আদিবাসীসকলৰ অনুসূচিত জনজাতিৰ মৰ্য্যাদাৰ ক্ষেত্ৰত ভৌগোলিক সীমা আঁতৰাই দিয়াৰ দাবী

সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই অসমত থকা ৬০ লাখ আদিবাসী লোকৰ জনজাতিকৰণৰ বাট মুকলিৰ এক পথ হিচাপে আদিবাসীসকলৰ জনজাতিৰ স্বীকৃতিৰ ক্ষেত্ৰত থকা ভৌগোলিক সীমা (area restriction) নোহোৱা কৰাৰ আহ্বান জনাইছে। উল্লেখযোগ্য যে বিহাৰ, ছট্টিশগড়, ঝাৰখণ্ড, মধ্য প্ৰদেশ, উৰিষ্যা, ত্ৰিপুৰা আৰু পশ্চিম বংগত বাস কৰা আদিবাসীসকলে অনুসূচিত জনজাতিৰ মৰ্য্যাদা লাভ কৰাৰ বিপৰীতে অসমত থকা আদিবাসীসকলে অন্যান্য পিছপৰা জাতিৰ মৰ্যাদাহে লাভ কৰি আছে। সম্প্ৰদায়টোৱে বহুদিনৰ পৰা অনুসূচিত জনজাতিৰ মৰ্য্যাদা বিচাৰি চৰকাৰৰ ওচৰত দাবী তুলি আহিছে। কিন্তু তেওঁলোকৰ এই দীৰ্ঘদিনীয়া দাবীয়ে বিশেষ ফল লাভ কৰা নাই। আজিও ছাত্ৰ সংগঠনটোৱে তিনিচুকীয়া জিলাৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত এক চাৰি ঘণ্টীয়া ধৰ্ণা কাৰ্য্যসূচী পালন কৰে। কাৰ্য্যসূচীৰ শেষত তেওঁলোকে জিলাৰ উপায়ুক্ত অইনাম চৰণ কুমাৰ সিঙৰ জৰিয়তে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ নিজৰ দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰে। এই সৰল সমাধান সূত্ৰৰ কথা উল্লেখ কৰি সংগঠনটোৰ নেতাসকলে কয় যে অসমত থকা আদিবাসীসকলে স্বাভাৱিকভাৱেই অনুসূচিত জনজাতিৰ মৰ্য্যাদা পাব লাগে। অসমত আদিবাসীসকলক চাহ-জনজাতি বা প্ৰাক্তন চাহ জনজাতি হিচাপে অভিহিত কৰা হয়, যিটোৱে তেওঁলোকক জনজাতীয় মৰ্য্যাদাৰ পৰা বঞ্চিত কৰি আহিছে। ”প্ৰকৃত ছবিখন হ’ল অসমত থকা আদিবাসীসকলৰ আধাতকৈ কম সংখ্যকেহে চাহ বাগিচাৰ কৰ্মী হিচাপে কাম কৰে। বেছিভাগেই খেতিবাতি আৰু অন্যান্য জীৱিকাত লিপ্ত হৈ আছে। আমাৰ পূৰ্বপুৰুষ হ’ল জনজাতি আৰু আনবোৰ ৰাজ্যত আমাৰ ককাই-ভাইবোৰ হ’ল জনজাতি। জনজাতিৰ সকলো প্ৰয়োজনীয় বৈশিষ্ট্য থকাৰ পিছতো আৰু ৰাজ্যখনৰ অৰ্থনীতিলৈ বৃহৎ বৰঙনি আগ বঢ়োৱাৰ পিছতো তথা ৰাজ্যখনৰ ৰাজনৈতিক সুস্থিৰতাত অৱদান দিয়াৰ পিছতো তেওঁলোকক তেওঁলোকৰ প্ৰাপ্য জনজাতীয় মৰ্য্যাদাৰ পৰা বঞ্চিত কৰি আহিছে। আমি আদিবাসীসকলক জনজাতিৰ মৰ্য্যাদা অতি শীঘ্ৰে প্ৰদান কৰিবলৈ দাবী জনাইছো।” এইদৰে কয় তিনিচুকীয়া জিলা আছাৰ সম্পাদক ৰামানুছ লাক্ৰাই কয়। লাক্ৰাৰ মতে অসমত আদিবাসীসকলৰ ৩৫ টা উপ-গোট আছে।
উল্লেখযোগ্য যে মোদীয়ে বিগত অসম বিধানসভা নিৰ্বাচনৰ নিৰ্বাচনী সভাত ভাষণত অসমৰ ছটা জনগোষ্ঠীক জনজাতিৰ মৰ্য্যাদা দিয়াৰ প্ৰতিশ্ৰুতি দিছিল, যাৰ ভিতৰত এই আদিবাসীসকলো আছিল। আন পাঁচটা জনগোষ্ঠী আছিল তাই আহোম, মৰান, মটক, চুতীয়া আৰু কোচ ৰাজবংশী। আনহাতে আছাৰ তিনিচুকীয়া জিলাৰ সভাপতি ৰাজা কুজুৰে কয় যে কেন্দ্ৰত ইতিপূৰ্বে আদিবাসীসকলক অনুসূচিত জনজাতি বুলি স্বীকৃতি দিয়া হৈছে। কিন্তু অসমত দিয়া নাই। এই ক্ষেত্ৰত থকা ভৌগোলিক সীমা আঁতৰাই দিব লাগে। তেতিয়া আপোনা-আপুনি আদিবাসীসকলে স্বীকৃতি পাব।