বৰপেটা জিলাত ক্ষিপ্ৰ গতিত চলিছে এন আৰ চিৰ পুনৰীক্ষণৰ কাম

সমগ্ৰ ৰাজ্যৰ লগতে বৰপেটা জিলাতো যুদ্ধকালীন তৎপৰতাৰে চলিছে এন আৰ চিৰ তথ্য পুনৰীক্ষণৰ কাম। বৰপেটা জিলাৰ উপায়ুক্ত থানেশ্বৰ মালাকাৰ আৰু দণ্ডাধীশসকলৰ নেতৃত্বত তথ্য পুনৰীক্ষণৰ বাবে পৃথক পৃথকভাৱে কেইবাটাও দল গঠন কৰি ঘৰে ঘৰে যোৱাটো পৰিলক্ষিত হৈছে। উল্লেখযোগ্য যে ভালে সংখ্যক লোকৰ জমা দিয়া নথি-পত্ৰত বিসংগতি দেখা পোৱা গৈছে। ইয়াৰে কিছুসংখ্যকে প্ৰ-পত্ৰৰ সৈতে প্ৰয়োজনীয় নথি-পত্ৰ যোগান ধৰিব পৰা নাই । যোৱা ১ ডিচেম্বৰৰ পৰা বৰপেটাত আৰম্ভ হোৱা পুনৰীক্ষণ প্ৰক্ৰিয়াত প্ৰত্যেকঘৰ মানুহৰ ঘৰত গৈ তন্ন তন্নকৈ পৰীক্ষা কৰা হৈছে নথি-পত্ৰসমূহ। জানিব পৰা মতে এই প্ৰক্ৰিয়া বৰ্তমান সময়লৈকে নিয়াৰিকৈ আৰু অতি শান্তিপূৰ্ণভাৱে চলি আছে আৰু বৰপেটাবাসী ৰাইজে এই ক্ষেত্ৰত প্ৰশাসনক সহায়-সহযোগিতা কৰা দেখিবলৈ পোৱা গৈছে।

উল্লেখযোগ্য যে ADGP পল্লৱ ভট্টাচাৰ্য্যই এন আৰ চিৰ কামকাজ যাতে পূৰ্ণগতিত আৰু নিয়াৰিকৈ চলে তাৰ ওপৰত চোকা দৃষ্টি ৰখাৰ কৰাৰ লগতে যাতে কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে সাজু হৈ থকা বুলি জানিব দিছে। তদুপৰি আৰক্ষীয়ে এন আৰ চি সম্পৰ্কত ছ’চিয়েল মিডিয়াত হকে-বিহকে মন্তব্য কৰা বা পোষ্ট কৰাসকলৰ  বিৰুদ্ধে চোকা দৃষ্টি ৰাখিব । তাৰবাবে ইতিমধ্যে  ২০ জন আৰক্ষী বিষয়াই  হাৰিয়ানাত প্ৰশিক্ষণ লৈছে ।