বৰপেটাৰ সৰভোগ বিদ্যুৎ উপ-সংমণ্ডলত স্থানীয় ৰাইজৰ শক্তি মন্ত্ৰীৰ পুত্তলিকা দাহ

বৰপেটা জিলাৰ সৰভোগ বিদ্যুৎ উপ-সংমণ্ডলৰ অন্তৰ্গত মইনাপাৰাত শুকুৰবাৰে নিশা প্ৰায় ৯ মান বজাত ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজে শক্তিমন্ত্ৰী পল্লৱলোচন দাসৰ পুত্তলিকা দাহ কৰে।

উল্লেখযোগ্য যে প্ৰায় ৪ দিনৰ পূৰ্বে সৰভোগ বিদ্যুৎ উপ-সংমণ্ডলৰ কেইজনমান কৰ্মাচাৰীয়ে গোপনে আহি কোনো ট্ৰেন্সফৰ্মাৰৰ পৰা বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰি থৈ যায়। ফলত অঞ্চলটোৰ কেইবাখনো গাঁৱৰ ৰাইজে অন্ধকাৰত থাকিব লগীয়া হৈছে।

আনহাতে ছাত্ৰ-ছাত্ৰী পৰীক্ষাৰ সময়ত এনেদৰে বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰাত ছাত্ৰ-ছাত্ৰী সকল ব্যাপক সমস্যাৰ সন্মুখীন হ’ব লগীয়া হৈছে।

ইফালে অঞ্চলটোৰ কৃষকসকলে এই সময়ত ধানৰ খেতিৰ লগতে বিভিন্ন ধৰণৰ শাক-পাচলিৰ খেতি কৰে। কিন্তু বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰি দিয়াৰ বাবে কৃষক সকেল তেওঁলোকৰ খেতি পথাৰত পানী যোগান ধৰিব নোৱাৰাৰ ফলত তেওঁলোকৰ শস্য সমূহ পানীৰ অভাৱত নষ্ট হবলৈ ধৰিছে।

ফলত স্থানীয় ৰাইজ আৰু ছাত্ৰ-ছাত্ৰী সকল অতিষ্ঠ হৈ শুকুৰবাৰে নিশা প্ৰায় ৯ মান একগোট হৈ শক্তিমন্ত্ৰীৰ পুত্তলিকা দাহ কৰে।

প্ৰতিবাদী সকলে ‘শক্তিমন্ত্ৰী হায় হায়, বিজেপি চৰকাৰ হায় হায়, সৰভোগ বিদ্যুৎ উপ-সংমণ্ডলৰ মইমতালি নচলিব, আগতিয়াকৈ জাননী নিদিয়াকৈ বিদ্যুৎ কৰ্তন কৰা নচলিব’ আদি প্ৰতিবাদী শ্ল’গানেৰে অঞ্চলটো উত্তাল কৰি তোলে।লগতে প্ৰতিবাদী সকলে ইয়াৰ পিছতো যদি বিভাগৰ গা-নলৰে তেতিয়া ইয়াতকৈও জংগী আন্দোলন গঢ়ি তুলিব বুলি সকীয়াই দিয়ে।