ভূমিস্খলনৰ ফলত বন্ধ হৈ পৰা মণিপুৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পুনৰ মুকলি

Goods-trucks-passing-the-newly-repaired-portion-of-Imphal-Jiribam-highway-on-Tuesday-1-570x320

মণিপুৰত শেহতীয়াভাৱে হোৱা ভূমিস্খলন আৰু বানপানীৰ ফলত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ইম্ফল-জিৰিবাম পথত আবদ্ধ হৈ থকা প্ৰায় ৪০০ খন মালবাহী ট্ৰাক ইম্ফললৈ ৰাওনা হোৱা বুলি এক শুত্ৰৰ পৰা জানিব পৰা গৈছে। ঘাইপথৰ মেৰামতিৰ কাম সম্পূৰ্ণ হোৱাৰ পাছতে ৰাওনা হোৱা এই ট্ৰাকসমূহৰ অধিকাংশই ইতিমধ্যে ইম্ফলত উপস্থিত হৈছে।

উল্লেখ্য যে কিছুদিন পূৰ্বে পশ্চিম ইম্ফলৰ চিনাম আৰু লাইজাং গাঁৱৰ মাজৰ ঘাইপথত হঠাতে হোৱা ভূমিস্খলন আৰু বানপানীৰ ফলত এই মালবাহী ট্ৰাকসমূহ ননি জিলাৰ তুপুল অঞ্চলত আবদ্ধ হৈ পৰিছিল।

উল্লেখ্য যে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ইম্ফল-জিৰিবামৰ ২২২ কিলোমিটাৰ পথত সঘনাই সংঘটিত হৈ থকা ভূমিস্খলনৰ ফলত অঞ্চলটোৰে যাতায়াত কৰা লোকসকল বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে। বৰ্তমান এই পথছোৱাৰ মেৰামতিৰ কাম সম্পূৰ্ণ কৰি তুলিছে নেশ্যনেল হাইৱে’ ইনফ্ৰাষ্ট্ৰাক্সাৰ ডেভেলপমেণ্ট কৰ্প’ৰেশ্যন লিমিটেডে।

ইফালে চৰকাৰী শুত্ৰই জনোৱা অনুসৰি ৰাজ্যৰ কিছু অঞ্চলত এতিয়াও বান পৰিস্থিতি অপৰিৱৰ্তিত অৱস্থাত আছে যদিও বেছিভাগ অঞ্চলৰে বান পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে।

আনহাতে মণিপুৰৰ ২৬৯খন গাঁৱৰ মুঠ ৫১,৬৮৯ জন লোক এই বানত আক্ৰান্ত হোৱাৰ উপৰি এই পৰ্যন্ত ৮ জন লোক মৃত্যুমুখত পৰিছে বুলি সাহায্য আৰু দুৰ্যোগ প্ৰশমন সঞ্চালকালয়ৰ তৰফৰ পৰা জনায়। তাৰোপৰি মণিপুৰৰ এই প্ৰলয়ংকাৰী বানে ১০ খন জিলাৰ ২৩,৪৬৩ টা পৰিয়ালৰ লগতে ৪,১৬৭ হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হয়।

প্ৰশাসনৰ তৰফৰ পৰা ৰাজ্যত স্থাপন কৰা মুঠ ১৫৫টা অস্থায়ী বান শিবিৰত বানাক্ৰান্ত অঞ্চলৰ প্ৰায় ৫০,৩৭২ জন লোকক সংস্থাপন দিয়া হৈছে।

উল্লেখ্য যে মণিপুৰৰ ৰাজ্যপাল নাজমা হেপতুল্লাহৰ অনুৰোধত ৰাজ্যখনৰ বহুতো লোকে বানাক্ৰান্ত লোকসকলক সহায় কৰাৰ উদ্দেশ্যে মুখ্য মন্ত্ৰীৰ সাহায্য পুজিত আৰ্থিক অনুদানো আগবঢ়াইছে। আনহাতে ৰাজ্যৰ স্বাস্থ্য বিভাগেও বানাক্ৰান্ত অঞ্চল সমূহত স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰি বিনামূলীয়া চিকিৎসা প্ৰদান কৰিছে।

ইফালে মণিপুৰত হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্থ লোকসকলক সহায় কৰাৰ উদ্দেশ্যে ৰাজ্যখনৰ বিভিন্ন স্বেচ্ছাসেৱী সংস্থাসমূহো আগবাঢ়ি অহাত বানাক্ৰান্ত লোকসকল যথেষ্ট উৎসাহী হোৱা পৰিলক্ষিত হোৱাৰ লগতে বিভিন্ন জনে এই সংগঠনসমূহক ধন্যবাদ জনায়।