাপতি তথা সমাজকৰ্মী ৰবিউল হুছেইনে ৰাইজক উৰা বাতৰিত ভীতিগ্ৰস্ত নহ’বলৈ অনুৰোধ জনোৱাৰ লগতে ৰাইজক সজাগ কৰিবলৈ বিভিন্ন ঠাইত সজাগতামূলক সভা অনুষ্ঠিত কৰাৰ বাবে বৰপেটা জিলা প্ৰশাসনক ধন্যবাদ জনায়৷আনহাতে বৰপেটা জিলা উপ আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই ৰাইজে যাতে কোনো পৰিস্থিতিতে আইন হাতত তুলি নলয় তাৰ বাবে সকলোকে আহ্বান জনাই। চেঙা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰাজীৱ কুমাৰ দাসে উদ্দেশ্য বাখ্যা কৰা সজাগতা সভাখনত চেঙা সমষ্টিৰ প্ৰাক্তন বিধায়ক লিয়াকত আলী খান, ডি আৰ পি অনুৰাগ খন্দকাৰ, তাৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ আবুল কালাম তালুকদাৰেও ভাষণ প্ৰদান কৰে।সভাখনত উপস্থিত ৰাইজৰ প্ৰশ্নৰ উত্তৰ প্ৰদান কৰে বৰপেটা জিলাৰ অতিৰিক্ত উপায়ুক্ত পুলক পাটগিৰিয়ে।
বৰপেটাত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণ সন্দৰ্ভত সজাগতা সভা অনুস্থিত
-
By NE NOW NEWS
- Categories: অসম
Related Content
বিদেশত মেডিকেল পঢ়িবলৈ গৈ মাৰাত্মক বিপদত ভাৰতীয় শিক্ষাৰ্থী; সতৰ্ক কৰি দিলে বিদেশ মন্ত্ৰালয়ে
By
এন ই নাও নিউজ
May 18, 2024 2:53 pm
সম্বিৎ ঘূৰি অহা নাই স্মাৰ্ট আৰক্ষীৰ! গুৱাহাটীত সপ্তম শ্ৰেণীৰ কিশোৰীক অপহৰণ কৰি ধৰ্ষণ
By
এন ই নাও নিউজ
May 18, 2024 2:45 pm
মেঘালয়মুখী হৈছে অসমৰ মদৰ দামত অতিষ্ঠ সুৰাপায়ী! ৩৩% হ্ৰাস পাইছে সুৰাৰ বিক্ৰী
By
এন ই নাও নিউজ
May 18, 2024 1:36 pm
ৰে’লযাত্ৰীৰ বাবে ডাঙৰ খবৰ! ৰে’ল সেৱাৰ বাতিলকৰণ, সময় পুনৰ নিৰ্ধাৰণ আৰু নিয়ন্ত্ৰণ তথা পথ পৰিৱৰ্তন
By
এন ই নাও নিউজ
May 18, 2024 1:34 pm
ৰঞ্জিত-আইজং পাহৰি যাওক : আপোনাৰ ভঁৰাল ভৰাবলৈ আহিছে প্ৰচুৰ, শতাব্দী আৰু পাটকাই
By
এন ই নাও নিউজ
May 18, 2024 12:16 pm
শ্বাহৰুখক লৈ প্ৰীতি জিন্তাই কৰা মন্তব্যত তোলপাৰ বলীউডত! কি এনে কথা ক’লে প্ৰীতিয়ে?
By
এন ই নাও নিউজ
May 18, 2024 11:57 am